অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিলি-ৰোজ ডেপ

লিলি-ৰোজ মেলোডি ডেপ (ইংৰাজী: Lily-Rose Melody Depp; জন্ম: ২৭ মে', ১৯৯৯) এগৰাকী ফৰাচী–আমেৰিকান অভিনেত্ৰী আৰু মডেল। অভিনেতাজনী ডেপ আৰু গায়িকা ভেনেছা পেৰাডিছৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা ডেপে টাস্ক (২০১৪) চলচ্চিত্ৰত সৰু ভূমিকা লৈ অভিনয় জীৱন আৰম্ভ কৰে আৰু ইয়াৰ পিছত ফেশ্বন মডেল হিচাপেো নিজৰ কেৰিয়াৰ…

হালনাগাদ: ২০ মে’ ২০২৬ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

লিলি-ৰোজ মেলোডি ডেপ (ইংৰাজী: Lily-Rose Melody Depp; জন্ম: ২৭ মে', ১৯৯৯) এগৰাকী ফৰাচী–আমেৰিকান অভিনেত্ৰী আৰু মডেল। অভিনেতাজনী ডেপ আৰু গায়িকা ভেনেছা পেৰাডিছৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা ডেপে টাস্ক (২০১৪) চলচ্চিত্ৰত সৰু ভূমিকা লৈ অভিনয় জীৱন আৰম্ভ কৰে আৰু ইয়াৰ পিছত ফেশ্বন মডেল হিচাপেো নিজৰ কেৰিয়াৰ গঢ়ি তোলে। তেওঁ পিৰিয়ড নাটক দ্য ডান্সাৰ (২০১৬), ৰোমাণ্টিক কমেডী এ ফেইথফুল মেন (২০১৮), আৰু ঐতিহাসিক নাটক দ্য কিং (২০১৯) চলচ্চিত্ৰত অভিনয় কৰে।

২০২৩ চনত ডেপে এইচ বি অ'ৰ টেলিভিছন নাটক ধাৰাবাহিক দ্য আইডলত অভিনয় কৰে আৰু ইয়াৰ চাউণ্ডট্ৰেকত তেওঁৰ একক গান "ৱান অৱ দ্য গাৰ্লছ"ৰ জৰিয়তে অৰিহণা যোগায়, যি বিলবোৰ্ড হট ১০০ তালিকাত স্থান লাভ কৰে আৰু স্পটিফাইত এক বিলিয়ন ষ্ট্ৰীম অতিক্ৰম কৰে। তেওঁ গথিক ভয়ানক চলচ্চিত্ৰ নছফেৰাটু (২০২৪)ত কৰা অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

লিলি-ৰোজ মেলোডি ডেপৰ জন্ম ১৯৯৯ চনৰ ২৭ মে' তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰৰ ধনী উপনগৰ নিউইলি-ছুৰ-ছেনত অৱস্থিত আমেৰিকান হাস্পতাল অৱ পেৰিছত হৈছিল।১২১ তেওঁ আমেৰিকান অভিনেতাজনী ডেপ আৰু ফৰাচী গায়িকা আৰু অভিনেত্ৰী ভেনেছা পেৰাডিছৰ কন্যা।১৩ তেওঁৰ এজন সৰু ভাতৃ আছে, যাৰ নাম জন ক্ৰিষ্টোফাৰ "জেক" ডেপ তৃতীয়।৪ ফৰাচী অভিনেত্ৰী এলিছন পেৰাডিছ তেওঁৰ পেহী।৫

পিতৃৰফালৰপৰা তেওঁ মূলতঃ ইংৰাজ বংশৰ, লগতে কিছু ফৰাচী, জাৰ্মান আৰু আইৰিছ বংশৰো।৬৭ তদুপৰি তেওঁৰ পিতৃৰ পূৰ্বপুৰুষ এলিজাবেথ কী গ্ৰীনষ্টেডৰ জৰিয়তে তেওঁৰ আফ্ৰিকান বংশধৰো আছে, যিয়ে ১৬৫৬ চনত উত্তৰ আমেৰিকাৰ উপনিৱেশত নিজৰ স্বাধীনতাৰ বাবে মামলা কৰি জয়লাভ কৰা প্ৰথম আফ্ৰিকান-আমেৰিকানসকলৰ মাজৰ অন্যতম আছিল।৭

