অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাকৰ

নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।

হালনাগাদ: ৪ আগষ্ট ২০২৫ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।১

জীৱন

তেওঁৰ জীৱন সম্পৰ্কে তেওঁৰ পদবোৰেই একমাত্ৰ উৎস হোৱা বাবে তেওঁৰ জীৱনৰ বিষয়ে অতি কম তথ্য পোৱা যায়। প্ৰথমে বিশ্বাস কৰা হৈছিল যে তেওঁ সপ্তদশ শতিকালৈ জীৱিত আছিল, কিন্তু পিছলৈ প্ৰমাণ পোৱা যায় যে তেওঁ ষষ্ঠদশ শতিকাৰ কবি। তেওঁ দিছাৱাল বনিয়া জাতিৰ আৰু বড়োদৰাত বাস কৰিছিল৷ তেওঁ কেইবাখনো আখ্যান লিখিছিল যিবোৰ কেৱল "মানভট" (ব্ৰাহ্মণ জাতিৰ পেছাদাৰী গল্পকাৰ)-এ ৰাজহুৱাভাৱে আবৃত্তি কৰিছিল।১২৩৪

কৃতিসমূহ

তেওঁ কেইবাটাও কবিতা ৰচনা কৰিছিল যদিও মাত্ৰ সাতটাহে প্ৰকাশিত হৈছে। এইবোৰ প্ৰধানকৈ আখ্যান ৰূপত আছিল, যি পেছাদাৰী কাহিনীকাৰৰদ্বাৰা পঢ়া হ’বৰ বাবে লিখা হৈছিল। তেওঁ ছান্দসিক কাব্য লিখা নাছিল, বৰঞ্চ স্থানীয় ৰাগ যেনে ৰামাগ্ৰী, আশাৱাৰী আৰু সামেৰী ইত্যাদিত লিখিছিল। হৰিশচন্দ্ৰৰ কাহিনীৰ আধাৰত তেওঁ উমৰেথত হৰিশচন্দ্ৰখ্যান (১৫১৬, বিক্ৰম সংৱত ১৫৭২) ৰচনা কৰে৷ তেওঁৰ আন গ্ৰন্থসমূহ হ'ল – শিৱ-বিবাহ (১৫৪৪), চন্দ্ৰহাসাখ্যান, লৱ-কুশাখ্যান, ধ্ৰুৱাখ্যান (১৫৪৪), মৃগালিসংবাদ, ভিলাডী না বাৰ মাস। শিৱ-বিবাহ আৰু ধ্ৰুৱাখ্যান ১৫৪৪ চনৰ আগতেই লিখা হৈছিল, কিন্তু এজন ব্ৰাহ্মণে তাৰ সংক্ষিপ্ত ৰূপ পছন্দ নকৰাত ১৫৪৪ চনত তেওঁ সেইবোৰৰ সম্প্ৰসাৰণ কৰিছিল। তেওঁৰ ভক্তমাল গ্ৰন্থখন গুজৰাটৰ সাধুসকলৰ বিষয়ে, যি কবি ৱাষ্টোৰ সাধু চৰিতৰ দৰে।

গৱেষণা

চিমনলাল ত্ৰিবেদীয়ে তেওঁৰ আৰু তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত গ্ৰন্থসমূহৰ ওপৰত কবি নাকৰ - এক অধ্যয়ন (১৯৬৬) শীৰ্ষক পি.এইচ.ডি. প্ৰবন্ধ প্ৰকাশ কৰিছিল। এই গৱেষণাৰ পৰৱৰ্তী ধাৰা ১৯৭৯ চনৰ নাকৰ (গুজৰাটী গ্ৰন্থকাৰ শৃংখলা) (১৯৭৯)ৰ লগতে গুজৰাটী সাহিত্যনো ইতিহাস - ভাগ ২ত অন্তৰ্ভুক্ত কৰা হৈছে।৫

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Krishnalal M. Jhaveri. (1882). Milestones in Gujarati Literature. Asian Educational Services. পৃ. 73. ISBN 978-81-206-0651-7
  2. ↑ Datta, Amaresh. (1987). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃ. 122. ISBN 8126018038
  3. ↑ Jhaveri; Sahitya Akademi. (1978). History of Gujarati Literature. Sahitya Akademi. পৃ. 33
  4. ↑ નાકર – Gujarati Vishwakosh – ગુજરાતી વિશ્વકોશ
  5. ↑ Dave, Ramesh. ચીમનલાલ ત્રિવેદી. Gujarati Sahitya Parishad

সম্পৰ্কিত শ্ৰেণী

গুজৰাটৰ ব্যক্তিগুজৰাটী ব্যক্তিভাৰতীয় কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাকৰ” প্ৰবন্ধৰ সংশোধন ৫৩০১৮৮ (৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।