হেনৰীজন ডয়চেনডৰ্ফ, জুনিয়ৰ (জন্ম ৩১ ডিচেম্বৰ, ১৯৪৩ – মৃত্যু ১২ অক্টোবৰ, ১৯৯৭)) পেছাদাৰীভাৱেজন ডেনভাৰ বুলি জনা যায়। জন ডেনভাৰ আছিল এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ গায়ক, গীতিকাৰ, অভিনেতা, কৰ্মী আৰু মানৱতাবাদী। তেওঁ ১৯৭০ ৰ দশকৰ পৰা একক গায়ক হিচাপে সৰ্বাধিক বাণিজ্যিক সফলতা অৰ্জন কৰিছিল। ১ডেনভাৰে প্ৰায় ৩০০টা গান ৰেকৰ্ড আৰু মুকলি কৰিছিল, যাৰ ভিতৰত প্ৰায় ২০০টা তেওঁ নিজে লিখিছিল। তেওঁ সাধাৰণতে এটা ধ্বনিমূলক গীটাৰৰ সৈতে গীতবোৰ ৰেকৰ্ড আৰু প্ৰদৰ্শন কৰিছিল আৰু তেওঁৰ গীতত প্ৰকৃতিৰ প্ৰতি আকুলতা, চহৰীয়া জীৱনৰ প্ৰতি বিতৃষ্ণা তথা গ্ৰাম্য জীৱনৰ মধুৰ স্মৃতি সমূহ, সংগীতৰ প্ৰতি উৎসাহ আৰু মানৱ জীৱনৰ সম্পৰ্কৰ পৰীক্ষণৰ বিষয়বোৰ ফুটি উঠিছিল। জন ডেনভাৰৰ কেইটামান বিখ্যাত গীত হ'ল 'টেক মি হোম, কাণ্ট্ৰী ৰোডছ', 'পয়েম, প্ৰে এণ্ড প্ৰমিজ', 'এনি'চ চং','ৰকি মাউণ্টেইন হাই' 'কেলিপ্চো','থেংক গড আই এম এ কাউণ্ট্ৰী বয়' আৰু 'চানচাইন অন মাই চ্উলজাৰ' আদি। কলোৰাডো ৰাজ্যৰ আইনসভাই ২০০৭ চনত ইয়াৰ দুটা ৰাজ্যিক গানৰ এটা হিচাপে ডেনভাৰৰ "ৰকি মাউণ্টেইন হাই" গীতটো গ্ৰহণ কৰিছিল। ঠিক একেদৰে পশ্চিম ভাৰ্জিনিয়াই ২০১৪ চনত "টেক মি হোম, কাণ্ট্ৰী ৰোডছ"ৰ গীতটো গ্ৰহণ কৰিছিল। গীতটোত পশ্চিম ভাৰ্জিনিয়াৰ দৃশ্যপট আৰু ঐতিহ্যৰ এক কাব্যিক বৰ্ণনা আছে। টেক মি হোম, কাণ্ট্ৰী ৰোডচ", সাধাৰণতে "কাণ্ট্ৰী ৰোডচ" বুলিও বিখ্যাত। এই গীতটো বিল ডেনফ, টাফি নিভাৰ্ট আৰুজন ডেনভাৰে লিখা এটা গান। ১৯৭১ চনৰ ১২ এপ্ৰিলত ডেনভাৰে পৰিৱেশন কৰা একক হিচাপে ইয়াক মুকলি কৰা হয়, যি ১৯৭১ চনৰ ২৮ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোৰ বাবে বিলবৰ্ডৰ ইউএছ হট ১০০ এককত দ্বিতীয় স্থানত আছিল। এজন উৎসাহী পাইলট, ডেনভাৰ ১৯৯৭ চনত শেহতীয়াকৈ ক্ৰয় কৰা পাতল বিমান এখন পৰিচালনা কৰোঁতে একক মৃত্যুৰ দুৰ্ঘটনাত ৫৩ বছৰ বয়সত নিহত হৈছিল।
প্ৰাৰম্ভিক জীৱন

হেনৰীজন ডয়চেনডৰ্ফ জুনিয়ৰৰ জন্ম হৈছিল ১৯৪৩ চনৰ ৩১ ডিচেম্বৰত নিউ মেক্সিকোৰ ৰছৱেলত। মাকৰ নাম আছিল এৰ্মা লুইছ আৰু দেউতাকৰ নাম কেপ্টেইন হেনৰীজন ডয়চেনডৰ্ফ ছিনিয়ৰ। দেউতাক আমেৰিকাৰ সেনাবাহিনীত কৰ্মৰত আছিল। ১৯৯৪ চনত তেওঁৰ আত্মজীৱনী 'টেক মি হোম'ত ডেনভাৰে তেওঁৰ দেউতাকক এজন কঠোৰ ব্যক্তি বুলি বৰ্ণনা কৰিছিল। সামৰিক পিতৃৰ সৈতে ডেনভাৰৰ পৰিয়াল প্ৰায়ে স্থানান্তৰিত হৈছিল আৰু সেয়েহে তেওঁ নিজৰ বয়সৰ ল'ৰা-ছোৱালীৰ সৈতে বন্ধুত্ব অৰ্জন কৰা আৰু মিলামিছা কৰিবলৈ অসুবিধা পাইছিল। ডেনভাৰ সৰুকালত এজন অন্তমুৰ্খী ব্যক্তিত্বৰ ল'ৰা আছিল।