অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয় ওলাডোকুন

অলুবুকোলা জয় ওলাডোকুন (ইংৰাজী: Olubukola Joy Oladokun; জন্ম ৬ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিকান কণ্ঠশিল্পী-গীতিকাৰ। ওলাডোকুনৰ সংগীতত লোক সংগীত, আৰ এণ্ড বি, ৰক আৰু পপ সংগীতৰ সংমিশ্ৰণ দেখা পোৱা যায়। তেওঁৰ সংগীতত এগৰাকী কুৱেৰ আৰু কৃষ্ণাংগ ব্যক্তি হিচাপে তেওঁৰ পৰিচয়ৰ প্ৰভাৱ স্পষ্ট।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৭২ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অলুবুকোলা জয় ওলাডোকুন (ইংৰাজী ভাষা: Olubukola Joy Oladokun; জন্ম ৬ এপ্ৰিল, ১৯৯২১) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন কণ্ঠশিল্পী-গীতিকাৰ। ওলাডোকুনৰ সংগীতত লোক সংগীত, আৰ এণ্ড বি, ৰক সংগীত আৰু পপ সংগীতৰ সংমিশ্ৰণ দেখা পোৱা যায়। তেওঁৰ সংগীতত এগৰাকী কুৱেৰ আৰু কৃষ্ণাংগ ব্যক্তি হিচাপে তেওঁৰ পৰিচয়ৰ প্ৰভাৱ স্পষ্ট। তেওঁ এতিয়ালৈকে পাঁচখন ষ্টুডিঅ' এলবাম মুকলি কৰিছে: কেৰী (২০১৬), ইন ডিফেন্স অফ মাই অউন হেপিনেছ (দ্য বিগিনিংছ) (২০২০), ইন ডিফেন্স অফ মাই অউন হেপিনেছ (২০ ২০২১), প্ৰুফ অফ লাইফ (২০২৩), আৰু অবজাৰ্ভেচনছ ফ্ৰম এ ক্ৰাউডেড ৰুম (২০২৪)।

প্ৰাৰম্ভিক জীৱন

ওলাডোকুন এৰিজোনাৰ কাছা গ্ৰাণ্ডেত ডাঙৰ-দীঘল হৈছিল। তেওঁ সৰুৰে পৰা কাণ্ট্ৰী আৰু লোক সংগীতৰ লগতে বব মাৰ্লি আৰু লৰিন হিলৰ গান শুনিছিল।২৩ তেওঁৰ পিতৃ-মাতৃ দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অহা নাইজেৰিয়ান প্ৰব্ৰজনকাৰী আছিল। তেওঁলোকৰ পৰিয়ালে নিয়মীয়াকৈ এটা খ্ৰীষ্টান গীৰ্জালৈ গৈছিল, য'ত ওলাডোকুনক উপাসনা পৰিচালনা কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল। পিছলৈ ওলাডোকুনে গীৰ্জা ত্যাগ কৰে কাৰণ ই তেওঁৰ সৃজনশীলতাক সীমিত কৰি পেলাইছিল।৪

ওলাডোকুনৰ যেতিয়া ১০ বছৰ বয়স হৈছিল, তেতিয়া ট্ৰেচি চেপমেনৰ এটা ভিডিঅ'ই তেওঁক গীটাৰ শিকিবলৈ অনুপ্ৰাণিত কৰিছিল।২

কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত এজন বন্ধুৰ পৰামৰ্শ মতে ওলাডোকুন সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ লছ এঞ্জেলছলৈ গুচি যায়। পিছলৈ তেওঁ ইষ্ট নেচভিললৈ যায় আৰু তাত 'প্ৰেছক্ৰিপচন ছংচ'ৰ সৈতে চুক্তিবদ্ধ হয়।৫

