জয়কান্ত শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক, অনুবাদক আৰু লোক-সাহিত্যৰ গৱেষক। দৈনিক অসম কাকতৰ জন্মলগ্নৰেপৰা জড়িত হৈ থকা এইগৰাকী সাংবাদিকে উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোককথা, লোক-সংস্কৃতি আৰু ধৰ্ম-সংস্কৃতিক ইংৰাজী আৰু অসমীয়া ভাষাত ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।১ অনুৰাধা শৰ্মাৰ দৰে সমালোচকে তেওঁক "লোক-সংস্কৃতিৰ চৰ্চাত নিমগ্ন সাংবাদিক" বুলি অভিহিত কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জয়কান্ত শৰ্মাৰ জন্ম ১৯৪৩ চনত। তেওঁৰ বাসস্থান গুৱাহাটীৰ ১৮, অম্বিকাগিৰী নগৰ- ২৪। তেওঁ অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ (এম.এ) ডিগ্ৰী লাভ কৰিছে।
সাংবাদিকতা জীৱন
১৯৬৫ চনত প্ৰকাশৰ আৰম্ভণিৰেপৰা তেওঁ অসমৰ প্ৰথম শাৰীৰ দৈনিক দৈনিক অসম কাকতত কৰ্মৰত। প্ৰথমে উপ-সম্পাদক হিচাপে যোগদান কৰি ২০০৬ চনত উপ-সম্পাদক (Deputy Editor) হিচাপে অৱসৰ গ্ৰহণ কৰে।
ইয়াৰ উপৰি তেওঁ:
- ১৯৭০ আৰু ১৯৮০ দশকৰ এটা দশকতকৈ অধিক কাল ‘দ্য ইকনমিক টাইমছ’ (The Economic Times) ৰ সংবাদদাতা হিচাপে কাম কৰিছিল।
- ১৯৮০ ৰ দশকত প্ৰায় এটা দশক ‘ইকনমিক এণ্ড পলিটিকেল উইকলি’ (Economic and Political Weekly) ৰ সংবাদদাতা আছিল।
- দীৰ্ঘদিন ধৰি দ্য আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতত গ্ৰন্থ সমালোচনা, শাস্ত্ৰীয় সংগীত আৰু নৃত্য বিষয়ক নিয়মীয়া সমালোচক হিচাপে লিখি আহিছে।
তেওঁ ২০০০ ৰো অধিক প্ৰবন্ধ ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ কৰিছে।২
সাহিত্যিক অৱদান
জয়কান্ত শৰ্মাই মুঠ ২৪খন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে, তাৰে ৬খন ইংৰাজীত আৰু ১৮খন অসমীয়াত। তেওঁৰ সাহিত্যকৰ্মক মূলতঃ তিনিটা ভাগত ভগাব পাৰি- লোকসাহিত্যৰ সংকলন আৰু অনুবাদ, সামাজিক-ৰাজনৈতিক বিশ্লেষণ আৰু সম্পাদনা।
লোকসাহিত্য আৰু জনজাতীয় সংস্কৃতি বিষয়ক গ্ৰন্থ
- Modern Bodo Short Stories (সাহিত্য অকাডেমীৰদ্বাৰা প্ৰকাশিত)- এই গ্ৰন্থখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এম.এ. ইংৰাজীৰ পাঠ্যপুথি হিচাপে নিৰ্ধাৰিত।
- Rabha Folk Tales (সাহিত্য অকাডেমীৰদ্বাৰা প্ৰকাশিত)
- Tiwa Folk Tales (সাহিত্য অকাডেমীৰদ্বাৰা প্ৰকাশিত)
- Karbi Folk Tales (নেচনেল বুক ট্ৰাষ্ট - NBT ৰদ্বাৰা প্ৰকাশিত) - এই গ্ৰন্থত ১২টা কাৰ্বি সাধুকথাৰ সংগ্ৰহ অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰা হৈছে।১
- Stories from the North-East- উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা স্বীকৃত ভাষা - অসমীয়া, বড়ো আৰু মণিপুৰীৰপৰা ডজনৰো অধিক গল্পৰ ইংৰাজী অনুবাদ, বেছিভাগ অনুবাদ তেওঁৰ নিজৰ।
