নম্ৰতা সিং গুজৰাল (ইংৰাজী ভাষা: Namrata Singh Gujral) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন চলচ্চিত্ৰ নিৰ্মাতা, প্ৰেৰণাদায়ক বক্তা আৰু অভিনেত্ৰী।
প্ৰাৰম্ভিক জীৱন
গুজৰালৰ জন্ম হিমাচল প্ৰদেশৰ ধৰমশালাত এটা পঞ্জাবী ভাষা শিখ আৰু হিন্দু পৰিয়ালত হৈছিল। তেওঁ অতি কম বয়সতে ভাৰত ত্যাগ কৰিছিল।১
কৰ্মজীৱন
গুজৰালে ২০০১ চনৰ ছবি ট্ৰেনিং ডেৰ জৰিয়তে এগৰাকী অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁ হলিউড ভিত্তিক ষ্টুডিঅ’ 'ইউনিগ্ল’ব এণ্টাৰটেইনমেণ্ট'ৰ সভাপতি হয়, যিটো প্ৰতিষ্ঠানে উত্তৰ আমেৰিকাৰ বজাৰৰ বাবে সামাজিকভাৱে প্ৰাসংগিক আন্তৰ্জাতিক প্ৰকল্পৰ ওপৰত গুৰুত্ব দিয়ে। গুজৰালৰ প্ৰথম প্ৰযোজনা আছিল বিউ ব্ৰীজেছ আৰু উইল হুৱেটন অভিনীত আমেৰিকানাইজিং শ্বেলী (২০০৭)। এই ছবিখন ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ জৰিয়তে ২৪খন দেশত ছবিগৃহত মুক্তি দিয়া হৈছিল।
স্তন কেন্সাৰৰপৰা পৰিত্ৰাণ পোৱাৰ পিছত তেওঁৰ পৰিচালনাৰ অভিষেক ঘটে; তেওঁ ইউনিগ্ল’ব এণ্টাৰটেইনমেণ্টৰ ২০১০ চনৰ কেন্সাৰ ভিত্তিক ডকু-ড্ৰামা ১ এ মিনিট প্ৰযোজনা আৰু পৰিচালনা কৰাৰ লগতে তাত অভিনয়ো কৰে। এই ছবিখনত স্তন কেন্সাৰৰপৰা মুক্তি পোৱা অলিভিয়া নিউটন-জন, ডায়াহান কেৰল, মেলিছা ইথাৰিজ, মমতাজ, জেকলিন স্মিথৰ লগতে কেন্সাৰৰ সৈতে যুঁজি থকা লিজা ৰায়, বাৰ্বৰা মৰী আৰু কেন্সাৰ চিকিৎসাৰ সমৰ্থক দীপক চোপ্ৰা, উইলিয়াম বাল্ডউইন, ডেনিয়েল বাল্ডউইন, প্ৰিয়া দত্ত আৰু নেন্সি ব্ৰিংকাৰ অন্তৰ্ভুক্ত আছিল।
গুজৰালৰ ২০১৮ চনৰ প্ৰকল্প ৫ ৱেডিংছ এখন হলিউড-বলিউড ৰোমাণ্টিক কমেডী ছবি। ইয়াত আন্তৰ্জাতিক তাৰকা ৰাজকুমাৰ ৰাও, নাৰ্গিছ ফখৰী, গোল্ডেন গ্ল’ব মনোনীত ব’ ডেক আৰু একাডেমী বঁটা মনোনীত কেণ্ডি ক্লাৰ্কে অভিনয় কৰিছিল।২৩ ছবিখন ৫৪খন দেশত মুক্তি পাইছিল। এই ছবিখনত ভাৰতীয় বিয়াত নৃত্য কৰা আৰু সামাজিকভাৱে বৰ্জিত হিজৰাসকলৰ জীৱনৰ বিষয়ে আলোকপাত কৰা হৈছে।৪
নিক চিয়াৰ্চি অভিনীত তেওঁৰ ২০২৪ চনৰ ছবি আমেৰিকা, ইনভেডেড ছুইং ষ্টেটসমূহত বহুলভাৱে বিতৰণ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ভোটাৰৰ উপস্থিতি বৃদ্ধিত সহায় কৰা বুলি ধৰা হয়।৫ ফক্স নিউগত পিট হেগছেথৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুজৰালে দাবী কৰিছিল যে তেওঁ এগৰাকী পঞ্জীয়নভুক্ত ডেম’ক্ৰেট যদিও তেওঁ শক্তিশালী সীমা সুৰক্ষাত বিশ্বাস কৰে।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2007-04-01). Namrata Singh Gujral Carves Her Own Niche In Hollywood. Anohki Magazine
- ↑ Panchal, Komal RJ. (2018-10-22). 5 Weddings director Namrata Singh Gujral: I am proud of Rajkummar Rao's journey. The Indian Express
- ↑ Filmmaker Namrata Singh Gujral Wins 'Best Director' Award at DCSAFF. India West
- ↑ (2018-08-29). Transgender angle gave '5 Weddings' substance: Director. Zee News
- ↑ Bond, Paul. (2025-01-12). Film Claims Terrorists Have Successfully Crossed the U.S.-Mexican Border. Newsweek
- ↑ (2020-10-18). Filmmaker on illegal immigration: It needs to be stopped, it's taking lives. Fox News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নম্ৰতা সিং গুজৰাল” প্ৰবন্ধৰ সংশোধন ৫৯৫১২৫ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।