অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিম না-য়ং

লিম না-য়ং (ইংৰাজী: Lim Na-young; জন্ম: ১৮ ডিচেম্বৰ, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী, গায়িকা আৰু ৰেপাৰ। এমনেটৰ ৰিয়েলিটী চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ৰ প্ৰথম ছিজনত দশম স্থান দখল কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ আই.অ’.আই.

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লিম না-য়ং (ইংৰাজী ভাষা: Lim Na-young; জন্ম: ১৮ ডিচেম্বৰ, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী, গায়িকা আৰু ৰেপাৰ। এমনেটৰ ৰিয়েলিটী চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ৰ প্ৰথম ছিজনত দশম স্থান দখল কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ আই.অ’.আই. (I.O.I) আৰু পিষ্টিনৰ প্ৰাক্তন সদস্য তথা দলনেত্ৰী আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লিম না-য়ঙৰ জন্ম হৈছিল ১৯৯৫ চনৰ ১৮ ডিচেম্বৰত কোৰিয়া প্ৰজাতন্ত্ৰৰ ছিউল বিশেষ চহৰৰ গোৱানাক জিলাত।১ তেওঁ মুহাক গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ডংডুক ৱিমেন্স ইউনিভাৰ্চিটিৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।২

কেৰিয়াৰ

২০১৬: প্ৰডিউচ ১০১ আৰু আই.অ’.আই.-ৰ সৈতে আত্মপ্ৰকাশ

২০১৬ চনত এটা অনুষ্ঠানত লিম
২০১৬ চনত এটা অনুষ্ঠানত লিমছবি: 참소혜 · CC BY 4.0

২০১৬ চনৰ ২২ জানুৱাৰীৰপৰা ১ এপ্ৰিললৈ লিমে এমনেটৰ ৰিয়েলিটী চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ত অংশগ্ৰহণ কৰিছিল, য’ত দক্ষিণ কোৰিয়াৰ বিভিন্ন সংস্থাৰ ১০১ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছিল।৩ প্লেডিছ এণ্টাৰটেইনমেণ্টৰপৰা অহা পাঁচগৰাকী অংশগ্ৰহণকাৰী বাদ পৰিছিল আৰু কেৱল লিম আৰু কিউলকিউংহে আই.অ’.আই.-ৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল। তেওঁ মুঠ ১,৩৮,৭২৬টা ভোট লাভ কৰি দশম স্থান দখল কৰিছিল।৪ ৪ মে’ত আই.অ’.আই.-য়ে তেওঁলোকৰ প্ৰথমটো ই.পি. ক্ৰিচালিছ আৰু ইয়াৰ মুখ্য চিংগল ড্ৰিম গাৰ্লছৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।৫

২০১৭–২০১৯: আই.অ’.আই. আৰু পিষ্টিন ভংগ

২০১৭ চনৰ ২৯ জানুৱাৰীত আই.অ’.আই. ভংগ হোৱাৰ পিছত প্লেডিছ এণ্টাৰটেইনমেণ্টে ঘোষণা কৰে যে লিম আৰু কিউলকিউঙে ২১ মাৰ্চত পিষ্টিনৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰিব। একেদিনাই পিষ্টিনে তেওঁলোকৰ প্ৰথমটো ই.পি. হাই! পিষ্টিন আৰু ইয়াৰ মুখ্য চিংগল উই উ মুক্তি দিয়ে।৬

২০১৮ চনৰ ১৭ মে’ত প্লেডিছ এণ্টাৰটেইনমেণ্টে পিষ্টিনৰ চাব-গ্ৰুপ পিষ্টিন ভি গঠন কৰে আৰু লিম ইয়াৰ অন্যতম সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁলোকে ২৮ মে’ত চিংগল এলবাম লাইক এ ভি-ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।৭