- অসমৰ জনজাতিসকলৰ ধৰ্ম আৰু সংস্কৃতি- অসমীয়া ভাষাত সম্পাদিত গ্ৰন্থ।২
- একুকি তিৱা সাধু (কেইটামান তিৱা সাধুকথাৰ সংকলন)
অনুবাদ সাহিত্য
- পখী উৰি যোৱা- প্ৰখ্যাত মণিপুৰী কথাসাহিত্যিক লমাবম বীৰমনিৰ সাহিত্য অকাডেমী বঁটা বিজয়ী মণিপুৰী গল্প সংকলন 'Chekla Paikhrobda' ৰ অসমীয়া অনুবাদ।
- ভাৰতীয় গল্প- ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ প্ৰতিটোৰেপৰা এটাকৈ গল্পৰ অসমীয়া অনুবাদ।
- বনফুল- কেইবাটাও চীনা চুটি গল্পৰ অসমীয়া অনুবাদ সংকলন।
- পূৰ্বোত্তৰৰ আদিবাসী লোককথা- উত্তৰ-পূবৰ বিভিন্ন জনগোষ্ঠীৰ ১৯টা লোককথাৰ সংগ্ৰহ।২
অন্যান্য
- Of Assam's Letters- 'দ্য আসাম ট্ৰিবিউন'ত প্ৰকাশিত গ্ৰন্থ সমালোচনাৰ সংকলন।২
- নিস্তৰংগ (মৌলিক গল্পসংকলন)
- অপৰাজিত (কছ লেখক আলেকজেণ্ডাৰ পুস্কিনৰ উপন্যাস 'Duvrosky'ৰ অসমীয়া অনুবাদ)
- গাধ টিপুৰ দুঃসাহসিক কাহিনী (নেচনেল বুক ট্ৰাষ্টৰদ্বাৰা প্ৰকাশিত)
- প্ৰথিতযশা সাংবাদিক-সাহিত্যিক লক্ষ্মীনাথ ফুকন (সম্পাদনা)
- সাংবাদিক-চিন্তাবিদ-কেদাৰনাথ গোস্বামী (সম্পাদনা)
- গান্ধীৰপৰা শাস্ত্ৰীলৈ (ৰাজনৈতিক ইতিহাস)
- গান্ধীৰ দুখৰ দিনবোৰ (ঐতিহাসিক, ৰাজনৈতিক আলোচনা)৩
- ছলজেনিৎছিনৰ কথা-কবিতাৰ ভাঙনি
- অসমৰ বিত্তীয় সম্পদ আৰু ইয়াৰ ব্যৱহাৰ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ বাবে ওপৰঞ্চি পাঠ্যক্ৰম)
- এটা চোৰাংচিকাৰীৰ সন্ধানত (কাজিৰঙাৰ গড়হত্যা লৈ নিতীন খাড়েই লিখা ইংৰাজী শিশু-উপন্যাসৰ ভাঙনি)
- প্ৰবোধ চন্দ্ৰ গোস্বামী (অভিনন্দন গ্ৰন্থ, সম্পাদনা)
- ডা° দামোদৰ শৰ্মা (স্মৃতিগ্ৰন্থ, সম্পাদনা)
বঁটা আৰু সন্মান
- ২০০৬ চনত প্ৰয়াত কেদাৰ নাথ গোস্বামীৰ ওপৰত লিখা গ্ৰন্থৰ বাবে AAPCU বঁটা।
- ২০১৪ চনত অসম ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰপৰা আজীৱন সাংবাদিকতা সাধনা বঁটা (Life-time Journalist Achievement Award)।
সামাজিক কৰ্ম
- সভাপতি, উত্তৰ-পূব সাংবাদিক সন্থা (North East Union of Working Journalists)
- প্ৰাক্তন সভাপতি, অসম সাংবাদিক সন্থা (Assam Union of Working Journalists)২
তথ্যসূত্ৰ
- ↑ Dhurjjati Sarma. (31 cejd;, 2024). কাৰ্বি লোককথাৰ এখন অনন্য গ্ৰন্থঃ জয়কান্ত শৰ্মাৰ Karbi Folktales
- ↑ অনুৰাধা শৰ্মা. (১৭ ছেপ্তেম্বৰ, শনিবাৰ). অগ্ৰদূত বাতৰি কাকত. পৃ. ৫
- ↑ গান্ধীৰ দুখৰ দিনবোৰ, জয়কান্ত শৰ্মা “Gandhir Dukhar Dinbor” Purbayon Publication
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়কান্ত শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭২০ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।