অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জবামণি টুডু

জবামণি টুডু ( Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে।

হালনাগাদ: ৬ জুলাই ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জবামণি টুডু ( Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে। খেল জীৱনৰ আদি ছোৱা সময়ত আন বহু পৰিয়ালৰ দৰে টুডুৰ পিতৃ-মাতৃয়েও তেওঁক ল’ৰাৰ খেল বুলি পৰিচিত ফুটবল খেলত আশংকা প্ৰকাশ কৰিছিল যদিও তেওঁ খেলত দক্ষতাৰে আগুৱাই গৈছে৷১

আদি জীৱন

ওড়িশাৰ ময়ূৰভঞ্জ জিলাত জন্মগ্ৰহণ কৰা টুডু ওড়িশা স্প’ৰ্টছ হোষ্টেলৰ এক অংশ আছিল। তেওঁ যুৱ আৰু জ্যেষ্ঠ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে।২ তেওঁ ওড়িশাৰ হৈ যুৱ আৰু জ্যেষ্ঠ উভয়তে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে খেলিছে।৩ ওড়িশাৰ ফুটবলাৰ টুডুই ৰাইজিং ষ্টুডেণ্ট ক্লাব, এফসি কোহলাপুৰ চিটিৰ পৰা খেলিছে৷৪

খেলজীৱন

২০১৫ চনৰ এ এফ চিৰ ১৬ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপৰ কোৱালিফায়াৰৰ সময়ত টুডুৱে ১৬ বছৰ অনুৰ্ধ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৫ ২০১৬ চনৰ ডিচেম্বৰ মাহত টুডুক ২০১৬ চনৰ এছ এ এফ এফ মহিলা চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ নিৰ্বাচিত কৰা হয়।৬ ২০১৭ চনৰ ২ জানুৱাৰীত নেপালৰ বিৰুদ্ধে ছেমি ফাইনেল খেলত দলটোৰ হৈ জয়যাত্ৰাৰ সূচনা কৰে। ভাৰতে ৩-১ গ'লত জয়লাভ কৰা খেলখনত তেওঁ ডালিমা ছিব্বাৰৰ বিকল্প হিচাপে খেলপথাৰত নামিছিল।৭ ১৫ বছৰ বয়সত তেওঁ খেল জীৱনত অভিষক ঘটায়।৮

তথ্যসূত্ৰ

  1. ↑ জবামণি
  2. ↑ (6 July 2015). ECoR, Sports Hostel script easy victories. Orissa Post
  3. ↑ (29 November 2013). National women's football: Manipur, Odisha post victory. The Hindu
  4. ↑ টুডু
  5. ↑ (21 October 2014). INDIA GIRLS TOY WITH HAPLESS UAE COUNTERPARTS. The All India Football Federation
  6. ↑ (22 December 2016). WOMEN'S FINAL 20-MEMBER SQUAD ANNOUNCED TODAY. The All India Football Federation
  7. ↑ (29 November 2019). Odia Footballer In National Women’s Team For South Asian Games. Odisha Bytes
  8. ↑ Jabamani Tudu, 15-year old. Indian Football (Twitter)

সম্পৰ্কিত শ্ৰেণী

মহিলা খেলুৱৈচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জবামণি টুডু” প্ৰবন্ধৰ সংশোধন ৫২২৪৫২ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।