অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লী য়ন

লী য়ন (কোৰিয়ান: 이연; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৫) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২২ চনত নেটফ্লিক্সত প্ৰচাৰিত দক্ষিণ কোৰিয়ান নাটক জুভেনাইল জাষ্টিছত বেক চং-উ নামৰ পুৰুষ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লী য়ন (কোৰিয়ান: 이연; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৫)১ হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২২ চনত নেটফ্লিক্সত প্ৰচাৰিত দক্ষিণ কোৰিয়ান নাটক জুভেনাইল জাষ্টিছত বেক চং-উ নামৰ পুৰুষ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।২

কৰ্মজীৱন

লী য়নে ২০১৮ চনত দক্ষিণ কোৰিয়ান চলচ্চিত্ৰ এননিমাছ-ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছে, যাৰ ভিতৰত ২০২১ চনৰ দক্ষিণ কোৰিয়ান নেটফ্লিক্স নাটক ডি.পি.ত মুখ্য অভিনেতা জং হে-ইন অভিনীত চৰিত্ৰটোৰ কনিষ্ঠ ভগ্নীৰ ভূমিকাত এটি কেমিঅ’ উপস্থিতিও অন্তৰ্ভুক্ত।৩৪

তেওঁৰ গুৰুত্বপূৰ্ণ সফলতা আহে ২০২২ চনৰ নেটফ্লিক্স নাটক জুভেনাইল জাষ্টিছৰ জৰিয়তে, য’ত তেওঁ ১৩বছৰীয়া কিশোৰ বেক চং-উৰ চৰিত্ৰত অভিনয় কৰে, যিজন নাটকখনৰ প্ৰথম দুটা খণ্ডত এজন বিদ্যালয়ৰ ছাত্ৰক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হয়। মহিলা হোৱা সত্বেও আৰু সেই সময়ছোৱাত তেওঁৰ কোৰিয়ান বয়স ২৮ বছৰ হোৱা সত্বেও, সুস্থ-মগজুৰ হত্যাকাৰীৰ ৰূপত তেওঁৰ অভিনয় আৰু ৰূপান্তৰণ দৰ্শক আৰু সমালোচকৰপৰা প্ৰশংসা লাভ কৰে।৫৬ জুভেনাইল জাষ্টিছ-ত তেওঁৰ অভিনয়ৰ ফলস্বৰূপে তেওঁ ৫৮ সংখ্যক বেকছাং কলা বঁটাত "শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী" বঁটা লাভৰ বাবে মনোনয়ন লাভ কৰে, যদিও শেষত বঁটাখন কিম হ্যে-জুন-ক প্ৰদান কৰা হয়।৭৮ লী য়নে বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বহুমুখী প্ৰতিভাৰ শক্তিশালী আৰু প্ৰশংসনীয় পৰিচয় দিছে।

তথ্যসূত্ৰ

  1. ↑ Lee Yeon (이연). HanCinema
  2. ↑ Moon Ji-yeon. (17 March 2022). ko:(인터뷰①) '소년심판' 이연 "'여배우인줄 몰랐다'는 반응 기분 좋아". Sports Chosun. Daum
  3. ↑ Do Hye-min. (28 February 2022). আৰ্কাইভ কপি. 허프포스트코리아. Huffington Post
  4. ↑ (27 February 2022). 《少年法庭》13歲少年犯是27歲女演員「李妍」!本人IG曝光曾出演《D.P:逃兵追緝令》. Yahoo News
  5. ↑ (1 March 2022). 《少年法庭》從第一集就吸引觀眾目光的是她!27歲女演員李妍超反轉!劇中變身未滿14歲的觸法少年. KSD Korea Star Daily
  6. ↑ Pierce Conran. (2 March 2022). Review: K-drama review: Juvenile Justice on Netflix – Kim Hye-soo proves an indomitable force amid series' legal thrills and strong cast. South China Morning Post
  7. ↑ (12 April 2022). 'All of Us Are Dead,' 'The Red Sleeve,' 'Squid Game' bag 58th Baeksang Arts Awards nominations. Manila Bulletin
  8. ↑ (11 April 2022). Netflix A Noticeable Presence In 58th Baeksang Arts Award Nominations. Forbes

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লী য়ন” প্ৰবন্ধৰ সংশোধন ৬০০৭৮১ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।