২এৰিজোনাৰ টাক্সনৰ ডেভিছ-মান্থান বায়ু সেনা ঘাটিত অৱস্থিত এটা ঘৰ ডয়চেনডৰ্ফে ক্ৰয় কৰিছিল আৰু ১৯৫১ চনৰ পৰা ১৯৫৯ চনলৈ ডেনভাৰ তাত বাস কৰিছিল।৩ ডেনভাৰ ছয়বছৰ পৰা ১৪ বছৰ বয়সলৈ টাক্সনত বাস কৰিছিল।৪ এইখিনি সময়ত, ডেনভাৰে মেন্সফেল্ড জুনিয়ৰ হাই স্কুলত পঢ়া শুনা কৰিছিল আৰু দুবছৰৰ বাবে টাক্সন এৰিজোনা বয়জ কোৰাছৰ সদস্য হৈছিল। তেওঁ টাক্সনত থাকিবলৈ ভাল পাইছিল। কিন্তু তেওঁৰ দেউতাকক আলাবামাৰ মণ্টগোমাৰীৰ মেক্সৱেল এয়াৰ ফৰ্চ বেচলৈ চাকৰি বদলি কৰা হৈছিল। ফলত পৰিয়ালটো পিছত টেক্সাছৰ ফৰ্ট ৱৰ্থৰ কাৰ্চৱেল বায়ু সেনা ঘাটিলৈ স্থানান্তৰিত হয়। ইয়াতে ডেনভাৰে আৰ্লিংটন হাইটছ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ডেনভাৰ ফৰ্ট ৱৰ্থত থাকিবলৈ ভাল নাপাইছিল আৰু তেওঁ হাইস্কুলৰ তৃতীয় বৰ্ষত পঢ়ি থকা অৱস্থাতে, তেওঁ পৰিয়ালৰ বন্ধুবৰ্গক লগ কৰিবলৈ আৰু লগতে নিজৰ সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ মনস্থ কৰি তেওঁৰ দেউতাকৰ গাড়ীখন লৈ কেলিফৰ্ণিয়ালৈ গৈছিল। তেওঁৰ দেউতাকে তেওঁক ঘূৰাই আনিবলৈ বন্ধুৰ জেটত কেলিফৰ্ণিয়ালৈ উৰা মাৰিছিল। ফলত ডেনভাৰে দেউতাকৰ কথামতে অনিচ্ছা স্বত্বেও স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিবলৈ উভতি আহিছিল।৫
কৰ্মজীৱন
১১ বছৰ বয়সত, ডেনভাৰে তেওঁৰ আইতাৰ পৰা এটা একোষ্টিক গীটাৰ লাভ কৰিছিল। ৬কলেজত পঢ়ি থকাৰ সময়ছোৱাত তেওঁ স্থানীয় ক্লাবসমূহত ভাল প্ৰদৰ্শন কৰিবলৈ খেল শিকিছিল। ডেনভাৰে তেওঁৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয় যেতিয়া নিউ ক্ৰিষ্টি মিনষ্ট্ৰেলছৰ প্ৰতিষ্ঠাপক ৰেণ্ডি স্পাৰ্কছে পৰামৰ্শ অনুসৰি ডেনভাৰে তেওঁৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয় আৰু 'ডয়চেনডৰ্ফ'ৰ ঠাইতজন ডেনভাৰ কৰে।৭ডেনভাৰে লুবকৰ টেক্সাছ টেক বিশ্ববিদ্যালয়ত স্থাপত্য বিদ্যা অধ্যয়ন কৰি থকা সময়ত "দ্য আলপাইন ট্ৰিঅ" নামৰ এটা লোক-সংগীত গোটত গান গাইছিল।৮৯ ডেনভাৰৰ এলবাম 'পোয়েমছ, প্ৰে এণ্ড প্ৰমিজেছ '(১৯৭১) আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ বাবে এক সফলতা আছিল। ১৯৭৩ চনত ডেনভাৰে তেওঁৰ নিজৰ বিবিচি টেলিভিছন শৃংখল 'দ্যজন ডেনভাৰ শ্ব'ত অভিনয় কৰে আৰু সাপ্তাহিক এই সংগীতৰ লগত জড়িত অনুষ্ঠানটো পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ষ্টেনলী ডৰ্ফমেনে।
