অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নমিতা

নমিতা ভাংকৱালা (ইংৰাজী: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নমিতা ভাংকৱালা (ইংৰাজী ভাষা: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১১) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য।২ তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ মূলতঃ তামিল আৰু তেলুগু চিনেমাৰ লগতে কন্নড় ভাষা আৰু মালয়ালম ভাষা ভাষাৰ কেইখনমান চলচ্চিত্ৰত কাম কৰিছে।৩

কেৰিয়াৰ

এগৰাকী সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি নমিতাই ১৯৯৮ চনত ১৭ বছৰ বয়সত 'মিছ চুৰাট'ৰ খিতাপ দখল কৰিছিল। তেওঁ ২০০১ চনৰ 'মিছ ইণ্ডিয়া' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় ৰানাৰ্ছ-আপ হৈছিল, আনহাতে চেলিনা জেইটলীয়ে মিছ ইণ্ডিয়াৰ খিতাপ জিকিছিল।৪ এই প্ৰতিযোগিতাৰ জৰিয়তে লাভ কৰা জনপ্ৰিয়তাই তেওঁক মুম্বাইলৈ যাবলৈ উৎসাহিত কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে হিমানী ক্ৰীম আৰু হেণ্ড ছোপ, অৰুণ আইচক্ৰীম, মাণিকচান্দ গুটখা আৰু নীল হাৰ্বেল শ্বেম্পুৰ দৰে কেইবাটাও টিভি বিজ্ঞাপনত কাম কৰিছিল। হিন্দী চলচ্চিত্ৰ জগতত সফলতা লাভ কৰাত ব্যৰ্থ হৈ তেওঁ ইংৰাজী সাহিত্যৰ এটা পাঠ্যক্ৰমত ভৰ্তি হয় আৰু তাৰ পিছত চুৰাটলৈ ঘূৰি যোৱাৰ কথা চিন্তা কৰে, কিন্তু পিছলৈ এখন তেলুগু ছবিৰ বাবে অডিচনত অংশ ল’বলৈ নিমন্ত্ৰণ গ্ৰহণ কৰে। নিৰ্বাচিত হোৱাৰ পিছত তেওঁ শ্ৰীনু বৈতলাৰ ৰোমাণ্টিক ছবি সোন্তম (২০০২) যোগে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী ছবি চৰণৰ বৃহৎ বাজেটৰ একচন ছবি জেদিনিত (২০০২) ভেংকটেশৰ বিপৰীতে অভিনয় কৰি তেওঁ অধিক চৰ্চা লাভ কৰে আৰু এজনী মাৰৱাৰী ছোৱালীৰ চৰিত্ৰত তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা বুটলে। এই ছবিখনৰ বাবে তেওঁ সাময়িকভাৱে নিজৰ ছদ্মনাম "ভৈৰৱী" ৰাখিছিল যদিও পিছলৈ পুনৰ নিজৰ আচল নামলৈ ঘূৰি আহে।৫৬

২০০৪ চনৰ মাজভাগত তেওঁ তামিল ভাষাৰ ছবিত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰে। তেওঁৰ পৰিপক্ব ৰূপ আৰু ওখ দেহৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁক বিজয়কান্ত, সত্যৰাজ, অৰ্জুন, পাৰ্থিবন, সুন্দৰ চি আৰু শৰৎকুমাৰৰ দৰে জ্যেষ্ঠ অভিনেতাৰ বিপৰীতে অভিনয়ৰ সুযোগ দিয়ে।৭ তেওঁ এনে অভিনেতাৰ বিপৰীতে ধাৰাবাহিকভাৱে কেইবাখনো একচন ছবিত অভিনয় কৰিছিল, যাৰ ভিতৰত আছিল আই (২০০৫), চাণক্য (২০০৫) আৰু আনাই (২০০৫)। একেদৰে জ্যেষ্ঠ অভিনেতাৰ সৈতে কমেডী ছবিতো তেওঁক নিয়মিতভাৱে দেখা গৈছিল, যেনে চিদ্দিকৰ এংগাল আন্না (২০০৪) আৰু শক্তি চিদাম্বৰমৰ ছখন কমেডী ড্ৰামা। এই সময়ছোৱাত তেওঁৰ প্ৰথম হিন্দী ছবি লাভ কে চক্কৰ মেত অভিনয় কৰাৰ লগতে নমিতা আই লাভ ইউ নামৰ কানাড়া ছবি এখনতো কাম কৰে। লগতে মায়া নামৰ এখন ইংৰাজী ছবিৰ শ্বুটিং কৰে যিখন পিছলৈ ২০০৮ চনত কামসূত্ৰ নাইটছ হিচাপে মুক্তি পাইছিল।৮ ২০০৭ চনত তেওঁ তামিল চিনেমাৰ দুজন আগশাৰীৰ অভিনেতাৰ সৈতে কাম কৰাৰ সুযোগ পায়— ক্ৰমে বিজয়ৰ সৈতে এ. আৰ. ৰহমানৰ সংগীত পৰিচালিত অজাগিয়া তামিল মগন (২০০৭) আৰু অজিত কুমাৰৰ সৈতে বিষ্ণুৱৰ্ধনৰ গেংষ্টাৰ ছবি বিল্লা (২০০৭)। এই সময়ছোৱাৰ শেষলৈ নমিতাই তামিলনাডুত এক বিশেষ অনুৰাগী গোষ্ঠী গঢ়ি তুলিছিল। তেওঁৰ গ্লেমাৰাছ ৰূপৰ বাবে সংবাদ মাধ্যমে তেওঁক নিয়মীয়াকৈ প্ৰদৰ্শন কৰিছিল আৰু Behindwoods.com-এ তেওঁক "সৰ্বশক্তিমান আৰু সৰ্বত্ৰ বিদ্যমান" বুলি অভিহিত কৰিছিল।৯১০১১

