নম্ৰতা শিৰোদকৰ (জন্ম: ২২ জানুৱাৰী ১৯৭২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ শিৰোপাধাৰী, যিয়ে ১৯৯৩ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল।১ তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁ বিশেষভাৱে কচ্চে ধাগে (১৯৯৯), এঝুপুন্না থাৰাকান (১৯৯৯), বাস্তৱ: দ্য ৰিয়েলিটি (১৯৯৯) আৰু পুকাৰ (২০০০) আদি ছবিৰ বাবে জনাজাত।
প্ৰাৰম্ভিক জীৱন
নম্ৰতা শিৰোদকাৰৰ জন্ম ২২ জানুৱাৰী ১৯৭২ চনত বম্বে (বৰ্তমানৰ মুম্বাই)ত এটা মৰাঠী পৰিয়ালত হৈছিল, যাৰ মূল উৎস গোৱা।২৩ তেওঁ অভিনেত্ৰী শিলপা শিৰোদকাৰৰ ডাঙৰ ভগ্নী।৪ তেওঁ প্ৰখ্যাত মৰাঠী অভিনেত্ৰী মীনাক্ষী শিৰোদকাৰৰ নাতিনী, যিয়ে ১৯৩৮ চনৰ চলচ্চিত্ৰ ‘ব্ৰহ্মচাৰী’ত অভিনয় কৰিছিল।৫৬
কৰ্মজীৱন
মডেলিং কৰ্মজীৱন
শিৰোদকাৰে মডেল হিচাপে কাম আৰম্ভ কৰি ১৯৯৩ চনত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰে।৭ তেওঁ ১৯৯৩ চনত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ষষ্ঠ স্থান লাভ কৰে।
অভিনয় কৰ্মজীৱন
১৯৭৭ চনৰ চলচ্চিত্ৰ ‘শিৰ্ডি কে সাই বাবা’ত শত্ৰুঘ্ন সিন্থাৰ সৈতে শিশুশিল্পী হিচাপে তেওঁ সংক্ষিপ্ত ভূমিকাত অভিনয় কৰিছিল।৮
তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি আছিল ‘মেৰে দো আনমোল ৰতন’।৯ ইয়াৰ পূৰ্বে ‘পূৰব কি লাইলা পচ্ছিম কি ছৈলা’ নামে এখন ছবি অক্ষয় কুমাৰ আৰু সুনীল শেট্টীৰ সৈতে নিৰ্মাণ কৰা হৈছিল যদিও ছবিখন মুক্তি নাপালে। পিছলৈ তেওঁ ১৯৯৯ চনৰ ‘বাস্তৱ’ আৰু ‘কচ্চে ধাগে’ ছবিত অভিনয় কৰে। ‘বাস্তৱ’ ছবিত তেওঁৰ অভিনয় বিশেষভাৱে প্ৰশংসিত হৈছিল।১০
ব্যক্তিগত জীৱন
২০০০ চনত শিৰোদকাৰে তেলুগু অভিনেতা মহেশ বাবুৰ সৈতে ‘ভামসি’ ছবিৰ ছেটত সাক্ষাৎ কৰে। ছবিৰ শ্বুটিং শেষ হোৱাৰ কিছুদিন পাছতে তেওঁলোকৰ মাজত প্ৰেম সম্পৰ্ক আৰম্ভ হয়।১১ তেওঁলোকে ১০ ফেব্ৰুৱাৰী ২০০৫ চনত মুম্বাইত বিবাহ সম্পন্ন কৰে।১২ বৰ্তমান শিৰোদকাৰ স্বামীৰ সৈতে হায়দৰাবাদত বাস কৰে।১৩ এই দম্পতীৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।১৪
তথ্যসূত্ৰ
- ↑ (22 January 2024). Namrata Shirodkar birthday: Looking back at her journey from Miss India to films. Hindustan Times
- ↑ (22 January 2020). Namrata Shirodkar and Mahesh Babu: Love story in pics. India Today
- ↑ (1 March 2015). Happy Birthday Namrata Shirodkar: Her journey from Miss India Universe 1993 to becoming the wife of southern superstar Mahesh Babu. News18
- ↑ (28 August 2012). Namrata Shirodkar - Jeena Isi Ka Naam Hai Indian Award Winning Talk Show - Zee Tv Hindi Serial. Zee Tv
- ↑ (4 June 1997). Veteran Marathi actress dead. Express India
- ↑ Sumit, Rajguru. (22 April 2018). Bollywood's Forgotten Stars: 10 Unknown facts about Mahesh Babu's wife and actress – Namrata Shirodkar. Free Press Journal
- ↑ Miss India Winners 2010-1964. The Times of India
- ↑ (22 January 2019). Happy Birthday Namrata Shirodkar: 5 adorable pictures with her hubby Mahesh Babu. The Times of India
- ↑ Rajyadhyakasha, Mrudula. (25 September 1998). New belle in Bollywood. Rediff.com
- ↑ Vaastav is a hit!. Box Office India
- ↑ (25 October 2018). How did Mahesh Babu fall in love with Namrata Shirodkar?. India Today
- ↑ (10 February 2020). Weddingversary: Mahesh Babu, Namrata Shirodkar's love story turns 15-year-old. The Statesman
- ↑ (12 February 2024). Namrata Shirodkar opens up about choosing living in apartment over a bungalow after marriage with Mahesh Babu. The Times of India
- ↑ Mahesh Babu becomes daddy!. sify.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নম্ৰতা শিৰোদকৰ” প্ৰবন্ধৰ সংশোধন ৫৮২৮০৩ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।