ডেপ ঔপন্যাসিক ফ্ৰান্সোৱা-মেৰী বেনিয়েৰ আৰু গায়িকা মেৰিলিন মেনছনৰ গডড'টাৰ।৮ জন্মৰপৰাই তেওঁ টেবলয়ড আৰু সংবাদ মাধ্যমৰ মনোযোগৰ কেন্দ্ৰ হৈ আহিছে, যাৰ ভিতৰত তেওঁৰ জন্মদিন,৯১০ সমাজিক অনুষ্ঠানত উপস্থিতি,১১ আৰু তেওঁৰ ফেশ্বন শৈলীৰ পৰ্যালোচনা অন্তৰ্ভুক্ত।১২

২০১২ চনত, ১৪ বছৰ একেলগে থকাৰ পিছত তেওঁৰ পিতৃ-মাতৃ পৃথক হয় আৰু তেওঁৰ যৌথ তত্ত্বাৱধানৰ ব্যৱস্থা কৰে।১৩ তেওঁ নিজৰ সময় লছ এঞ্জেলছ, পেৰিছ আৰু নিউয়ৰ্ক চহৰৰ মাজত ভাগ কৰে।১৪ ২০১৬ চনত তেওঁ নিজৰ অভিনয় কেৰিয়াৰত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ হাইস্কুল এৰি দিয়ে।১৫

তথ্যসূত্ৰ

  1. ↑ Sager, Jessica. (May 30, 2023). Johnny Depp's 2 Kids: Everything to Know. People
  2. ↑ Doeden, Matt. (2011). Johnny Depp: Hollywood Rebel. Twenty-First Century Books. পৃ. 57. ISBN 9780761364207
  3. ↑ * Vogue Australia. (February 4, 2019). Lily-Rose Depp Interview * Spanos, Brittany. (June 9, 2023). The Weeknd and Lily-Rose Depp Roll Out New Music From HBO's 'The Idol'. Rolling Stone
  4. ↑ (April 18, 2002). Baby boy for Depp and Paradis. BBC
  5. ↑ Bailey, Leanne. (February 5, 2015). Johnny Depp has got married to Amber Heard. Glamour Magazine UK
  6. ↑ Robb, Brian J. (2006). Johnny Depp: A Modern Rebel. Plexus Publishing. ISBN 978-0-85965-385-5
  7. ↑ Oldenberg, Ann. (June 26, 2013). 'Lone Ranger' stars have roots in historic figures. USA Today
  8. ↑ Cooper, Leonie. (September 22, 2017). Marilyn Manson: The most famous Satanist in the world talks politics, family and collecting human skeletons. NME
  9. ↑ Reed, Sam. (May 29, 2015). Cool Teen Lily-Rose Depp Celebrates 'Sour Sixteen'. The Hollywood Reporter
  10. ↑ Donnelly, Erin. (May 29, 2015). Lily-Rose Depp Had A "Sour Sixteen," Is Coolest Teen Ever. Refinery29
  11. ↑ Thistlewaite, Felicity. (April 1, 2015). A chip off the old block: Johnny Depp's daughter Lily-Rose attends fashion show. Express
  12. ↑ Ledbetter, Carly. (April 4, 2015). 9 Reasons Why Lily-Rose Depp Is Fashion's Latest 'It' Girl. Huffington Post
  13. ↑ Peters, Sam. (May 24, 2014). Johnny Depp and me: Vanessa Paradis on acting, gigging and life after a break up. The Independent
  14. ↑ Taylor, Trey. (December 13, 2019). Lily-Rose Depp on Hollywood, beauty and dropping out of high school. The Face
  15. ↑ (August 10, 2016). Lily-Rose Depp: 'I never thought about getting into acting'. Buro 24/7. NewsLifeMedia

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলি-ৰোজ ডেপ” প্ৰবন্ধৰ সংশোধন ৬০৭৩৯৭ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।