অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিয়োনী কোতলাভলা

লিয়োনী আয়ুন্থা ৱীৰাচিংঘে (১৮ ছেপ্টেম্বৰ ১৯৪৪ – ১৯ জুন ২০২২), যি জনপ্ৰিয়ভাৱে লিয়োনী কোতলাভলা (ইংৰাজী: Leonie Kotalawala) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লিয়োনী আয়ুন্থা ৱীৰাচিংঘে (১৮ ছেপ্টেম্বৰ ১৯৪৪ – ১৯ জুন ২০২২), যি জনপ্ৰিয়ভাৱে লিয়োনী কোতলাভলা (ইংৰাজী ভাষা: Leonie Kotalawala) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল।১ সাত দশকৰো অধিক জোৰা কেৰিয়াৰত কোতলাভলাই ১৯৬২ চনত মেহেৱ লোকায়া নাটকত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী শ্ৰীলংকাৰ মঞ্চ অভিনেত্ৰী হিচাপে পৰিচিত।২

প্ৰাৰম্ভিক জীৱন

১৯৪৪ চনৰ ১৮ ছেপ্টেম্বৰত ব্ৰিটিছ চিলনৰ কলম্বোত তেওঁৰ জন্ম হৈছিল। তেওঁ কলম্বোৰ গুড শেফৰ্ড কনভেণ্টত অধ্যয়ন কৰিছিল। লিয়োনীয়ে ফটোগ্ৰাফাৰ তিচ্ছা কোতলাভলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু পিছলৈ নিজৰ উপাধি ৱীৰাচিংঘেৰ পৰা কোতলাভলালৈ সলনি কৰিছিল। ১৯৯৯ চনত তিচ্ছাৰ মৃত্যু হয়। তেওঁৰ চাৰিজন পুত্ৰ আছিল, যিসকল সকলোৱে বিদেশত বাস কৰিছিল। তেওঁ বেছিভাগ সময় নিজৰ নাতি-নাতিনীৰ সৈতে কটাইছিল।৩

পুত্ৰৰ ভাষ্য অনুসৰি তেওঁ কিছু দিন ধৰি অসুস্থ হৈ আছিল। ২০২২ চনৰ ১৯ জুনত ৭৮ বছৰ বয়সত কলম্বোৰ নিজ গৃহত তেওঁৰ মৃত্যু হয়।৪ ২০২২ চনৰ ২২ জুনত কানেট কবৰস্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

কেৰিয়াৰ

মাত্ৰ সাত বছৰ বয়সতে তেওঁ নাট্য জগতত প্ৰৱেশ কৰিছিল। সেই সময়ত ৰেডিঅ’ চিলনত কৰ্মৰত তেওঁৰ খুৰাক ষ্টেনলী বিমলাৱীৰাক অনুসৰণ কৰি পিছলৈ তেওঁ এগৰাকী ৰেডিঅ’ নাট্যকাৰ হৈ পৰিছিল।৫ ১৯৬৯ চনত তেওঁক এগৰাকী এ-গ্ৰেডৰ গায়িকা হিচাপে স্বীকৃতি দিয়া হয়। ১২ বছৰ বয়সত তেওঁ জি. ডি. এল. পেৰেৰাৰ নাটক মানামালাকামাত যোগদান কৰে। ১৯৬১ চনত ১৭ বছৰ বয়সত তেওঁ চামা নামৰ নাটকত অভিনয় কৰে আৰু ইয়াৰ পিছত মেহেৱ লোকায়া, ৰাথু ৰোচা আদি নাটকত অভিনয় কৰে।৬ ১৯৬২ চনত সেই নাটকখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰীলংকা আৰ্টছ কাউন্সিলৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।৭ ইয়াৰ মাজতে তেওঁ সেই সময়ৰ আগশাৰীৰ ৰেডিঅ’ নাট্য প্ৰযোজক সুগথপালা ডি ছিলভা আৰু কৰুণাৰত্নে অমৰাচিংঘেৰ অধীনত কাম কৰাৰ সুযোগ পাইছিল।

ইয়াৰ পিছতেই পেৰেৰাই একে নামৰ চামা বোলছবিখন নিৰ্মাণ কৰে আৰু তেওঁক মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়ে। ইয়াৰ জৰিয়তে তেওঁৰ বাবে চাণ্ডালি, বজ্ৰা, বোৰাডিয়া পুকুনা, চুলং কিৰিলী, বন্ধনয় আৰু দাভেনা বিহাগুন আদি ছবিত অভিনয়ৰ পথ মুকলি হয়।৩ কোতলাভলা দূৰদৰ্শনৰ এজন জনপ্ৰিয় অভিনেতা আছিল। ১৯৮২ চনত তেওঁক সোমাগে চিহিনায়াৰ জৰিয়তে প্ৰথম টেলিড্ৰামাৰ চৰিত্ৰ আগবঢ়োৱা হয়।৮ তেওঁ কেইবাখনো ধাৰাবাহিকত উল্লেখযোগ্য অভিনয় কৰিছিল, যাৰ ভিতৰত নালান মেণ্ডিছৰ নেদেয়োত "আগিডাহামী"ৰ চৰিত্ৰ আৰু তিলক গুণৱৰ্ধনাৰ কুমাৰীহামীত "মেৰী"ৰ চৰিত্ৰ অন্যতম।৫ ১৯৮৮ চনত তেওঁ কুমাৰীহামী ধাৰাবাহিকত "মেৰী" চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ টেলিড্ৰামা অভিনেত্ৰীৰ UNDA বঁটা লাভ কৰে।৩ একেটা চৰিত্ৰৰ বাবে তেওঁ সেই বছৰতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ OCIC বঁটাও লাভ কৰে।৬

২০২০ চনত ৰাইগাম টেলিছ (Raigam Tele'es)ত তেওঁক বিশেষ বঁটাৰে সন্মানিত কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ Veteran actress Leoni Kotalawala passes away. Sarasaviya
  2. ↑ (19 June 2022). Veteran actress Leonie Kotalawala passed away. Sri Lanka News - Newsfirst
  3. ↑ https://www.pressreader.com/sri-lanka/daily-mirror-sri-lanka/20121231/282699044463902
  4. ↑ Madushanki, Dilini. (19 June 2022). Veteran actress Leonie Kotalawala passes away at 78 years. Ceylon Today
  5. ↑ (23 June 2022). The moon goes down in art: Leoni Kotalawala. sarasaviya
  6. ↑ Rathanasekara, Sahan. (19 June 2022). Veteran actress Leonie Kothalawala has passed away. NewsWave LK English
  7. ↑ Veteran actress Leonie Kotalawala passes away. MSN
  8. ↑ Online edition of Daily News - Features. archives.dailynews.lk
  9. ↑ (23 September 2020). Sudu Andagena Kaḷu Avidin wins awards. Sarasaviya

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিয়োনী কোতলাভলা” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৫৬ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।