‘’’জন হেনৰী’’’ ( John Henry ) এজন আমেৰিকান লোকগাথাৰ নায়ক, এজন আফ্ৰিকীয় মাৰ্কিন মুক্ত ব্যক্তি। তেওঁ এজন "ষ্টীল ড্ৰাইভিং মেন" হিচাপে কাম কৰা বুলি কোৱা হয়, এনেকুৱা এজন ব্যক্তি, যাৰ ওপৰত ৰেলপথৰ সুৰংগ নিৰ্মাণৰ বাবে শিলত ফুটা কৰি বিস্ফোৰক ভৰোৱাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। শিলত ফুটা কৰিবলৈ হাতুৰীৰে কোবাই কোবাই তাত তীখাৰ ড্ৰিল ভৰোৱা হয় আৰু এই হাতুৰী কোবোৱা কাম কৰিছিল জন হেনৰীয়ে। জন হেনৰীৰ কাহিনী এটা ক্লাছিক ব্লুজ লোকগীতত ড্ৰিলিং মেচিনৰ সৈতে তেওঁৰ দ্বন্দ্বৰ বিষয়ে কোৱা হৈছে আৰু ই অসংখ্য কাহিনী, নাটক, কিতাপ আৰু উপন্যাসৰ বিষয়বস্তু হৈ আহিছে।১
কিংবদন্তী
কিংবদন্তি অনুসৰি ষ্টীল ড্ৰাইভাৰ হিচাপে জন হেনৰীৰ দক্ষতাক ভাপ চালিত ৰক ড্ৰিলৰ দক্ষতাৰ সৈতে জোখা হৈছিল। যন্ত্ৰ সৈতে হোৱা এই প্ৰতিযোগিতাত মাত্ৰ এটা হাতুৰীৰ সহায়ত তেওঁ জয়ী হৈছিল যদিও অত্যধিক চাপৰ বাবে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য মুখত পৰিছিল।পশ্চিম ভাৰ্জিনিয়াৰ বিগ বেণ্ড সুৰংগ,২ ভাৰ্জিনিয়াৰ লুইছ সুৰংগ, আৰু আলাবামাৰ কুছা মাউণ্টেন সুৰংগকে ধৰি বিভিন্ন স্থানক এই প্ৰতিযোগিতাৰ বাবে হিচাপে প্ৰস্তাৱ কৰা হৈছে।
ইতিহাস
জন হেনৰীৰ কিংবদন্তিৰ বহু দিশৰ ঐতিহাসিক সত্যতা এক বিতৰ্কৰ বিষয়।৩ গৱেষক স্কট ৰেইনল্ডছ নেলছনৰ মতে প্ৰকৃত জন হেনৰীৰ জন্ম হৈছিল ১৮৪৮ চনত নিউ জাৰ্চীত আৰু তেওঁৰ কৰ্মক্ষেত্ৰৰ জটিলতাৰ বাবে চিলিকোচিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু অত্যধিক পৰিশ্ৰমৰ হেচাত নহয়।৪
জনপ্ৰিয় সংস্কৃতিত
চলচ্চিত্ৰ
১৯৯৫ চনত ৰ’জাৰ এৰন ব্ৰাউনৰ ‘’টল টেল’’ নামৰ ছবিখনত জন হেনৰীৰ চৰিত্ৰটো চিত্ৰিত কৰা হৈছিল। এজন প্ৰাক্তন দাস, জন হেনৰীয়ে ডেনিয়েল নামৰ এজন পলায়ন কৰা কৃষকৰ পুত্ৰক গুণ্ডাৰ পৰা বচাবলৈ দেখা দিয়ে।
২০১৮ চনত ক্লাছিক আমেৰিকান লোককথাৰ চৰিত্ৰসমূহক কেন্দ্ৰ কৰি এখন ছবি নিৰ্মাণৰ কাম ঘোষণা কৰা হয়, যাৰ নাম আছিল ‘’জন হেনৰী এণ্ড দ্য ষ্টেটছমেন’’।৫
২০২০ চনত টেৰী ক্ৰুই জন হেনৰীৰ চৰিত্ৰটোৰ আধুনিক যুগৰ অভিযোজন হিচাপে তৈয়াৰ কৰা চৰিত্ৰত অভিনয় কৰিছিল। কাহিনীভাগৰ কেন্দ্ৰবিন্দু হৈছে, তেওঁলোকৰ প্ৰাক্তন নেতাৰ পৰা পলাই ফুৰা দুজন কিশোৰ-কিশোৰীক এজন প্ৰাক্তন গেং মেম্বাৰে আশ্ৰয় দিয়ে। ছবিখন মুক্তি দিছিল ছাবান ফিল্মছে।৬
সংগীত