২০১৯ চনৰ ২৪ মে’ত পিষ্টিন আনুষ্ঠানিকভাৱে ভংগ হয়৮ আৰু প্লেডিছ এণ্টাৰটেইনমেণ্টে ঘোষণা কৰে যে লিমে লেবেলটো ত্যাগ কৰিব।৯ ২২ আগষ্টত তেওঁ চাবলাইম আৰ্টিষ্ট এজেন্সীৰ সৈতে এক একচেটিয়া চুক্তিত স্বাক্ষৰ কৰে।১০ চাৰিদিন পাছত তেওঁক পৰ্যটনস্থলী ইনচাদঙৰ প্ৰচাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হয়।১১

২০২০–বৰ্তমান: একক কেৰিয়াৰৰ আৰম্ভণি

২০২১ চনত লিম
২০২১ চনত লিমছবি: mang2goon · CC BY 3.0

২০২১ চনৰ ২৮ জানুৱাৰীত লিমে ৰহস্যধৰ্মী ধাৰাবাহিক ফ্লাৱাৰ অফ ইভিলত কিশোৰী ডো হেই-চুৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। একে বছৰতে তেওঁ ৱেব ড্ৰামা চামাৰ গাইজত তেওঁৰ আই.অ’.আই.-ৰ প্ৰাক্তন সতীৰ্থ কাং মি-নাৰ সৈতে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে।১২ ১ এপ্ৰিলত নিশ্চিত কৰা হয় যে গটচেভেনৰ (Got7) চয় ইয়ং-জাইৰ সৈতে লিমক লেভিছ ৰেডৰ (Levi's Red) প্ৰচাৰমূলক শিল্পী হিচাপে নিৰ্বাচিত কৰা হৈছে।১৩ ৭ এপ্ৰিলত মুক্তি পোৱা চামাৰ গাইজৰ সংগীতত লিমে "চ’ চ’" (So So) গীতটোত কণ্ঠদান কৰে।১৪ তেওঁ টুৱেণ্টি হেকাৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু ছবিখনৰ বাবে "নট জাষ্ট ফ্ৰেণ্ডছ" গীতটো গায়।১৫ ইয়াৰ উপৰি ১৫ এপ্ৰিলত মুক্তি পোৱা টুৱেণ্টি হেকাৰৰ সংগীতৰ চতুৰ্থ অংশত তেওঁ "উইথ অল মাই হাৰ্ট" আৰু "লাইক দ্য টু অফ আছ" শীৰ্ষক দুটা গীত মুকলি কৰে।১৬ ৭ মে’ত মুক্তি পোৱা কে.বি.এচ.২-ৰ (KBS2) ধাৰাবাহিক ইমিটেশ্যনত তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰে।১৭ তেওঁ কে.বি.এচ.১-ৰ (KBS1) ধাৰাবাহিক অ’ভাৰ টু ইউত হিউন-আৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছিল। ২৯ জুনত লিমক আই লাভড ইউ নামৰ সংগীত নাটকখনত অভিনয় কৰিবলৈ নিশ্চিত কৰা হয়, যাৰ প্ৰিমিয়াৰ ১৪ আগষ্টত হৈছিল। ১ ডিচেম্বৰত লিমক হ্ৰস্ব দৈৰ্ঘ্যৰ ভৌতিক ছবি ৪:৪৪ ছেকেণ্ডৰ বাবে বাছনি কৰা হয়, যিখন ২০২৪ চনৰ ১ নৱেম্বৰত মুক্তি পাইছিল।১৮১৯

২০২৩ চনৰ ৭ জুলাইত ঘোষণা কৰা হয় যে লিমে 'এচেনডিঅ’'ৰ (Ascendio) সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে।২০ একে বছৰতে তেওঁক ঘৰুৱা ধাৰাবাহিক আনপ্ৰেডিক্টেবল ফেমিলিত অভিনয় কৰিবলৈ বাছনি কৰা হয়। ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁ নতুনকৈ প্ৰতিষ্ঠিত 'মাস্ক ষ্টুডিঅ’'ৰ সৈতে এক একচেটিয়া চুক্তিত স্বাক্ষৰ কৰে।২১ ২৬ ছেপ্টেম্বৰত তেওঁক কোৰিয়ান-জাপানীজ যুটীয়া সংগীত ধাৰাবাহিক নেবিউলাত অভিনয়ৰ বাবে মনোনীত কৰা হয়।২২

