ছোনিয়া বালাছানিয়ান (Sonia Balassanian; আৰ্মেনিয়ান: Սոնյա Պալասանյան; জন্ম ১৯৪২) জন্ম নাম ছোনিয়া আমিৰিয়ান, ইৰাণত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান জনগোষ্ঠীৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী আৰু সংস্কৃতি সংৰক্ষক আছিল। তেওঁ আৰ্মেনিয়ান চেণ্টাৰ ফৰ কণ্টেম্পৰেৰী এক্সপেৰিমেণ্টেল আৰ্টৰ সহ-প্ৰতিষ্ঠাপক আছিল।১২ তেওঁ বৰ্তমান বালাছানিয়ান নিউয়ৰ্ক চহৰ আৰু ইয়েৰেভানত থাকে।[3]
জীৱনী
১৯৪২ চনত পাহলৱী ইৰাণৰ আৰকত ছোনিয়া বালাছানিয়ানৰ জন্ম হৈছিল।৩ তাৰ পৰা ১৯৬৬ চনত তেওঁ আমেৰিকালৈ প্ৰব্ৰজন কৰে।৪ বালাছানিয়ানে পেনচিলভেনিয়া একাডেমী অৱ দ্য ফাইন আৰ্টছত শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পৰাই বি এ ডিগ্ৰী লাভ কৰিছিল (১৯৭০); আৰু প্ৰাট ইনষ্টিটিউটৰ পৰা তেওঁ ১৯৭৮ চনত এম এফ এ ডিগ্ৰী লাভ কৰে।
তেওঁৰ শিল্প জীৱনৰ প্ৰাৰম্ভিক কেৰিয়াৰত তেওঁ ভাস্কৰ্য্যৰ উপাদানৰ সৈতে ইনষ্টলেচন আৰ্টত কাম কৰিছিল,৩ আৰু পিছলৈ তেওঁ ভিডিঅ’ আৰ্টত কাম কৰিছিল। তদুপৰি তেওঁ নিউয়ৰ্ক চহৰত থিয়েটাৰ চেট ডিজাইনৰ কামো কৰিছিল।৫৬ ১৯৮৩ চনত তেওঁ নিউয়ৰ্কৰ MoMA PS1 নামৰ অনুষ্ঠানত দলীয় প্ৰদৰ্শনী "চেভেন উইমেন–ইমেজ ইমপেক্ট"ত শিল্প প্ৰদৰ্শন কৰিছিল। প্ৰদৰ্শনীত অন্তৰ্ভুক্ত আন শিল্পীসকল আছিল, আনা মেণ্ডিয়েটা, এন্নে পিট্ৰন, জুডি ৰিফকা, ডেনা শ্বটেনকাৰ্ক, চুজান ৰথেনবাৰ্গ আৰু মিমি স্মিথ।৭৮৯
১৯৯২ চনত তেওঁ আৰু তেওঁৰ স্বামী এডৱাৰ্ড বালাছানিয়ানে আৰ্মেনিয়ান চেণ্টাৰ ফৰ কণ্টেম্পৰেৰী এক্সপেৰিমেণ্টেল আৰ্ট নামৰ কলা প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক হয়।১১০ এই কেন্দ্ৰটোৱে ১৯৯২ চনত দ্য শ্ব' অৱ দ্য নাইন বা নাইন, আৰু ১৯৯৩ চনত আইডেণ্টিফিকেশন নামৰ দুটা গুৰুত্বপূৰ্ণ প্ৰদৰ্শনীৰে তেওঁলোকৰ কামৰ আৰম্ভণি কৰিছিল।১০১১
তেহৰাণ মিউজিয়াম অৱ কণ্টেম্পৰেৰী আৰ্টৰ সংগ্ৰহালয়ৰ সংগ্ৰহত তেওঁৰ কৰ্মৰাজি সংৰক্ষিত অৱস্থাত পোৱা যায়। তদুপৰি, স্মিথছ'নিয়ান আমেৰিকান আৰ্ট এণ্ড প'ৰ্ট্ৰেইট গেলেৰী লাইব্ৰেৰীতো তেওঁৰ শিল্পৰ সংগ্ৰহ আছে।১২
তথ্যসূত্ৰ
- ↑ Zach, Elizabeth. (2013-10-16). A Mainstream Home for Alternative Art in Armenia. The New York Times
- ↑ Kassabian, Anahid. (March 2013). Ubiquitous Listening: Affect, Attention, and Distributed Subjectivity. University of California Press. পৃ. 24. ISBN 978-0-520-27515-7
- ↑ Keshmirshekan, Hamid; Irving, Mark; Downey, Anthony. (2009). Different Sames: New Perspectives in Contemporary Iranian Art. Thames & Hudson. পৃ. 103. ISBN 978-0-500-97697-5
- ↑ McCabe, Cynthia Jaffee; Tuan, Yi-fu; Kessner, Thomas. (1985). The American Experience: Contemporary Immigrant Artists. Independent Curators Incorporated. পৃ. 93. ISBN 978-0-916365-16-5
- ↑ Willis, John. (2000-02-01). Theatre World 1990-1991. Hal Leonard Corporation. পৃ. 76. ISBN 978-1-55783-126-2
- ↑ (1991). The New York Times Theater Reviews. New York Times & Arno Press. পৃ. 104. ISBN 978-0-8153-0643-6
- ↑ (2007). LAB. 07: arte, deshonra y violencia en el contexto iberoamericano. Centro Cultural de España
- ↑ (1984). Disinformation: The Manufacture of Consent, March 2-March 30, 1985. Alternative Museum. পৃ. 8. ISBN 978-0-932075-01-7
- ↑ Sirmans, Franklin. (2008). NeoHooDoo: Art for a Forgotten Faith. Menil Collection. পৃ. 138. ISBN 978-0-300-13418-6
- ↑ Voss, Julia; Söntgen, Beate. (2022-04-20). Why Art Criticism? A Reader. Hatje Cantz Verlag. পৃ. 328. ISBN 978-3-7757-5093-6
- ↑ Harutyunyan, Angela. (2017-03-17). The political aesthetics of the Armenian avant-garde: The journey of the 'painterly real', 1987–2004. Manchester University Press. ISBN 978-1-5261-1439-6
- ↑ Palasanean, Sonia 1942-. Art & Artists Files in the Smithsonian Libraries' Collections
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছোনিয়া বালাছানিয়ান” প্ৰবন্ধৰ সংশোধন ৪৮১০৩৬ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।