অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয় মালা (ৰাজনীতিক)

জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ…

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী।১ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল২৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ ৰাজ্যৰ বিৰুদ্ধে ভাৰতত টৰ্ট আইন সলনি কৰাৰ বিৰুদ্ধে গোচৰ তঁৰিছিল।৩৪ ১৯৮২ চনত মালা জম্মু আৰু কাশ্মীৰ নেচনেল পেন্থাৰছ পাৰ্টি (জেকেএনপিপি)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।২০২২ চনৰ ৭ মে'ত তেওঁ পেন্থাৰছ পাৰ্টিৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ হয়৷৫২০২২ চনৰ ৩১ মে'ৰ পৰা ২০২৩ চনৰ ৪ এপ্ৰিললৈকে তেওঁ পেন্থাৰছ পাৰ্টিৰ বাস্তৱিক সভানেত্ৰী হয়। জম্মু-কাশ্মীৰৰ বিদ্ৰোহৰ সময়ছোৱাত ১৯৮৩ চনৰ জম্মু-কাশ্মীৰৰ সাধাৰণ নিৰ্বাচনত মুঠ ৫১২গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৭গৰাকী মহিলা প্ৰাৰ্থীহে আছিল৷ সেইসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।৬

১৯৭৯ চনত মালা ভাৰতীয় ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল।৭ ২০১৭ চনৰ পৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা কাকত নেচনেল হেৰাল্ড৮ৰ অৱদানকাৰী সম্পাদিকা হিচাপে তেওঁ কাম কৰে।

ব্যক্তিগত জীৱন

মালাৰ বিবাহ হৈছিল পেন্থাৰছ পাৰ্টিৰ নেতা ভীম সিঙৰ সৈতে। তেওঁৰ পুত্ৰ অংকিত লাভ গ্ৰেট ব্ৰিটেইনৰ ৱান লাভ পাৰ্টিৰ নেতা।৯১০ কাশ্মীৰ সংঘাতত শান্তি অনাৰ আশাৰে তেওঁ সন্তানৰ নাম লাভ ৰাখিলে৷১১১২

মালাৰ জন্ম হৈছিল গৌড় সৰস্বত ব্ৰাহ্মণ পৰিয়ালত১৩আৰু তেওঁ আফগানিস্তানৰ হিন্দু শ্বাহীৰ বংশধৰ আছিল।১১

তথ্যসূত্ৰ

  1. ↑ Bhim terms ongoing elections battle of Mahabharat. Daily Excelsior
  2. ↑ (26 March 2022). Advocate Jay Mala Shuts Down Reporter Who Introduced Her Using Husband's Name. News18
  3. ↑ (22 November 2016). Bhim Singh, Mla vs State Of J & K And Ors. Indian Kanoon
  4. ↑ Subramanium, Giriraj. A Jurisprudential Analysis—Bhim Singh v. State of Jammu & Kashmir. Supreme Court Cases
  5. ↑ Jammu and Kashmir National Panthers Party (JKNPP) – Party History, Symbol, Founders, Election Results and News. elections.in
  6. ↑ Excelsior, Daily. (2022-02-09). JKNPP Working Committee takes several decisions. Jammu Kashmir Latest News · Tourism · Breaking News J&K
  7. ↑ Bhim greets Atal Bihari on his 84th birthday. Scoop News - Jammu Kashmir
  8. ↑ Mala Jay. nationalheraldindia.com
  9. ↑ Singh, Shillpi. (2016-05-04). People of London Get Ready, Here Comes One Love Party. NewsGram India
  10. ↑ (2016-05-05). The unknown revolutionary royal who wants to be London's next Mayor. Huck Magazine
  11. ↑ Rashid, Saima. (30 April 2016). All of a Sudden, Kashmir Has a King, Living in Exile!. Kashmir Life
  12. ↑ (2016-05-02). London mayoral polls: 'Maharaja' with message of peace. The Indian Express
  13. ↑ Ankit Love, 33 is the New Leader of the Panthers Party of India · JK Media News. JK Media

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় মালা (ৰাজনীতিক)” প্ৰবন্ধৰ সংশোধন ৪৯১২২২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।