অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিলি বাৰ্বাৰ

লিলি মেৰী ক্লাইনডিনষ্ট (Lillie Mary Clinedinst; জন্ম:-৩ মাৰ্চ, ১৮৮৫ – ১৮ মে', ১৯৮৫)এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু শ্ৰমিক কৰ্মী আছিল।

হালনাগাদ: ১৭ জুলাই ২০২৫ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লিলি মেৰী ক্লাইনডিনষ্ট (Lillie Mary Clinedinst; জন্ম:-৩ মাৰ্চ, ১৮৮৫ – ১৮ মে', ১৯৮৫)এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু শ্ৰমিক কৰ্মী আছিল।১

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

১৮৮৫ চনৰ ৩ মাৰ্চত ভাৰ্জিনিয়াৰ ৰকি মাউণ্টত জেমছ ৰেণ্ডলফ বাৰ্বাৰ আৰু এবিগেল ফাৰ্গুচন বাৰ্বাৰৰ ঘৰত লিলি বাৰ্বাৰে জন্মগ্ৰহণ কৰিছিল৷ ১৯২৪ চনৰ আশে-পাশে নেভাদালৈ যোৱালৈকে বাৰ্বাৰে ভাৰ্জিনিয়াত বাস কৰিছিল আৰু তাতে কাম কৰিছিল।২

১৯২৫ চনত বাৰ্বাৰে জোচেফ বি ক্লাইনডিনষ্টক বিয়া কৰায়, যিয়ে পূৰ্বে তেওঁৰ কাষত ভাৰ্জিনিয়া ব্যুৰো অৱ লেবাৰৰ কাৰখানা পৰিদৰ্শক হিচাপে কাম কৰিছিল আৰু পিছলৈ নেভাদা ৰাজ্যিক শ্ৰম আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩৪৫

সক্ৰিয়তা

বাৰ্বাৰ শ্ৰমিক আন্দোলন, মহিলাৰ ভোটাধিকাৰ, শিশু সুৰক্ষাকে ধৰি একাধিক বিষয়ৰ উল্লেখযোগ্য সমৰ্থক আছিল।৬

শ্ৰমিক সংগঠক

১৯০০ চনৰ আৰম্ভণিতে বাৰ্বাৰে চিলাইকৰ্মী আৰু বস্ত্ৰ কাৰখানাৰ শ্ৰমিক হিচাপে কাম আৰম্ভ কৰে৷ তেওঁ ভাৰ্জিনিয়াৰ ৰ'আনোকত থকা ইউনাইটেড গাৰ্মেণ্ট ৱৰ্কাৰছ অৱ আমেৰিকাৰ ৪৮ নং স্থানীয় সংঘৰ সদস্য আছিল।৭ ইউনিয়নৰ ব’ৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হৈ লিলিয়ে ইয়াৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯১০ চনত ভাৰ্জিনিয়া ফেডাৰেচন অৱ লেবাৰৰ ধৰ্মঘট সমিতিৰ তেওঁ সদস্য আছিল, য'ত তেওঁ ইউনিয়নৰ সদস্যসকলক কেৱল ইউনিয়নত নিৰ্মিত কাপোৰ কিনিবলৈ উৎসাহিত কৰিছিল।৮

১৯১৫ চনৰ পৰা ১৯১৬ চনলৈকে বাৰ্বাৰ ফেডাৰেচনৰ বিধানসভা সমিতিৰ সক্ৰিয় সদস্য আছিল, ভাৰ্জিনিয়া সাধাৰণ পৰিষদক আইন প্ৰয়োগকাৰী, প্ৰথম সঁহাৰিদাতা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাবে বৃদ্ধি কৰা সুৰক্ষাকে ধৰি আইন প্ৰণয়ন কৰিবলৈ সফলতাৰে কাম কৰিছিল।৯ মহিলাসকলক আৰক্ষী বিষয়া হ’বলৈ উৎসাহিত কৰিবলৈ সম-নিযুক্তি পদ্ধতিৰ পোষকতাও কৰিছিল। ১৯১৭, ১৯১৯ আৰু ১৯২৬ চনত বাৰ্বাৰ আমেৰিকান ফেডাৰেচন অৱ লেবাৰৰ নিৰ্বাচিত প্ৰতিনিধি আছিল।১০১১১২১৯২১ চনত বাৰ্বাৰ ফেডাৰেচনৰ ৰাজ্যিক সংগঠক হিচাপে নিৰ্বাচিত হয়।১৩ এই ভূমিকাত বাৰ্বাৰে ১৯২২ চনত লুইজিয়ানাকে ধৰি মহিলা শ্ৰমিকসকলক সংগঠিত কৰিবলৈ সমগ্ৰ ভাৰ্জিনিয়া আৰু অন্যান্য ৰাজ্যসমূহ ভ্ৰমণ কৰে।১৪

তথ্যসূত্ৰ

  1. ↑ Lillie Mary Barbour – Nevada Women's History Project. suffrage100nv.org
  2. ↑ Binheim, Max; Elvin, Charles A. (1928). Women of the West; a series of biographical sketches of living eminent women in the eleven western states of the United States of America. Los Angeles, Calif., Publishers Press. পৃ. 139
  3. ↑ J. B. Clinedinst Papers. University of Nevada, Reno. Special Collections Department Repository
  4. ↑ Washoe County, Nevada, Marriage Register, Book H, 66, Washoe County Marriage Department, Reno, NV
  5. ↑ (1926). International Molders' Journal. International Molders' Union of North America. পৃ. 680
  6. ↑ Dictionary of Virginia Biography - Lillie Mary Barbour Biography. www.lva.virginia.gov
  7. ↑ (1913). Hill's Roanoke, Va. City Directory. Hill Directory Company
  8. ↑ (1914). The Garment Worker: Official Organ of the United Garment Workers of America. United Garment Workers of America
  9. ↑ Labor, Virginia State Federation of. (1913). Official Proceedings of the Annual Convention
  10. ↑ (1917). Report of Proceedings of the .. Annual Convention of the American Federation of Labor
  11. ↑ Labor, American Federation of. (1919). Protokoll Der .. Jahres-convention Der American Federation of Labor
  12. ↑ Labor, American Federation of. (1926). Official Report of Proceedings of the .. Annual Convention of the American Federation of Labor
  13. ↑ Richmond Evening Dispatch, 6 Apr. 1921
  14. ↑ Reno Nevada State Journal, 16 July 1925; Proceedings of the Ninth Annual Convention of the Association of Governmental Labor Officials of the United States and Canada…1922 (1923), 27, 33

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলি বাৰ্বাৰ” প্ৰবন্ধৰ সংশোধন ৫২৪৭৮০ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।