ডেনভাৰৰ লাইভ কনচাৰ্টদূৰদৰ্শনবিশেষ 'এন ইভিনিং উইথজন ডেনভাৰ '(১৯৭৫) 'ডেনভাৰচ লাইভ কনচাৰ্ট স্পেচিয়েল'; 'এন ইভিনিং উইথজন ডেনভাৰ ১৯৭৪-১৯৭৫ 'চনত অসামান্য বিশেষ, কমেডি-ভেৰাইটি বা সংগীতৰ বাবে এমি বঁটা লাভ কৰিছিল। ১৯৭৪ আৰু ১৯৭৫ চনত, ডেনভাৰৰ চাৰিটা নম্বৰ ১ গানৰ এটা ষ্ট্ৰিং আছিল ("চানচাইন অন মাই শ্বল্ডাৰচ", "এনিছ চং", "থ্যাংক গড আই এম এ কাণ্ট্ৰী বয়", আৰু "আই এম ছৰি") আৰু তিনিটা নম্বৰ ১ এলবাম (জন ডেনভাৰচ গ্ৰেট্ৰেষ্ট হিটছ, বেক হোম এগেইন, আৰু ৱিণ্ডচং)।
ব্যক্তিগত জীৱন
১৯৬৭ চনত ডেনভাৰৰ প্ৰথম বিবাহ হৈছিল মিনেচ'টাৰ ছেইণ্ট পিটাৰৰ এনি মাৰ্টেলৰ সৈতে। প্ৰথমা পত্নী এনি মাৰ্টেল তেওঁৰ "এনিছ চং" গানটোৰ বিষয়বস্তু আছিল। এইটো তেওঁ কলোৰাডো স্কি লিফ্টত বহি ১০ মিনিটত ৰচনা কৰিছিল।১০ তেওঁলোকে ১৯৬৮ চনৰ পৰা ১৯৭১ চনলৈকে মিনেচ'টাৰ এডিনাত বসবাস কৰিছিল। এনি আৰু তেওঁৰ কিছু বন্ধুৰ সৈতে কেম্পিং ভ্ৰমণৰ দ্বাৰা অনুপ্ৰাণিত হৈ "ৰকি মাউণ্টেইন হাই" সংগীত ৰচনা কৰিছিল। 'ৰকি মাউণ্টেইন হাই' সফলতাৰ পিছত ডেনভাৰে কলোৰাডোৰ এচপেনত এটা বাসস্থান ক্ৰয় কৰিছিল। তেওঁ মৃত্যুলৈকে এচপেনত বাস কৰিছিল।১১ ডেনভাৰে জাচাৰীজন নামেৰে এজন ল'ৰা আৰু এনা কেট নামৰ এজনী ছোৱালী তুলি লৈছিল।১২ডেনভাৰ আৰু মাৰ্টেলৰ ১৯৮২ চনত বিবাহ বিচ্ছেদ হৈছিল। জন ডেনভাৰৰ' কাণ্ট্ৰী বয়' (২০১৩) নামৰ তথ্যচিত্ৰখনত দেখুওৱা ১৯৮৩ চনৰ এক সাক্ষাৎকাৰত ডেনভাৰে কৈছিল যে কেৰিয়াৰৰ দাবীয়ে তেওঁলোকক পৃথক কৰি তুলিছিল; মাৰ্টেলে কৈছিল যে ডেনভাৰৰ আকস্মিক সফলতাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক বহুত সৰু আৰু অপৰিপক্ব আছিল। ডেনভাৰে দুবছৰীয়া প্ৰেমৰ পিছত ১৯৮৮ চনত অষ্ট্ৰেলিয়াৰ অভিনেত্ৰী কেঁচান্দ্ৰা ডেলানিক বিয়া কৰায়। এচপেনত ডেনভাৰৰ ঘৰত বসতি স্থাপন কৰা দম্পতীহালৰ জেছি বেলে নামৰ এজনী ছোৱালী জন্ম হৈছিল। ডেনভাৰ আৰু ডেলানি ১৯৯১ চনত পৃথক হৈছিল আৰু ১৯৯৩ চনত বিবাহ বিচ্ছেদ হৈছিল।
মানৱীয় প্ৰচেষ্টামূলক কাম কাজ
