নাওমি গ্ৰেচ স্কট (ইংৰাজী ভাষা: Naomi Grace Scott; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু গায়িকা। সংগীতভিত্তিক টেলিভিছন চলচ্চিত্ৰ ‘লেমনেড মাউথ’ (২০১১) আৰু ইয়াৰ একে নামৰ চাউণ্ডট্ৰেকত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ কল্পবিজ্ঞান ধাৰাবাহিক ‘টেৰা নোভা’ (২০১১) আৰু ছুপাৰহিৰো ছবি ‘পাৱাৰ ৰেঞ্জাৰ্ছ’ (২০১৭)-ত অভিনয় কৰিছিল।
২০১৯ চনৰ একচন কমেডী ছবি ‘চাৰ্লিছ এঞ্জেলছ’ত নেতৃত্ব দি আৰু ফেণ্টাচী ছবি ‘আলাদিন’ত জেছমিনৰ চৰিত্ৰত অভিনয় কৰি স্কটে ব্যাপক চৰ্চা লাভ কৰিছিল। অভিনয়ৰপৰা অলপ দিনৰ বিৰতিৰ পিছত তেওঁ নেটফ্লিক্সৰ মিনি ছিৰিজ ‘এনাটমী অৱ এ স্কেণ্ডেল’ (২০২২) আৰু ভৌতিক ছবি ‘স্মাইল ২’ (২০২৪)-ত অভিনয় কৰে। তেওঁৰ প্ৰথমটো ষ্টুডিঅ’ এলবাম ‘এফ.আই.জি.’ (F.I.G.) ২০২৬ চনত মুক্তি লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
নাওমি স্কটৰ জন্ম ১৯৯৩ চনৰ ৬ মে'ত লণ্ডনৰ হাউন্সলোত হৈছিল।১ তেওঁৰ পিতৃ এজন ব্ৰিটিছ নাগৰিক ক্ৰিষ্টোফাৰ স্কট আৰু মাতৃ এগাৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা ঊষা (জন্মনাম যোশী); তেওঁলোকে ১৯৮৪ চনত বিবাহপাশত আবদ্ধ হৈছিল।২ তেওঁৰ মাতৃ উগাণ্ডাত জন্মগ্ৰহণ কৰিছিল আৰু সৰু কালতে যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল; তেওঁ এগৰাকী গুজৰাটী মহিলা।৩৪৫ স্কটৰ যিহোচূৱা ডেভিড নামৰ এজন ককায়েক আছে, যাৰ জন্ম ১৯৯১ চনত হৈছিল।৬
আঠ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে লণ্ডনৰ উডফৰ্ডলৈ গুচি যায়,৭ য’ত তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকী ‘ব্ৰীজ চাৰ্চ’ৰ পাদুৰী আছিল।৮ তেওঁ গস্পেল আৰু আৰ এণ্ড বি (R&B) সংগীত, বিশেষকৈ গায়ক কিম বাৰেল, মেৰী মেৰী আৰু কিৰ্ক ফ্ৰেংকলিনৰ গান শুনি আৰু গীৰ্জাত গান গাই ডাঙৰ-দীঘল হৈছিল।৯
স্কটে এসেক্সৰ লফটনত অৱস্থিত ডেভেনাণ্ট ফাউণ্ডেশ্যন স্কুলত পঢ়া-শুনা কৰিছিল।১০ অভিনয় জগতত মনোনিৱেশ কৰিবলৈ তেওঁ নিজৰ ‘এ-লেভেল’ অধ্যয়নৰ মাজতে স্কুল এৰিছিল।১১
ব্যক্তিগত জীৱন
স্কট এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী ব্যক্তি।১২ তেওঁ খ্ৰীষ্টান দাতব্য সংস্থা ‘কম্পেছন ইণ্টাৰনেশ্যনেল’ৰ যুক্তৰাজ্যৰ এগৰাকী ৰাষ্ট্ৰদূত, যিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিশু আৰু পৰিয়ালসমূহক সহায় কৰে।১৩৪১৪ তেওঁ ‘একজিমা’ নামৰ চৰ্মৰোগত আক্ৰান্ত।১৫ সৰুৰেপৰা কাৰাটে চৰ্চা কৰা স্কট এগৰাকী ব্লেক বেল্টধাৰী। এই কাৰাটে প্ৰশিক্ষণে তেওঁক ‘পাৱাৰ ৰেঞ্জাৰ্ছ’ আৰু ‘চাৰ্লিছ এঞ্জেলছ’ৰ চৰিত্ৰত অভিনয় কৰাত সহায় কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে।
চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৪ চনৰ জুন মাহত স্কটে ইংৰাজ ফুটবলাৰ জৰ্ডান স্পেন্সৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৬১৭ তেওঁলোক দুয়োৰে প্ৰথম সাক্ষাৎ ১৬ বছৰ বয়সত গীৰ্জাত হৈছিল।১১১৮
তথ্যসূত্ৰ
- ↑ Eksouzian-Cavadas, Ana. (31 May 2019). Everything You Need To Know About Naomi Scott. Elle Australia
- ↑ Salam, Erum. (24 May 2019). The fairest of them all? Two cheers for Aladdin's browner Princess Jasmine. The Guardian
- ↑ Swertlow, Meg. (16 July 2017). 5 Things You Need to Know About Aladdin's New Princess Jasmine, Naomi Scott. E! Online
- ↑ (22 May 2019). Who Is Naomi Scott? 11 Things You Need To Know About The Actress Playing Jasmine In 'Aladdin'. Elle.com
- ↑ Naomi Scott. Empire Online
- ↑ Leadership - The Bridge Church
- ↑ Lack, Hannah. (10 September 2019). Cover Story: Naomi Scott, From Normal Girl to New Superhero. AnOther
- ↑ The Bridge Church Woodford
- ↑ Mahbub, Muhsin. (28 March 2017). Actress Naomi Scott Explains Her Deep Connection With Music. HuffPost
- ↑ Alumni
- ↑ Tsjeng, Zing. (4 September 2019). Naomi Scott on Charlie's Angels and Navigating Hollywood. Teen Vogue
- ↑ Heawood, Sophie. (23 May 2019). Naomi Scott, Disney's New Princess Jasmine, Is Redefining The Fairy Tale For The Modern Age. British Vogue
- ↑ (9 May 2019). Naomi Scott: Meet the Woman Behind the Big Screen. Compassion International
- ↑ Lewis, Casey. (8 October 2015). Meet the Lucky Girl Who Landed the Coveted Role of the New Pink Power Ranger. Teen Vogue
- ↑ Dancer, Rebecca. (4 September 2019). Naomi Scott Opens Up About Having Eczema — Here's What to Do If You Have It Too. Teen Vogue
- ↑ Maitland, Hayley. (15 October 2019). Charlie's Angels Naomi Scott on Turning Director with Husband Jordan Spence. British Vogue
- ↑ Eyre, Hermione. (10 May 2019). Aladdin star Naomi Scott: Hollywood's next big Brit girl, on faith, football and family. The Telegraph
- ↑ (15 November 2019). Kristen Stewart, Naomi Scott, and Ella Balinska Answer the Web's Most Searched Questions · WIRED. YouTube. WIRED
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাওমি স্কট” প্ৰবন্ধৰ সংশোধন ৫৯৯২৮৭ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।