জন হেনৰীৰ কাহিনী পৰম্পৰাগতভাৱে দুবিধ গীতৰ জৰিয়তে বৰ্ণিত হয়: বেলাড বা মালিতা, যাক সাধাৰণতে "জন হেনৰীৰ বেলাড" বুলি কোৱা হয়, আৰু "হামাৰ বা হাতুৰীৰ গীত" (এবিধ কৰ্মগীত)। প্ৰত্যেকৰে গীতৰ কথা বহল আৰু ভিন্ন। কিছুমান গীত আৰু কিছুমান প্ৰাৰম্ভিক লোক ইতিহাসবিদৰ গৱেষণাই জন হেনৰীৰ বিষয়ে লিখা গীতসমূহক পশ্চিম ভাৰ্জিনিয়াৰ এজন আউটলাউ জন হাৰ্ডিৰ গীতৰ সৈতে ৰিজায়। জন হেনৰীৰ জীৱনৰ বিষয়ে লিখা বেলাডত সাধাৰণতে চাৰিটা প্ৰধান উপাদান থাকে: শিশু অৱস্থাত জন হেনৰীয়ে কৰা এটা পূৰ্বাভাষ যে ষ্টীল-ড্ৰাইভিঙৰ ফলত তেওঁৰ মৃত্যু হ'ব; ষ্টীম হেমাৰৰ সৈতে হোৱা কিংবদন্তি প্ৰতিযোগিতাৰ আগজাননী আৰু ফলাফল; হেনৰীৰ মৃত্যু আৰু সমাধি; আৰু তেওঁৰ পত্নীৰ প্ৰতিক্ৰিয়া।৭
তথ্য সংগ্ৰহ
টোকাঅধিক পঠন
- Garst, John F. (2022). John Henry and His People: The Historical Origin and Lore of America's Great Folk Ballad. McFarland & Company
- Johnson, Guy B. (1929). John Henry: Tracking Down a Negro Legend. University of North Carolina Press
- Chappell, Louis W. (1968). John Henry; A Folk-Lore Study. Kennikat Press
- Keats, Ezra Jack. (1965). John Henry, An American Legend. Pantheon Books
- Nelson, Scott. (Summer 2005). Who Was John Henry? Railroad Construction, Southern Folklore, and the Birth of Rock and Roll. Labor: Studies in Working-Class History of the Americas. পৃ. 53–80
- Williams, Brett. (1983). John Henry: A Bio-Bibliography by Brett Williams. Greenwood Press
বাহ্যিক সংযোগ
- Lyrics to various versions of "John Henry"
- Survey of books about the legend of John Henry
- Website on racial protest and resistance in the John henry ballad.
- John Henry bibliography compiled by the Archive of Folk Culture staff at the Library of Congress
তথ্যসূত্ৰ
- ↑ Wade, Stephen. (2 September 2002). John Henry, Present at the Creation. Morning Edition. NPR
- ↑ Grimes, William. (2006-10-18). Taking Swings at a Myth, With John Henry the Man. The New York Times
- ↑ Oakley, Giles. (1997). The Devil's Music. Da Capo Press. পৃ. 38. ISBN 978-0306807435
- ↑ Johnson, Guy B. (1929). John Henry: Tracking Down a Negro Legend. UNC Press. পৃ. 44–49
- ↑ Lehman, Christopher. (7 January 2019). The George Pal Puppetoons and Jasper – Part 4. Cartoon Research. Jerry Beck
- ↑ Lenburg, Jeff. (2006). Who's Who in Animated Cartoons: An International Guide to Film and Television's Award-Winning and Legendary Animators. Applause Books. ISBN 978-1557836717
- ↑ The New Christy Minstrels – Land of Giants Album Reviews, Songs & More | AllMusic. AllMusic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন হেনৰী (লোকগাথা)” প্ৰবন্ধৰ সংশোধন ৬৩১২১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।