পাছৰ জীৱনত ডেনভাৰে মানৱতাবাদী আৰু পৰিবেশ সমতুল্যতাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰকৃতি সংৰক্ষণ প্ৰকল্পৰ ওপৰত কাম কৰিছিল। তেওঁ ৰিচাৰ্ড বাকমিনষ্টাৰ ফুলাৰ আৰু এমোৰি লভিন্সৰ দৰে পাৰিপাৰ্শ্বিক গৱেষকসকলৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল আৰু ৰাজহুৱা অভিব্যক্তি প্ৰকাশ কৰি কৈছিল যে তেওঁ তেওঁলোকৰ পৰা পৰিবেশ বিষয়ক বহুত কথা শিকিছিল। ডেনভাৰে পৰিৱেশ গোট প্লাণ্ট-ইট ২০২০ (মূলতঃ প্লাণ্ট-ইট ২০০০) প্ৰতিষ্ঠা কৰিছিল। তদুপৰি বিশ্বৰ ক্ষুধাৰ সমাধানৰ প্ৰতিও তেওঁ গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু ১৯৮০ ৰ দশকত অনাহাৰৰ ফলত হোৱা দুখ-কষ্টৰ প্ৰত্যক্ষ সাক্ষী হ'বলৈ আৰু সমাধানৰ দিশত আফ্ৰিকাৰ নেতাসকলৰ সৈতে কাম কৰিবলৈ তেওঁৰ আফ্ৰিকা ভ্ৰমণ কৰিছিল। ১৯৭৯ চনত এচপেন ভেলী হস্পিটেলৰ ১.৭ নিযুত ডলাৰৰ মূলধন অভিযানৰ সময়ত, ডেনভাৰ আছিল সৰ্ববৃহৎ একক দাতা। ডেনভাৰে এচপেনৰ এখন বধিৰ স্কুলৰ বাবেও বৰঙণি আগবঢ়াইছিল।১৩ ডেনভাৰ আছিল উৰণ প্ৰেমিক। সেয়ে ডেনভাৰ নাছাৰ (NASA)প্ৰতি আকৰ্ষিত হৈছিল আৰু বাহিৰৰ মহাকাশত আমেৰিকাই কৰা কামৰ বাবে সমৰ্পিত হৈছিল। তেওঁ 'মহাকাশত নাগৰিক' কাৰ্যসূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰতো সহায় কৰিছিল।
মৃত্যু
১৯৯৭ চনৰ ১২ অক্টোবৰৰ আবেলি ডেনভাৰৰ মৃত্যু হয়। তেওঁৰ পাতল ঘৰুৱা বিমানখন চালনা কৰি থাকোঁতেই, কেলিফৰ্ণিয়াৰ পেচিফিক গ্ৰোভৰ ওচৰৰ মণ্টেৰী উপসাগৰত পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত তেওঁৱেই একমাত্ৰ আৰোহী আছিল।১৪এই দুৰ্ঘটনাৰ ফলতেই তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ www.recorder.pima.gov/RecorderHome
- ↑ archive.org/details/rivalswilliamgwi00quin
- ↑ আৰ্কাইভ কপি
- ↑ johndenver.com/about/biography/
- ↑ আৰ্কাইভ কপি
- ↑ www.notablebiographies.com/supp/Supplement-Ca-Fi
- ↑ hdl.handle.net/2346%2F48702
- ↑ www.nytimes.com/1997/10/14/arts/john-denver-53-w
- ↑ www.midtod.com/98autumn/denver.phtml
- ↑ আৰ্কাইভ কপি
- ↑ www.newspapers.com/image/493749518/
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন ডেনভাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৩৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।