নাইলা কবীৰ (Naila Kabeer; জন্ম ২৮ জানুৱাৰী ১৯৫০)১ এগৰাকী ব্ৰিটিছ বাংলাদেশী সামাজিক অৰ্থনীতিবিদ, গৱেষক, লেখক আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক। তেওঁ ভাৰতীয় বংশোদ্ভৱ আছিল। কবীৰ ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ ফেমিনিষ্ট ইকনমিকচ্ (আইএএফই)ৰ সভাপতি আছিল।২ তেওঁ ফেমিনিষ্ট ইকনমিষ্ট, ডেভেলপমেণ্ট এণ্ড চেইঞ্জ, জেণ্ডাৰ এণ্ড ডেভেলপমেণ্ট, থাৰ্ড ৱৰ্ল্ড কোৱাটাৰ্লি তথা কানাডিয়ান জাৰ্নেল অৱ ডেভেলপমেণ্ট ষ্টাডিজৰ দৰে আলোচনীসমূহৰ সম্পাদনা সমিতিৰ সদস্য।৩ কবীৰে মুখ্যতঃ দৰিদ্ৰতা, লিংগ আৰু সামাজিক নীতিৰ বিষয়ত কাম কৰে। তেওঁৰ গৱেষণাৰ বিষয়-বস্তু সমূহ হৈছে; লিংগ, দৰিদ্ৰতা, সামাজিক বৰ্জন, শ্ৰমিক বজাৰ আৰু জীৱিকা, সামাজিক সুৰক্ষা, দক্ষিণ আৰু দক্ষিণ পূব এছিয়া ভিত্তিক।
প্ৰাৰম্ভিক জীৱন
১৯৫০ চনৰ ২৮ জানুৱাৰী তাৰিখে, ভাৰতৰ পশ্চিমবংগৰ কলিকতাত নাইলা কবীৰে জন্মগ্ৰহণ কৰিছিল। পৰিয়ালটোৱে পিছত পূব বংগলৈ (বৰ্তমান বাংলাদেশ) প্ৰব্ৰজন কৰে।৪ তেওঁ ভাৰতৰ শ্বিলঙৰ লৰেটো কনভেন্ট বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৯ চনত তেওঁ পৰৱৰ্তী শিক্ষাৰ বাবে যুক্তৰাজ্যলৈ যায়। লণ্ডন স্কুল অৱ ইকনমিকচ্ৰপৰা তেওঁ অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ইউনিভাৰ্চিটি কলেজ লণ্ডনত একে বিষয়ত এম এচচি কৰিছিল। পিছত পিএইচডিৰ বাবে তেওঁ পুনৰ লণ্ডন স্কুল অৱ ইকনমিক্সলৈ উভতি আহিছিল আৰু ১৯৮৫ চনত পিএইচডি সম্পূৰ্ণ কৰিছিল। গৱেষণা কালত বাংলাদেশৰ এখন গাঁৱত তেওঁ ক্ষেত্ৰ অধ্যয়ন কৰিছিল।৫
কৰ্মজীৱন
১৯৮৫ চনত, কবীৰে চাচেক্সৰ ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজত গৱেষক হিচাপে যোগদান কৰে আৰু পিছলৈ ইয়াৰ অধ্যাপক হয়।৬ ২০১০ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ৰ ডেভেলপমেণ্ট ষ্টাডিজৰ অধ্যাপক আছিল।৭ ২০১৩ চনত কবীৰে লণ্ডন স্কুল অৱ ইকনমিকচ্ এণ্ড পলিটিকেল চাইন্সৰ জেণ্ডাৰ ইনষ্টিটিউটত লিংগ আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু এতিয়াও তেওঁ তাতে কাম কৰি আছে। কবীৰ ২০০৪-০৫ চনৰ ভিতৰত চুইডেনৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ কিৰ্ষ্টিন হেচেলগ্ৰেন অধ্যাপক আৰু ২০০৫ আৰু ২০০৬ চনৰ ভিতৰত আন্তৰ্জাতিক উন্নয়ন গৱেষণা কেন্দ্ৰ (ইণ্টাৰনেচনেল ডেভেলপমেণ্ট ৰিচাৰ্ছ চেণ্টাৰ) দক্ষিণ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ চিনিয়ৰ চাবাটিকেণ্ট আছিল।৮ তেওঁ ২০০৯-২০১০ বৰ্ষত ইউ কেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিভাগত জ্যেষ্ঠ গৱেষণা ফেলো হিচাপেও কাম কৰিছিল। তেওঁ ‘ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ’, চাচেক্সৰ এগৰাকী এমিৰিটাছ ফেলো।৮৭
কবীৰ বৰ্তমান নাৰীবাদী সমীক্ষা ন্যাসৰ সম্পাদনা সমিতিৰ উপদেষ্টা পৰিষদৰ সদস্য।৮৭ তেওঁ বেটাৰ ৱৰ্কচ্ৰ পৰামৰ্শদাতা সমিতিতো আছে।৯ বৰ্তমান তেওঁ সামাজিক সুৰক্ষা ৰণনীতি আৰু অনানুষ্ঠানিক অৰ্থনীতিত শ্ৰমিকসকলৰ মাজত নাগৰিকত্বৰ বাবে সংগ্ৰাম (social protection strategies and struggles for citizenship among workers in the informal economy) ভিত্তিক গৱেষণাত নিয়োজিত হৈ আছে।৬ বাংলাদেশ আৰু ভাৰতত লিংগ আৰু শ্ৰমিক বজাৰৰ গতিশীলতা বিষয়ক গৱেষণাৰ সৈতেও কবীৰ জড়িত হৈ আছে। এই গৱেষণাৰ বাবে ই আৰ এছ চি-ডি আই এফ ডি (ERSC-DIFD)য়ে পুঁজি আগবঢ়ায়।
