অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়না জেমছ

নয়না জেমছ (:Nayana James; জন্ম: ১৮ অক্টোবৰ ১৯৯৫) লং জাম্প ইভেণ্টত অংশগ্ৰহণ কৰা এগৰাকী ভাৰতীয় খেলুৱৈ। ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ – মহিলাৰ লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে তেওঁৰ স্বদেশী খেলুৱৈ নীনা ভাৰাকিলে ৰূপৰ পদক লাভ কৰে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নয়না জেমছ (:Nayana James; জন্ম: ১৮ অক্টোবৰ ১৯৯৫) লং জাম্প ইভেণ্টত অংশগ্ৰহণ কৰা এগৰাকী ভাৰতীয় খেলুৱৈ।১২৩

২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ – মহিলাৰ লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে তেওঁৰ স্বদেশী খেলুৱৈ নীনা ভাৰাকিলে ৰূপৰ পদক লাভ কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনৰ ১৮ অক্টোবৰত ভাৰতৰ কেৰালা ৰাজ্যৰ এখন জিলা কোজিকোডত নয়নাৰ জন্ম হয়। ৫কোজিকোডৰ ছেইণ্ট জৰ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হৈ থকাৰ সময়তে প্ৰাক্তন খেলুৱৈ কে এম পিটাৰে তেওঁক আৱিষ্কাৰ কৰিছিল। ২০১০ চনত নয়নাই কেৰালাৰ থালাছেৰীত থকা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ প্ৰতিষ্ঠানলৈ স্থানান্তৰিত হয় আৰু প্ৰখ্যাত খেলুৱৈ মায়ুখা জনীৰ প্ৰাক্তন প্ৰশিক্ষক জোচে মেথিউৰ অধীনত প্ৰশিক্ষণ লয়।১

কেৰিয়াৰ

২০১৭ চনত পাটিয়ালাত অনুষ্ঠিত হোৱা ২১ সংখ্যক ফেডাৰেচন কাপ নেচনেল চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জিকাৰ পিছত নয়না খেল জগতত জনপ্ৰিয় হৈ উঠে। নয়নাই লং জাম্প ইভেণ্টত ৬.৫৫ মিটাৰ জাম্প ৰেকৰ্ড কৰে, যিটো কৰি তেওঁ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ পৰিসংখ্যা স্থাপন কৰিছিল।২ পাটিয়ালাত অনুষ্ঠিত ২২ সংখ্যক ফেডাৰেচন কাপত নয়নাই লং জাম্প ইভেণ্টত আন এক স্বৰ্ণ জয় কৰি নিজৰ ধাৰা অব্যাহত ৰাখিছিল।এই বিজয়ে ভাৰতীয় লং জাম্প খেলা শ্ৰেষ্ঠ এথলীটসকলৰ মাজত তেওঁৰ নাম সুপ্ৰতিষ্ঠিত কৰি তোলে।

নয়নাৰ ৬.৫৫ মিটাৰ জাম্পটো লং জাম্প ইভেণ্টৰ ইতিহাসৰ শীৰ্ষ ৫ টা ভাৰতীয় প্ৰদৰ্শনৰ ভিতৰত অন্যতম।১২০১৮ চনত কমনৱেলথ গেমছ মহিলা লং জাম্প ইভেণ্টত দ্বাদশ স্থান দখল কৰে।৫ ২০১৮ চনৰ এছিয়ান ইনড’ৰ গেমছত মহিলাৰ লং জাম্পত ৬.০৮ মিটাৰ জাঁপ দি ৰূপৰ পদক লাভ কৰে নয়নাই।

তথ্যসূত্ৰ

  1. ↑ (2 July 2017). Is Nayana James next big thing after Anju Bobby George. The Times of India
  2. ↑ (2 July 2017). Nayana James steals the thunder at Federation Cup. The Times of India
  3. ↑ (9 November 2011). Nayana James makes big strides. The Asian Age
  4. ↑ (2017-07-10). Asian Athletics Championships 2017: List of all medal winners for India
  5. ↑ Athletics · Athlete Profile: Nayana JAMES - Gold Coast 2018 Commonwealth Games. results.gc2018.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়না জেমছ” প্ৰবন্ধৰ সংশোধন ৫২৪৬৪৮ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।