কেৰিয়াৰ

২০১৫ চনত জয় ওলাডোকুনে নিজে তেওঁৰ প্ৰথম ইপি কেথেড্ৰেলছ মুকলি কৰে। তেওঁৰ প্ৰথম ষ্টুডিঅ' এলবাম কেৰী কিকষ্টাৰ্টাৰৰ জৰিয়তে ধন সংগ্ৰহ কৰি তৈয়াৰ কৰা হৈছিল আৰু ২০১৬ চনৰ ২৯ এপ্ৰিলত ৱেল ৰেকৰ্ডছৰ জৰিয়তে মুকলি কৰা হৈছিল।৬

ওলাডোকুনে ২০১৯ চনত "চানডে" নামৰ একক গীতটো মুকলি কৰে। গীতটোৰ বিষয়ে তেওঁ কয়, "'চানডে' হ'ল সেইটো গান যিটো গীৰ্জাৰ যুৱ গোটৰ পিছফালে বহি থকা ১২ বছৰীয়া জয়ক শুনোৱাৰ প্ৰয়োজন আছিল। তাইক এইটো জনোৱাৰ প্ৰয়োজন আছিল যে তুমি এজন কুৱেৰ হৈও সুখী হ'ব পাৰা। কুৱেৰ হৈও সুস্থ হ'ব পাৰা। কুৱেৰ হৈও পবিত্ৰ হ'ব পাৰা। তাই বিবাহিত মহিলাক চুমা খোৱা আৰু সন্তানৰ সৈতে খেলা দেখাৰ প্ৰয়োজন আছিল।"৭ এই সংগীত ভিডিঅ'টোত এলজিবিটিকিউ সম্পৰ্কক আলোকপাত কৰা হৈছে আৰু ইয়াত বেছিভাগ কুৱেৰ শিল্পীয়েই অভিনয় কৰিছে।৮

২০২০ চনত ব্লেক লাইভছ মেটাৰ আন্দোলনৰ সময়ত ওলাডোকুনে নাটালি হেমবিৰ সৈতে মিলি লিখা "হু ডু আই টাৰ্ন টু?" নামৰ এটা বেলাড মুকলি কৰে।৯ একেই বিষয়বস্তুক লৈ ওলাডোকুনৰ "মাৰ্চি" গীতটোৱে আমেৰিকাত এজন কৃষ্ণাংগ ব্যক্তি হিচাপে তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰে, আনহাতে একক গীত "আই চি আমেৰিকা"ই পদ্ধতিগত বৰ্ণবাদক সমালোচনা কৰে।১০১১ এনপিআৰে "আই চি আমেৰিকা" গীতটোক ২০২০ চনৰ ১০০টা শ্ৰেষ্ঠ গীতৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।১২

২০২০ চনৰ ১৭ জুলাইত ওলাডোকুনে হোৱাইট বয় ৰেকৰ্ডছৰ অধীনত তেওঁৰ দ্বিতীয়টো ষ্টুডিঅ' এলবাম ইন ডিফেন্স অফ মাই অউন হেপিনেছ (দ্য বিগিনিংছ) মুকলি কৰে।৬১৩ বিলবোৰ্ডে এলবামটোক এক আশ্চৰ্যজনকভাৱে আবেগিক সংগ্ৰহ বুলি অভিহিত কৰিছিল।১৪

২০২১ চনত ওলাডোকুনে ইউটিউবৰ পৰা এক অনুদান লাভ কৰে।১৫ একে বছৰতে তেওঁ এমিগো ৰেকৰ্ডছ, ভাৰ্ভ ফৰকাষ্ট ৰেকৰ্ডছ আৰু ৰিপাব্লিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়। ২০২১ চনৰ ৪ জুনত তেওঁ তৃতীয়টো ষ্টুডিঅ' এলবাম ইন ডিফেন্স অফ মাই অউন হেপিনেছ মুকলি কৰে।