নিৰ্বাচিত গ্ৰন্থপঞ্জী
- কবীৰ, নাইলা. (১৯৮৯). দ্য কোৱেষ্ট ফৰ নেচনেল আইডেণ্টিটি:ৱুমেন, ইছলাম এণ্ড দ্য ষ্টেট ইন বাংলাদেশ. ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ. ISBN ৯৭৮০৯০৩৭১৫২২৫
- কবীৰ, নাইলা. (১৯৯১). জেণ্ডাৰ, প্ৰডাকচন এণ্ড ৱেল বিয়িং:ৰিথিংকিং দ্য হাউচহল্ড ইকনমি. ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ. ISBN ৯৭৮০৯০৩৭১৫৪২৩
- Kabeer, Naila. (১৯৯৪). ৰিভাৰ্ছড ৰিয়েলিটিচ্:জেণ্ডাৰ হাইৰকিজ ইন ডেভেলপমেণ্ট থট. ভাৰ্ছ’ বুকচ্. ISBN ৯৭৮০৮৬০৯১৫৮৪৩
- কবীৰ, নাইলা; সুব্ৰমনিয়ান, ৰাম্যা. (১৯৯৯). ইনষ্টিটিউচনচ্, ৰিলেচনচ্ এণ্ড আউটকামচ্: আ ফ্ৰেমৱৰ্ক এণ্ড কেচ ষ্টাডিজ ফৰ জেণ্ডাৰ-এৱেৰ প্লেনিং. জুবান. ISBN ৯৭৮৮১৮৫১০৭৯৮১
- কবীৰ, নাইলা. (২০০০). দ্য পাৱাৰ টু চুজ:বাংলাদেশী ৱুমেন এণ্ড লেবাৰ মাৰ্কেট ডিচিচনচ্ ইন লণ্ডন এণ্ড ঢাকা. ভাৰ্ছ’ বুকচ্. ISBN ৯৭৮১৮৫৯৮৪৮০৪৩
- কবীৰ, নাইলা; কুক, চাৰা; Suwannarat, Gary. (২০০২). চ’ছিয়েল প্ৰটেকচন ইন এছিয়া. হৰ-আনন্দ পাব্লিকেচনচ্. ISBN ৯৭৮৮১২৪১০৮৮১৯
- কবীৰ, নাইলা. (২০০৩). জেণ্ডাৰ মেইনষ্ট্ৰিমিং ইন পভাৰ্টি এৰাডিকেচন এণ্ড দ্য মিলেনিয়াম ডেভেলপমেণ্ট গ’লচ্. কমনৱেলথ চেক্ৰেটেৰিয়েট. ISBN ৯৭৮০৮৫০৯২৭৫২৮
- কবীৰ, নাইলা; সুব্ৰমনিয়ান, ৰাম্যা; নাম্বিচান, গীতা. (২০০৩). চাইল্ড লেবাৰ এণ্ড ৰাইট টু এডুকেচন ইন চাউথ এছিয়া. চেজ পাব্লিকেচনচ্. ISBN ৯৭৮০৭৬১৯৯৬০১৯
- কবীৰ, নাইলা. (২০০৫). ইনক্লুচিভ চিটিজেনশ্বিপ:মিনিঙচ্ এণ্ড এক্সপ্ৰেচন্স. জেড বুকচ্. ISBN ৯৭৮৮১৮৯০১৩১৬৫
- কবীৰ, নাইলা. (২০০৮). মেইনষ্ট্ৰিমিং জেণ্ডাৰ ইন চছিয়েল প্ৰটেকচন ফৰ দ্য ইনফৰমেল ইকনমি. কমনৱেলথ চেক্ৰেটেৰিয়েট. ISBN ৯৭৮০৮৫০৯২৮৪০২
- কবীৰ, নাইলা. (২০১০). জেণ্ডাৰ এণ্ড চছিয়েল প্ৰটেকচন ষ্ট্ৰেটেজিছ ইন দ্য ইনফৰমেল ইকনমি. ৰটলিজ. ISBN ৯৭৮০৪১৫৫৭৮২৫৭
- কবীৰ, নাইলা; কুক, চাৰা. (২০১০). চ’ছিয়েল প্ৰটেকচন এজ ডেভেলপমেণ্ট পলিচি:এছিয়ান পাৰ্চপেক্টিভচ্. ৰটলিজ. ISBN ৯৭৮০৪১৫৫৮৫৭৩৬
তথ্যসূত্ৰ
- ↑ Kabeer, Naila. Library of Congress
- ↑ Past presidents. International Association for Feminist Economics (IAFFE)
- ↑ About Me – Naila Kabeer
- ↑ (28 January 2013). Prof. Naila Kabeer: Reflections on Researching Women's Empowerment, SOAS, University of London. soasuniversity
- ↑ (7 November 2011). Naila Kabeer: South Asia's 'Daughter Deficit'. IDRCCRDI
- ↑ Naila Kabeer. Institute of Development Studies
- ↑ (4 November 2013). Ninth Confirmed Speaker: Naila Kabeer. LSESU-UCL Economics Conference 2013/14
- ↑ (2 October 2013). Tracking the Gender Politics of the Millennium Development Goals: from the Millennium Declaration to the post-MDG consultations. LSE – London School of Economics and Political Science
- ↑ (28 March 2013). Naila Kabeer joins Better Work Advisory Committee. Better Work
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইলা কবীৰ” প্ৰবন্ধৰ সংশোধন ৪২৪০৪৫ (২৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।