অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নম্ৰতা শ্ৰেষ্ঠ

নম্ৰতা শ্ৰেষ্ঠ (জুন ১৪, ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০০৮ চনত আলোক নেম্বাং পৰিচালিত 'সানো সংসাৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৫ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নম্ৰতা শ্ৰেষ্ঠ (জুন ১৪, ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০০৮ চনত আলোক নেম্বাং পৰিচালিত 'সানো সংসাৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে।১

প্ৰাৰম্ভিক জীৱন

নম্ৰতা শ্ৰেষ্ঠৰ জন্ম ১৯৮৫ চনৰ ১৪ জুন তাৰিখে নেপালৰ ধৰণ চহৰত হৈছিল।২

কেৰিয়াৰ

২০০৮ চনত, শ্ৰেষ্ঠাই ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ "সানো সংসাৰ"ত কৰ্মাৰ সৈতে অভিনয় কৰিছিল, য’ত তেওঁ ঋতু নামৰ চৰিত্ৰখনত অভিনয় কৰিছিল।৩ অভিনয় ক্ষেত্ৰত নতুন হোৱা সত্ত্বেও, অভিজ্ঞতাৰ অভাৱ থকা অৱস্থাতেই শ্ৰেষ্ঠাক এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছিল।৪

তাৰ পাছত, ২০০৯ চনত, শ্ৰেষ্ঠাই "মেৰো এউটা সাথী ছ" নামৰ ৰোমাণ্টিক কমেডী চলচ্চিত্ৰত চিকাৰ চৰিত্ৰত অভিনয় কৰে।

২০১০ চনত, শ্ৰেষ্ঠাই প্ৰথমবাৰৰ বাবে থিয়েটাৰ "জালপৰী"ৰ জৰিয়তে মঞ্চ অভিনয় আৰম্ভ কৰে।৫

তেতিয়াৰ পৰাই, শ্ৰেষ্ঠাই এখনৰ পাছত এখন উচ্চ প্ৰচাৰিত চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে নিগম শ্ৰেষ্ঠাৰ পৰিচালনাৰ "ছাড়কে", য’ত সৌগত মাল্লা, দয়াহাং ৰাই আৰু ৰবিন তামাংৰ সৈতে অভিনয় কৰে; আৰু "মাউন" (২০১৩) নামৰ চলচ্চিত্ৰত এক মূক মহিলাৰ চৰিত্ৰত।

২০১৫ চনত শ্ৰেষ্ঠাই "চোল চিষ্টাৰ" নামৰ চলচ্চিত্ৰত দুটা চৰিত্ৰত অভিনয় কৰে। এই চলচ্চিত্ৰটোৱে তেওঁৰ গায়িকা হিচাপে আত্মপ্ৰকাশো কৰাই দিয়ে, য’ত তেওঁ 'বিস্তাৰাই বিস্তাৰাই' গানটো গায়। ২০১৬ চনত তেওঁ আৰ্যন সিগ্দেলৰ সৈতে "ক্লাছিক" নামৰ চলচ্চিত্ৰত অভিনয় কৰে। এই চলচ্চিত্ৰত তেওঁৰ অভিনয়ে তেওঁক Dcine বঁটা (সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী) ৬ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী) প্ৰদান কৰে।৭

তাৰ পাছত, শ্ৰেষ্ঠাই ২০১৮ চনৰ "প্ৰসাদ" নামৰ চলচ্চিত্ৰত অভিনয় কৰে আৰু সমালোচকসকলৰ প্ৰশংসা লাভ কৰে।৮ এই চলচ্চিত্ৰত নাৰায়ণী নামৰ চৰিত্ৰৰ বাবে তেওঁ পুনৰ Dcine বঁটা (সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰে।৯

২০১৯ চনত, শ্ৰেষ্ঠাই "জিৰা" নামৰ এক একশন চলচ্চিত্ৰত অভিনয় কৰে, য’ত তেওঁ নিজৰ সকলো ষ্টণ্ট নিজেই সম্পাদন কৰে আৰু নিজৰ চুলি খুৰায়।১০ যদিও, এই চলচ্চিত্ৰখনে যথেষ্ট সঁহাৰি লাভ নকৰে।১১ "দ্য কাঠমাণ্ডু পোষ্ট"ত এই চলচ্চিত্ৰটোক লৈ উল্লেখ কৰা হৈছিল, “জিৰা চলচ্চিত্ৰই আপোনাক জিৰা চৰিত্ৰটোলৈ আচৰিত হ’ব দিয়া নাযায়।”১২