২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত ওলাডোকুনে তেওঁৰ চতুৰ্থটো ষ্টুডিঅ' এলবাম প্ৰুফ অফ লাইফৰ কথা ঘোষণা কৰে আৰু এলবামটোৰ প্ৰথমটো গীত "চেঞ্জেছ" মুকলি কৰে। ২০২৩ চনৰ ২৮ এপ্ৰিলত তেওঁ প্ৰুফ অফ লাইফ মুকলি কৰে। এই এলবামটোত মাউণ্ট জয়, মেনচেষ্টাৰ অৰ্কেষ্ট্ৰা, মেক্সো ক্ৰীম, ক্ৰিছ ষ্টেপলটন আৰু নোৱা কাহানে সহযোগিতা কৰিছে।

২০২৪ চনৰ আগষ্ট মাহত ওলাডোকুনে হোজিয়াৰৰ ট্যুৰৰ উত্তৰ আমেৰিকাৰ চাৰিটা অনুষ্ঠানৰ বাবে আৰম্ভণি শিল্পী হিচাপে অংশ লৈছিল। তেওঁ ২০২৪ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত হোৱা এই ট্যুৰৰ অনুষ্ঠানসমূহতো সংগীত পৰিৱেশন কৰিছিল।

ব্যক্তিগত জীৱন

ওলাডোকুন এজন জেণ্ডাৰ-ননকনফৰ্মিং ব্যক্তি,১৬ আৰু তেওঁ "সম্পূৰ্ণৰূপে বাইনাৰীৰ ভিতৰত নহয়।"১৭

ওলাডোকুনে নিজৰ ক্ষেত্ৰত 'she/they' সৰ্বনাম ব্যৱহাৰ কৰে।১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Oladokun, Joy. (September 15, 2021). How Singer-Songwriter Joy Oladokun Is Defending Her Own Happiness. WAMU
  2. ↑ Brow, Jason. (June 1, 2020). Joy Oladokun Finds Herself Connecting With A Greater Purpose On The Inspirational 'Mercy'. Hollywood Life
  3. ↑ Joy Oladokun 2011 Women's Tennis Roster · Hope International University Athletics. www.hiuroyals.com
  4. ↑ Hight, Jewly. (December 4, 2019). Mercy Bell And Joy Oladokun On Finding Their Voices, And Common Ground, Through Folk. NPR
  5. ↑ Ladd, Olivia. (February 2, 2020). Outstanding Storyteller Joy Oladokun on Finding Her Voice in Music City. Nashville Scene
  6. ↑ Commander, Lowndes. (July 1, 2020). On Happiness and Humanness: A Conversation With Joy Oladokun. Atwood Magazine
  7. ↑ Ermac, Raffy. (June 1, 2019). Joy Oladokun's New Track 'Sunday' Will Give You All the Feels. www.pride.com
  8. ↑ Daw, Stephen. (June 2, 2019). Joy Oladokun Celebrates Both the Joy and Fear Of Coming Out in 'Sunday' Video: Watch. Billboard
  9. ↑ Mauch, Ally. (June 5, 2020). Singer Joy Oladokun Releases Powerful Ballad 'Who Do I Turn To?' in Support of Black Lives Matter. PEOPLE.com
  10. ↑ (June 2, 2020). A Look At Songs Inspired By The 2020 Protests For Racial Justice. NPR
  11. ↑ Trageser, Stephen. (2020-10-26). Joy Oladokun Issues a Firm, Gentle Call to Action in 'I See America'. Nashville Scene
  12. ↑ (December 3, 2020). The 100 Best Songs Of 2020 (Nos. 80-61). NPR.org
  13. ↑ Daw, Stephen. (2020-07-31). Joy Oladokun Found Happiness As a Queer Black Woman. Now It's Her 'Responsibility and Gift' To Share That Experience. Billboard
  14. ↑ Daw, Stephen. (July 1, 2020). First Out: New Music From Troye Sivan, The Aces, Shamir & More. Billboard
  15. ↑ Cirisano, Tatiana. (2021-01-12). YouTube Launches Grant Program for Black Creators & Artists. Billboard
  16. ↑ Get To Know: Joy Oladokun. Sweet July
  17. ↑ Nussbaum, Emily. (2023-07-17). Country Music's Culture Wars and the Remaking of Nashville. The New Yorker

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় ওলাডোকুন” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৪৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।