তথ্যসূত্ৰ

  1. ↑ Han, Eun-jeong. (May 12, 2016). ko:(TONG) (TONG이 간다) 아이오아이(I.O.I) 입덕 입문서. The JoongAng
  2. ↑ (August 31, 2020). ko:'아이오아이·프리스틴 출신' 임나영, 동덕여대 졸업 "한 발짝 성장" (스타엿보기). Daeum. Choi Hye-jin
  3. ↑ Lee, Nancy. (December 18, 2015). 101 Trainees in Mnet′s ′Produce 101′ to be Unveiled Beginning Today (12/18). Mwave. enewsWorld
  4. ↑ Seon, Mi-kyung. (April 2, 2016). ko:'프로듀스101' 전소미, 1위 지켰다..이변없는 I.O.I 멤버 11인 확정(종합). Nate. Osen
  5. ↑ (January 18, 2017). I.O.I tops charts with last single. News Naver. Naver
  6. ↑ (March 23, 2017). আৰ্কাইভ কপি. E News. Naver
  7. ↑ (May 17, 2018). ko:프리스틴(PRISTIN), 28일 첫 유닛 '프리스틴 V' 출격..커밍순 이미지 공개. Top Star News. Naver
  8. ↑ (May 24, 2019). ko:결경·나영 속한 프리스틴, 데뷔 2년 만ে 해체. Naver
  9. ↑ (May 24, 2019). ko:플레디스 측 "프리스틴 해체..결경·예하나·성연 제외한 멤버 계약해지" (공식입장). NewsPim
  10. ↑ (August 22, 2019). ko:아이오아이 출신 임나영, 새 소속사 써브라임 전속계약 '다방면 활동'. News1
  11. ↑ ko:아이오아이 임나영, 인사동 문화지구 홍보대사 발탁. The Dong-A Ilbo
  12. ↑ (January 28, 2021). ko:미드폼 드라마 '썸머가이즈', KT Seezn 공개. Korean Broadcasting System
  13. ↑ ko:갓세븐 영재X임나영, 글로벌 데님 브랜드 캠페인 아티스트 선정 '훈훈 케미'. Xports News
  14. ↑ (April 7, 2021). ko:임나영이 부른 '썸머가이즈' OST. Naver
  15. ↑ (March 29, 2021). ko:'트웬티 해커' 임나영, 첫 영화 주연→OST 참여 '활약'. Naver
  16. ↑ (April 15, 2021). ko:온맘다해(트웬티해커OST Part.4). Melon
  17. ↑ (March 15, 2021). ko:KBS 측 "'이미테이션' 5월 7일 첫방 확정, '디어엠' 편성은 아직 논의 중" (공식). Naver
  18. ↑ Jung, Hee-yeon. (December 1, 2021). ko:유지애·김소정→온유·성열 '4분 44초' 캐스팅 (공식). Sports Donga
  19. ↑ (October 14, 2024). ko:샤이니 온유 주연 스낵 호러 '4분 44초', 11월 1일 개봉. YTN. Kang Nae-ri
  20. ↑ (July 7, 2023). ko:임나영, 아센디오와 전속계약.."활발한 활동으로 보답". Seoul Broadcasting System
  21. ↑ (February 19, 2024). ko:함은정→임나영, 신생 마스크스튜디오와 전속계약.."소속 배우 지원+신인개발 박차" (공식). My Daily. Park Seo-yeon
  22. ↑ (September 26, 2024). ko:'네뷸라' 베일 벗었다..아이오아이 출신 임나영→티아라 큐리 캐스팅. Alpha Biz

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়ান অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিম না-য়ং” প্ৰবন্ধৰ সংশোধন ৬০০৭৭৯ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।