অৱশ্যে দশকটোৰ শেষৰফালে নমিতাৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰে। তেওঁৰ কেইবাখনো ছবিয়ে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত মহিলাৰ গ্লেমাৰাছ চৰিত্ৰৰ চাহিদা লাহে লাহে কমিবলৈ ধৰে। পুৰণি প্ৰজন্মৰ অভিনেতাসকলে আগশাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ কমোৱাৰ লগে লগে পৰিচালকসকলে নমিতাক নৱপ্ৰজন্মৰ অভিনেতাৰ বিপৰীতে অভিনয় কৰোৱাবলৈ অনীহা প্ৰকাশ কৰে।১২ তেওঁৰ চৰিত্ৰসমূহ লাহে লাহে সৰু ভূমিকা আৰু অতিথি শিল্পীৰ চৰিত্ৰলৈ ৰূপান্তৰিত হয়। বৃহৎ বাজেটৰ হৰৰ ছবি জগানমোহিনী (২০০৯), য’ত তেওঁ নামভূমিকাত অভিনয় কৰিছিল, বক্স অফিচত ব্যৰ্থ হয়।১৩ ২০১০ চনৰ আৰম্ভণিতে তেওঁ কন্নড় ছবিক অগ্ৰাধিকাৰ দিছিল, কিন্তু ইলামাই ওঞ্জাল (২০১৬) আদিকে ধৰি তেওঁৰ কেইবাখনো ছবিৰ নিৰ্মাণত বিলম্ব হয়। কেইবাবছৰ ধৰি কোনো ছবি মুক্তি নোপোৱাৰ পিছত তেওঁ ২০১৬ চনত পুনৰ অভিনয় জগতলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে।১৪

২০১৭ চনত নমিতাক তামিল ৰিয়েলিটী শ্ব’ত দেখা গৈছিল।

ব্যক্তিগত জীৱন

নমিতাই ২০১৭ চনৰ নৱেম্বৰ মাহত তিৰুপতিত ব্যৱসায়ী বীৰেন্দ্ৰ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৫ দম্পতীহালে নমিতাৰ ৪১সংখ্যক জন্মদিনত তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।১৬ ২০২২ চনৰ আগষ্ট মাহত তেওঁ যমজ পুত্ৰ সন্তান জন্ম দিয়ে।১৭

তথ্যসূত্ৰ

  1. ↑ Happy Birthday Namitha: 10 Times South Actress Namitha Stole Our Hearts
  2. ↑ Namita Vankawala: Movies, Photos, Videos, News, Biography & Birthday. The Times of India
  3. ↑ J, Shanmughasundaram. (4 July 2020). Tamil Nadu: Actor Namitha appointed as BJP state executive member. The Times of India
  4. ↑ (29 August 2013). Namitha was crowned Miss Surat in 1998. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Telugu Cinema Etc . Idlebrain.com (16 September 2002). Retrieved 1 January 2019
  6. ↑ (20 March 2000). Telugu cinema article – Namita photo – stolen from Namitha's desktop. idlebrain.com
  7. ↑ Namitha interview – Telugu Cinema interview – Telugu film and Tamil film actress . Idlebrain.com (30 July 2008). Retrieved 1 January 2019
  8. ↑ (14 August 2006). Namitha stars in English movie. The Hindu
  9. ↑ Tamil movies: Namitha the omnipotent and the omnipresent. behindwoods.com
  10. ↑ (21 October 2005). Tamil Nadu / Chennai News: Namitha goes to 'Subway' for meal. দ্য হিন্দু
  11. ↑ I Will Do It For A Lesser Payment, Says Namitha – Namitha – Dirty Picture – Tamil Movie News . Behindwoods.com (30 June 2012). Retrieved 1 January 2019
  12. ↑ Why Namitha won't act in Tamil films? | Movie News . Times of India (20 May 2011). Retrieved 1 January 2019
  13. ↑ Review: Jaganmohini is a half-baked remake . Rediff.com (19 October 2009). Retrieved 1 January 2019
  14. ↑ (3 September 2015). Actress Namitha To Make Her Comeback Soon. silverscreen.in
  15. ↑ (24 November 2017). Namitha gets married to her boyfriend Veerandra in Tirupati. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  16. ↑ (2022-05-10). Namitha is pregnant, feels elated - Telugu News. IndiaGlitz.com
  17. ↑ (2022-08-22). Actress Namitha announces birth of twin boys, shares video. OnManorama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নমিতা” প্ৰবন্ধৰ সংশোধন ৬৩৭২৬৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।