অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়নজ্যোতি শইকীয়া

নয়নজ্যোতি শইকীয়া (Nayanjyoti Saikia, জন্ম ১১ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় চেফ তথা মাষ্টাৰচেফ ইণ্ডিয়াৰ সপ্তম সংস্কৰণৰ বিজয়ী প্ৰতিযোগী।

হালনাগাদ: ২২ জুন ২০২৪ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নয়নজ্যোতি শইকীয়া (Nayanjyoti Saikia, জন্ম ১১ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় চেফ তথা মাষ্টাৰচেফ ইণ্ডিয়াৰ সপ্তম সংস্কৰণৰ বিজয়ী প্ৰতিযোগী।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৬ চনৰ ১১ মাৰ্চত অসমৰ তিনিচুকীয়া জিলাত নয়নজ্যোতিৰ জন্ম হৈছিল। তেওঁ তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰু তাৰপাছত ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰে।

স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ দেউতাকৰ চাহ-বাগিচাত কাম কৰিছিল। তেওঁ এজন স্ব-প্ৰশিক্ষিত ৰান্ধনি আৰু ৰন্ধন কিতাপৰ পৰা শৈলী আয়ত্ত কৰি ৰন্ধন শিকিছিল। ২০২০ চনত তেওঁ উত্তৰ-পূবৰ ৰন্ধন চেম্পিয়নশ্বিপত প্ৰথম পুৰস্কাৰ লাভ কৰে।

মাষ্টাৰচেফ ইণ্ডিয়া

চেফ বিকাশ খান্নাই এজন অসমীয়া ঘৰুৱা ৰান্ধনীৰ সন্ধানত আছিল। তেওঁ নয়নজ্যোতিক ইনষ্টাগ্ৰামত দেখিছিল আৰু তেওঁৰ ৰন্ধা-বঢ়াৰ দক্ষতাত অতিশয় আপ্লুত হৈছিল। ইয়াৰ পাছতে তেওঁ অসমলৈ আহি নয়নজ্যোতিৰ ঘৰলৈ গৈ ৰন্ধন-দক্ষতাৰ পৰীক্ষা কৰি তাৰপাছত মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ অ’ডিশ্যন ৰাউণ্ডৰ বাবে তেওঁক লগত লৈ যায়। তাৰপাছত তেওঁক অ’ডিশ্যনৰ জৰিয়তে নিৰ্বাচিত কৰা হয়।২

নয়নজ্যোতিয়ে শ্ব’টোৰ শীৰ্ষ ১৬ গৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হ’বলৈ যোগ্যতা অৰ্জন কৰে। ২০২৩ চনৰ ৩১ মাৰ্চত শান্তা শৰ্মা আৰু সুৱৰ্ণা বাগুলৰ সৈতে মূল প্ৰতিযোগিতাত তেওঁক চূড়ান্ত বিজয়ী ঘোষণা কৰা হয়। ইয়াৰ লগতে তেওঁ ২৫,০০০,০০ টকা বিজয়ী ৰাশি আৰু ট্ৰফী পুৰস্কাৰ হিচাপে লাভ কৰে। উল্লেখযোগ্য যে অসমৰ আন এগৰাকী প্ৰতিযোগী শান্তা শৰ্মাই এই প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।৩

টেলিভিজন শ্ব’

ক্ৰমিক নংটেলিভিজন শ্ব’ফলাফলচেনেল
১মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭বিজয়ীছ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজন

তথ্যসূত্ৰ

  1. ↑ Mukherjee, Anindita. (Mar 31, 2023). MasterChef India winner is Nayanjyoti Saikia from Assam! Takes home Rs 25 lakh prize money. India Today
  2. ↑ Farzeen, Sana. (April 1, 2023). ‘Being discovered by Vikas Khanna is my biggest victory’: MasterChef India winner Nayanjyoti Saikia. Indian Express
  3. ↑ Mukherjee, Anindita. (Mar 31, 2023). MasterChef India winner is Nayanjyoti Saikia from Assam! Takes home Rs 25 lakh prize money. India Today

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নজ্যোতি শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪২৩৮০৬ (২২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।