অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাইনা বালচাভাৰ

নাইনা বালচাভাৰ আহমেদ ( Naina Balsaver; জন্ম ১৯৫৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ১৯৭৬ৰ বিজয়ী।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নাইনা বালচাভাৰ আহমেদ ( Naina Balsaver; জন্ম ১৯৫৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ১৯৭৬ৰ বিজয়ী।১২

প্ৰাৰম্ভিক জীৱন আৰু প্ৰদৰ্শনী

নাইনা বালচাভাৰৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত৷১৯৭৬ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু অৱশেষত লাভ কৰে বহুল আকাংক্ষিত মুকুট।১৯৭৬ চনৰ মিছ ইউনিভাৰ্ছ আৰু ১৯৭৬ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিযুক্তি লাভ কৰিছিল। কিন্তু বৰ্ণবৈষম্য নীতি অনুসৰি দক্ষিণ আফ্ৰিকাৰ দুই ধৰণৰ প্ৰৱেশকাৰী - এজন বগা আৰু এজন ক'লা - উপস্থিত থকাৰ প্ৰতিবাদৰ বাবে ১৯৭৬ চনৰ মিছ ৱৰ্ল্ডত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। সেই বছৰতে তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও স্থান পোৱা নাছিল।

তেওঁ হ'ল ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ আৰু ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড দুয়োটা খিতাপ কঢ়িয়াই অনা একমাত্ৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী।

কেৰিয়াৰ

তেওঁ বলীউডৰ ছবিত অভিনয় কৰিছিল। টেলিভিছনৰ ছ’প অপেৰা মানজিলত অভিনয় কৰিছিল। এন ডি তিৱাৰীৰ বিৰুদ্ধে বি এছ পিৰ টিকটত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনত পৰাস্ত হৈছিল।৩

তেওঁ এগৰাকী গহনা ডিজাইনাৰ।৪

ব্যক্তিগত জীৱন

তেওঁ দুবাৰকৈ বিবাহত বহি‍ছিল, প্ৰথম ১৯ বছৰ বয়সত। পাছত ৰাজনীতিবিদ আৰু ৰিয়েল এষ্টেট ডেভেলপাৰ আকবৰ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৫ তেওঁৰ প্ৰথম স্বামীৰ নাম আছিল ৰিয়াজ ইছমাইল। তেখেতৰ মাতৃ বেলা চাভেৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা আছিল আৰু তেখেতৰ খুড়ী হৈছে ডিস্কো আৰু জেজ কণ্ঠশিল্পী আশা পুথলি৷

তথ্যসূত্ৰ

  1. ↑ No longer taboo
  2. ↑ (9 August 2006). 'Politics is a way of life'
  3. ↑ The lighter moments. www.expressindia.com
  4. ↑ The Hindu: It's coronation time. www.hindu.com
  5. ↑ Women power on the ramp - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইনা বালচাভাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৮১২৭ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।