অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জধিয়া বাঈ বাইগা

জধিয়া বাঈ বাইগা (Jodhaiya Bai Baiga; ১৯৩৭/১৯৩৮ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে। জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।

হালনাগাদ: ৩০ জুন ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জধিয়া বাঈ বাইগা (Jodhaiya Bai Baiga; ১৯৩৭/১৯৩৮ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে।১ জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।২ তেওঁ বনাঞ্চলৰ পৰা আহৰণ কৰা কাঠ, পচন সাৰ আৰু বাদাম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল।৩২ ঘটনাক্ৰমে এদিন তেওঁ ছবি আঁকিবলৈ লয় আৰু বাইগা সম্প্ৰদায়ৰ পৰম্পৰাগত চিত্ৰকলাক প্ৰসাৰিত কৰে। নিজৰ কামৰ স্বীকৃতি স্বৰূপে জধিয়া বাঈয়ে ২০২২ চনৰ ৮ মাৰ্চ তাৰিখে, নাৰী দিৱসৰ দিনা৪ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।৫ পৰৱৰ্তী সময়ত, ২০২৩ চনত ভাৰত চৰকাৰে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৬

সংক্ষিপ্ত জীৱনী

সৰুতেই পিতৃ-মাতৃক হেৰুওৱা জধিয়া বাঈৰ চল্লিশ বছৰ বয়সত স্বামীৰ মৃত্যু হয়।৭ তেতিয়া তেওঁ তিনিটি সন্তানৰ মাতৃ। স্বামীক হেৰুৱাই জধিয়া বৰ বিপদত পৰে আৰু দিন মজদুৰী কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ লয়। লাহে-লাহে তেওঁৰ ল’ৰা ডাঙৰ হয় আৰু সিহঁতেও কাম কৰিবলৈ আৰম্ভ কৰে। ৬০ বছৰ বয়সলৈকে জধিয়াৰ কলাৰ প্ৰতি কোনো ৰুচি নাছিল।৮ শান্তিনিকেতনৰ কলাভৱনৰ প্ৰাক্তন ছাত্ৰ আৰু জধিয়া বাঈৰ চিত্ৰকলাৰ গুৰু স্বৰ্গীয় আশীষ স্বামী মুম্বাইৰ পৰা লোৰহালৈ যেতিয়া আহে তেতিয়া জধিয়াৰ বয়স প্ৰায় ৬৭ বছৰ। উমৰিয়া আছিল আশীষ স্বামীৰ গৃহভূমি। ইয়ালৈ আহি তেওঁ ‘জন-গন তচবীৰখানা’ নাম দি এটি মুকলি ষ্টুডিঅ’ আৰম্ভ কৰে আৰু ঘটনাক্ৰমে জধিয়া বাঈক লগ পায়।৭অশিক্ষিত জধিয়াই যেতিয়া তেওঁক জনায় যে তেওঁ পঢ়া-লেখা নাজানে তেতিয়া স্বামীয়ে জধিয়াক ছবি আঁকিবলৈ দিয়ে। এডাল কাঠ খৰিৰে ষ্টুদিঅ’ৰ মজিয়াত পাচলিৰ ছবি আঁকি জধিয়াৰ প্ৰথম ছবিৰ শিক্ষা আৰম্ভ হয়। লাহেকৈ তেওঁ ছবি আঁকিবলৈ কাগজ আৰু কেনভাচ পালে আৰু ৰঙৰ ব্যৱহাৰ শিকিলে।৭ ইয়াৰ পিছত জধিয়া বাঈয়ে আৰু পিছলৈ উভতি চাব লগা নহ’ল। বিলুপ্ত হ’বলৈ ধৰা বাইগা পৰম্পৰাগত শিল্পকলাই জধিয়াৰ তুলিকাত প্ৰাণ পাবলৈ আৰম্ভ কৰে৪ আৰু ছবি অঁকাটো তেওঁৰ চখ হৈ পৰে।১ তেওঁৰ চিত্ৰ শৈলীক গণ্ড সম্প্ৰদায়ৰ প্ৰখ্যাত শিল্পী জনগড় সিং শ্যামৰ সৈতে তুলনা কৰা হৈছে২ যদিও জধিয়া বাঈৰ চিত্ৰকৰ্ম আশ্চৰ্যজনক ভাবে মৌলিক।৯ কেনভাচ আৰু কাগজত চিত্ৰাংকন কৰাৰ পিছত, তেওঁ এতিয়া শিল্পকৰ্মৰ বাবে মাটি, ধাতু আৰু কাঠৰ দৰে অন্যান্য মাধ্যমও ব্যৱহাৰ কৰে। তেওঁৰ নাতিয়ে তৈয়াৰ কৰা মুখাসমূহত জধিয়া বাঈয়ে ৰং কৰে। তেওঁ মহুৱা গছৰ দৰে স্থানীয় বাইগা মোটিফ (motif)ৰ দ্বাৰা অনুপ্ৰাণিত।২ জধিয়া বাঈ বাইগাৰ চিত্ৰসমূহ ভূপাল, দিল্লী, মিলান আৰু পেৰিছত প্ৰদৰ্শিত হৈছে।৫১২

