নবীন বৰুৱা (জন্ম- ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ তথা সু-লেখক আৰু প্ৰকাশক। ভাৰতীয় ভাষাৰ প্ৰথমখন কেম্পাছ ন'ভেল (Campus Novel) কটন কলেজৰ জনক।১
জন্ম আৰু পৰিচয়
নবীন বৰুৱাৰ জন্ম হয় ১৯৫৫ চনৰ ৭ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাত। তেওঁৰ পিতৃৰ নাম যদুনাথ বৰুৱা আৰু মাতৃৰ নাম অমিয়া মালতী বৰুৱা। তেওঁ প্ৰথমিক শিক্ষা লাভ কৰে ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু ১৯৬৩ চনত শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰে। ১৯৬৫ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২
কৰ্ম আৰু সাহিত্য জীৱন
নবীন বৰুৱাই ১৯৬৬ চনৰ পৰা ১৯৭৪ চনলৈ মীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। সাপ্তাহিক নীলাচল কাকতৰ ডিচেম্বৰ, ১৯৬৮ সংখ্যাত তেওঁৰ 'এজন বিষণ্ণ ডেকা ল'ৰা' নামৰ লেখা প্ৰকাশ। তেওঁৰ প্ৰথম উপন্যাস 'কটন কলেজ' প্ৰকাশ পায় ১৯৬৯ চনৰ ছমহীয়া নীলাচল কাকতৰ বিহু সংখ্যাত আৰু ধাৰাবাহিকভাৱে যোগেশ দাস সম্পাদিত 'প্ৰহৰী' আলোচনীত 'মন অজন্তা' উপন্যাস প্ৰকাশ পায়। ১৯৭৪ চনৰ ডিচেম্বৰ মাহত আকাশবাণীৰ যুৱবাণী অনুষ্ঠানৰ প্ৰথমগৰাকী প্ৰযোজক হিচাপে যোগদান কৰে আৰু ১৯৮২ চনৰ ৩০ জুনত পদত্যাগ কৰে। ১৯৮৩ চনৰ মাৰ্চ মাহত তেওঁ পূৰ্বাঞ্চল প্ৰিণ্টাৰ্ছ নামৰ এটা প্ৰেছ আৰম্ভ আৰু ১৯৮৯ চনত প্ৰেছটো টেকন'লজিৰ পৰিৱৰ্তনৰ বাবে প্ৰেছটো বন্ধ হয়। ১৯৮৩ চনৰ নৱেম্বৰ মাহৰ ৭ তাৰিখে পূৰ্বাঞ্চল প্ৰকাশন কাম আৰম্ভ কৰে আৰু বৰ্তমানলৈকে তেওঁ এই প্ৰকাশন ব্যৱসায়ৰ লগত জড়িত। তেওঁ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ ১৯৯০ চনত প্ৰথম উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। সন্থাটো একেবাৰে দীৰ্ঘদিন নিষ্ক্ৰিয় হৈ থকাত আৰু দীৰ্ঘদিন অধিৱেশন নপতাৰ কাৰণে সন্থাৰ সভ্যসকলে এখন অধিবেশন আহ্বান কৰি ১৯৯৭ চনত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে আৰু চাৰিবছৰ ধৰি ইয়াৰ দায়িত্ব গ্ৰহণ কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰে। ১৯৯৮ চনত এক নতুন ৰূপত উত্তৰ-পূব গ্ৰন্থমেলাৰ জন্ম হয়। তেওঁ এই গ্ৰন্থমেলাৰ প্ৰতিষ্ঠাপক সভাপতি নিৰ্বাচিত হয়। চাৰিবছৰ ধৰি তেওঁ সভাপতি হৈ আছিল।
প্ৰকাশিত উপন্যাস
- কটন কলেজ
- মন অজন্তা
- প্ৰেমিকা
- ফিনিক্স পখীৰ গান
- গোটা তেজৰ সাৰ
- অমোঘ নিবিড় অন্ধকাৰ
- আৰ্চিত ফুলে মাথোঁ ৰাতিৰ তমসা
- স্মৃতি হ'ব খোজা সৰু এটি সুৰ
তথ্যসূত্ৰ
- ↑ দত্ত, বিদ্যুৎ. (2018-06-18). বৰ্ণিল সময়ৰ দস্তাবেজ: নবীন বৰুৱাৰ ‘কটন কলেজ’. Nilacharai
- ↑ গৰীয়সী,(নবীন বৰুৱা বিশেষ) দ্বাত্ৰিংশ বছৰ,সপ্তম সংখ্যা-মে'২০২৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবীন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২২৩৯০ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।