অভিনয়

চলচ্চিত্ৰ

নম্ৰতা শ্ৰেষ্ঠাই ২০০৮ চনত 'সানো সংসাৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। তাৰ পাছত তেওঁ বহুতো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে 'মেৰো এউটা সাথী ছ' (২০০৯), 'চাদকে' (২০১৩), 'মাউন' (২০১৩), 'ক্লাছিক' (২০১৬) আৰু 'প্ৰসাদ' (২০১৮)।

মঞ্চ অভিনয়

২০১০ চনত 'জলপৰী' নাটকৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে। পিছত 'ওলিয়ানা' (২০১১), 'ইয়াৰ্মা' (২০১৪) আৰু 'গ'ল্ডেন বয়' (২০১৭) নাটকত অভিনয় কৰে।

চলচ্চিত্ৰৰ তালিকা

বছৰচলচ্চিত্ৰচৰিত্ৰটোকা
২০০৮সানো সংসাৰৰীটু
২০০৯মেৰো এউটা সাথী ছচিকা
২০১০ফাৰ্ষ্ট লভঅতিথি উপস্থিতি
২০১০এইচআইভি এইড্‌ছ সজাগতাচুটি চলচ্চিত্ৰ
২০১২মিছ ইউজেছমিন
২০১৩ছাদকেচোলী
২০১৩মৌনবৰ্ষা
২০১৪মেঘামেঘা
২০১৪নভেম্বৰ ৰেইনচীতল
২০১৪তাণ্ডৱমায়া
২০১৫চৌল চিষ্টাৰমায়া
২০১৫অধকাটিনম্ৰতা"হেই নম্ৰতা" গীতত বিশেষ উপস্থিতি
২০১৬ক্লাছিকদৃষ্টি
২০১৬হোমৱাৰ্কঅংশু ৰায়মাঝি
২০১৬সম্বোধনপাৰোল
২০১৭পৰ্বৰীটু
২০১৮প্ৰসাদনাৰায়ণী
২০১৯জিৰাজিৰা

পুৰস্কাৰ আৰু সন্মান

বছৰপুৰস্কাৰশ্ৰেণীকৰ্ম
২০১৬ডিচাইন এৱাৰ্ডশ্ৰেষ্ঠ অভিনেত্ৰীক্লাছিক
২০১৬ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰশ্ৰেষ্ঠ অভিনেত্ৰীক্লাছিক
২০১৯ডিচাইন এৱাৰ্ডশ্ৰেষ্ঠ অভিনেত্ৰীপ্ৰসাদ

তথ্যসূত্ৰ

  1. ↑ Namrata Shrestha. IMDb
  2. ↑ Singh, Pradeep. (2013-06-14). Happy 28th Birthday Namrata Shrestha. Nepal.fm
  3. ↑ Karmacharya, Avash. (2008-09-22). Alok's Sano Sansar welcomed in bigger world. Kantipur
  4. ↑ (2019-09-12). TWO WORLDS COLLIDE: THE BEAUTY TAKES ON THE BEAST. The Nepali Man
  5. ↑ Catch Namrata Shrestha as Jalpari . CyberSansar.com (21 May 2009). Retrieved on 24 June 2017
  6. ↑ Dcine Award Details · 2073. Lens Nepal
  7. ↑ Rawal, Prasuma. (2016-09-07). Pashupati Prasad wins treble at Film Awards including Best Film. My Republica
  8. ↑ Pyakurel, Diwakar. (2018-12-07). Prasad movie review: Realistic love story blended with polished cinema art. Online Khabar
  9. ↑ Dcine Award Details · 2076. Lens Nepal
  10. ↑ (2019-08-07). 'Xira' drops its trailer, Namrata in an action avatar. My Republica
  11. ↑ Pyakurel, Diwakar. (2019-08-25). Xira movie review: Why is Namrataa Shrestha's experiment appealing to feminists?. Online Khabar
  12. ↑ Dixit, Abhimanyu. (2019-08-31). Xira the film won't let you admire Xira the character. The Kathmandu Post

সম্পৰ্কিত শ্ৰেণী

নেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নম্ৰতা শ্ৰেষ্ঠ” প্ৰবন্ধৰ সংশোধন ৫০৩৮৩৫ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।