দীৰ্ঘদিন ধৰি অসুস্থতাৰ পিছত ২০২৪ চনৰ ১৫ ডিচেম্বৰ তাৰিখে উমৰিয়া জিলাৰ লৰ্হাত ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১০

বাইগা চিত্ৰশৈলী

বাইগা চিত্ৰশৈলী হৈছে বাইগা আদিবাসী সকলৰ সেইখন কল্পনাৰ পৃথিৱী, যিখন তেওঁলোকে নিজা দৃষ্টিভংগীৰে দেখে আৰু ৰচনা কৰে। আশীষ স্বামীৰ মতে, বাইগা সকলে বৃক্ষ আৰু বাঘক শিৱ ৰূপে জ্ঞান কৰে আৰু সেয়ে নিজৰ ছবিত বঘাসুৰ আৰু বৃক্ষৰ ৰূপত শিৱক চিত্ৰিত কৰে। বাইগা চিত্ৰসমূহ ঘাইকৈ মুৰাল। তেওঁলোকে নিজৰ ঘৰবোৰ ছবিৰে চিত্ৰিত কৰে। ঘন অৰণ্যত বাস কৰা এই আদিবাসীসকলে নিজৰ ছবিসমূহত মুখ্যতঃ ঘন অৰণ্য, অৰণ্যত বিচৰণ কৰা জীৱ আৰু পৰিৱেশক চিত্ৰিত কৰে।৪

বঁটা, সন্মান আৰু স্বীকৃতি

শান্তিনিকেতন বিশ্বভাৰতী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আদিত জধিয়া বাঈৰ ছবি প্ৰদৰ্শিত হৈছে। ভূপালৰ জনজাতীয় সংগ্ৰহালয়ত এখন স্থায়ী দেৱাল আছে, য’ত জধিয়া বাঈয়ে অংকন কৰা চিত্ৰকলা সংৰক্ষিত হৈ আছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জধিয়া বাঈক সন্মানিত কৰাই নহয়, তেওঁ জধিয়া বাঈক সাক্ষাৎ কৰিবলৈ লোৰহা গাঁৱলৈ নিজেই গৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ Staff writer(s). (6 October 2019). Paintings of 80-year-old Madhya Pradesh woman on exhibit in Italy. Hindustan Times. Asian News International
  2. ↑ Bhuyan, Avantika. (2 May 2022). What makes Jodhaiya Bai such an exciting new talent at 82. Mintlounge
  3. ↑ Staff writer(s). (6 May 2022). ఏడు ప‌దుల వ‌య‌సులో పెయింటింగ్ నేర్చుకుని అవార్డులు అందుకుంటున్న బామ్మ‌. Namasthe Telangana
  4. ↑ (26 January 2023). उम्र के ढलान पर जोधईया बाई की उड़ान! विलुप्त होती बैगा चित्रकला को किया जीवित, अब मिलेगा पद्मश्री पुरुस्कार. www.etvbharat.com
  5. ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle Magazine
  6. ↑ Padma Awards 2023 announced. Press Information Buereau. Ministry of Home Affairs, Govt of India
  7. ↑ (26 January 2023). MP elderly tribal woman who learnt painting at age of 70 receives Padma Shri in art field. www.aninews.in
  8. ↑ 82 साल की उम्र में जोधइया बाई इतनी रोमांचक नई प्रतिभा क्या बनाती है. lifestyle-livemint-com
  9. ↑ (2 March 2022). फ्रॉम द हार्ट ऑफ़ इंडिया: जोधइया बाई बैगा
  10. ↑ Padma awardee artist Jodhaiyabai dies at 86 after prolonged illness

সম্পৰ্কিত শ্ৰেণী

মধ্য প্ৰদেশৰ ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জধিয়া বাঈ বাইগা” প্ৰবন্ধৰ সংশোধন ৬১৫০৪৯ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।