অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছ’ফী টাৰ্ণাৰ

ছ’ফী বেলিন্দা টাৰ্ণাৰ (ইংৰাজী: Sophie Belinda Turner; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০ ২০১৯)-ত চাঞ্চা ষ্টাৰ্ক হিচাপে অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৪০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ছ’ফী বেলিন্দা টাৰ্ণাৰ (ইংৰাজী ভাষা: Sophie Belinda Turner; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০ ২০১৯)-ত চাঞ্চা ষ্টাৰ্ক হিচাপে অভিনয় জীৱনৰ পাতনি মেলে। এই চৰিত্ৰটোৰ বাবে তেওঁ ২০১৯ চনত ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।

টাৰ্ণাৰে ২০১৩ চনৰ ব্ৰিটিছ টেলিভিছন ছবি দ্য থাৰ্টিণ্থ টেলত অভিনয় কৰিছিল আৰু ২০১৩ চনত এনাদাৰ মি ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰি তেওঁ বেয়াৰলি লিথেল (২০১৫) ছবিত অভিনয় কৰিছিল আৰু এক্স-মেন চলচ্চিত্ৰ শৃংখলাত (২০১৬–২০১৯) এগৰাকী যুৱতী জিন গ্ৰে বা ফিনিক্সৰ চৰিত্ৰত অভিনয় কৰিছিল।

চফি টাৰ্ণাৰ (ইংৰাজী ভাষা: Sophie Turner; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৯৬) — এগৰাকী ইংৰাজ অভিনেত্ৰী।

প্ৰাৰম্ভিক জীৱন

টাৰ্ণাৰৰ জন্ম ইংলেণ্ডৰ নৰ্থাম্পটনত ২১ ফেব্ৰুৱাৰী ১৯৯৬ চনত হৈছিল।১ তেওঁৰ মাতৃ শ্যেলী আছিল এজনী নাৰ্ছাৰী স্কুলৰ শিক্ষয়িত্ৰী আৰু পিতৃ এণ্ড্ৰিউ আছিল এটা আন্তঃৰাষ্ট্ৰীয় পেলেত বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক।২৩ তেওঁৰ বয়স যেতিয়া দুবছৰ আছিল, তেতিয়া তেওঁলোক ৱাৰউইকশ্বায়াৰৰ চেষ্টাৰটনলৈ স্থানান্তৰিত হৈছিল। ১১ বছৰ বয়সলৈকে তেওঁ ৱাৰউইক প্ৰিপ স্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ স্বতন্ত্ৰ দ্য কিংছ হাই স্কুল ফৰ গাৰ্লছত ভৰ্তি হৈছিল। টাৰ্ণাৰে তিনি বছৰ বয়সৰপৰাই অভিনয় কৰি আহিছে আৰু তেওঁ প্লেবক্স থিয়েটাৰ কোম্পানীৰ এগৰাকী সদস্য।৪৫ তেওঁৰ জেমছ (জন্ম ১৯৮৭) আৰু উইলিয়াম (জন্ম ১৯৮৯) নামৰ দুজন জ্যেষ্ঠ ভাতৃ আছে।৬ গৰ্ভস্থ অৱস্থাতে তেওঁৰ যমজ সন্তানটিৰ মৃত্যু হৈছিল।৭

তেওঁ লিমিংটন স্পাৰ ওচৰৰ এখন ডাঙৰ এডৱাৰ্ডিয়ান ঘৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ কৈছিল, "মোৰ শৈশৱটো বহুত আমোদজনক আছিল। আমাৰ গাহৰিৰ গঁৰাল, ভঁৰাল ঘৰ আৰু এটা পথাৰ আছিল আৰু আমি বোকাৰ মাজত ধেমালি কৰিছিলোঁ।" ১৬ বছৰ বয়সলৈকে গেম অফ থ্ৰোনছৰ ছেটত টাৰ্ণাৰৰ এজন শিক্ষক আছিল। তেওঁ নাট্যকলাত বি গ্ৰেডসহ পাঁচটা জিচিএচই এ-গ্ৰেড আৰু চাৰিটা বি-গ্ৰেড লাভ কৰিছিল।৬

ব্যক্তিগত জীৱন

টাৰ্ণাৰে ২০১৬ চনত আমেৰিকান গায়ক জো জোনাছৰ সৈতে ডেটিং আৰম্ভ কৰিছিল।৮ ২০১৭ চনৰ ১৫ অক্টোবৰত চফিৰ মাক-দেউতাকৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল,৯ আৰু ২০১৯ চনৰ ১ মে'ত নেভাদাৰ লাছ ভেগাছত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১০ বিবাহৰ পিছত টাৰ্ণাৰে জোনাছৰ উপাধি গ্ৰহণ কৰে।১১ এই দম্পতীয়ে কিছুকাল নিউয়ৰ্ক চহৰ আৰু মিয়ামি বিচত বাস কৰিছিল।১২ ২০১৯ চনৰ ২৯ জুনত পেৰিছত তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।১৩ দম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে, যিকেইগৰাকী ২০২০ চনৰ ২২ জুলাই আৰু ২০২২ চনৰ ৫ জুলাইত জন্মগ্ৰহণ কৰিছিল।১৪ ১৫

জোনাছ ব্ৰাদাৰ্ছৰ পুনৰ মিলনৰ এলবাম হ্যাপিনেছ বিগিনছৰ বাবে জোনাছে টাৰ্ণাৰলৈ প্ৰেম পত্ৰ হিচাপে লিখা "হেচিটেট" গীতটিৰ অনুপ্ৰেৰণা আছিল টাৰ্ণাৰ।১৬

২০২৩ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে জোনাছে ফ্লৰিডাৰ মিয়ামত টাৰ্ণাৰৰপৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।১৭ পৰৱৰ্তী সময়ত টাৰ্ণাৰ আৰু জোনাছ দুয়োৱে ইনষ্টাগ্ৰামৰ জৰিয়তে এইটো এটা পাৰস্পৰিক সিদ্ধান্ত বুলি নিশ্চিত কৰে।১৮১৯ সেই মাহৰ শেষৰফালে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা তেওঁলোকৰ কন্যাক যুক্তৰাজ্যলৈ ঘূৰাই আনিবলৈ পৃথকে থকা স্বামীৰ বিৰুদ্ধে গোচৰ তৰে। কিছুসময়ৰ পাছতে গোচৰটো খাৰিজ কৰা হয়।২০ জোনাছ আৰু টাৰ্ণাৰে ২০২৩ চনৰ অক্টোবৰত এক অস্থায়ী জিম্মা চুক্তিত উপনীত হয়।

তথ্যসূত্ৰ

  1. ↑ (1 June 2016). 10 things you need to know about Sophie Turner. Vogue France
  2. ↑ Preston, Alex. (25 April 2016). The Beguiling Sophie Turner. Town & Country
  3. ↑ www.mhwmagazine.co.uk
  4. ↑ Vonledebur, Catherine. (16 August 2013). Leamington Game of Thrones actress Sophie Turner enjoying her rise to fame. Coventry Telegraph
  5. ↑ Playbox Theatre Alumni. Playbox Theatre
  6. ↑ Salter, Jessica. (13 April 2015). Game of Thrones's Sophie Turner: 'I've grown up with Sansa Stark – I really feel what she feels'. The Daily Telegraph
  7. ↑ The Thirteenth Tale: A haunting psychological mystery on BBC Two – Interview with Sophie Turner. BBC
  8. ↑ Hargrave, Hannah. (7 November 2016). Joe Jonas and Sophie Turner Cozy Up for PDA-Packed Date in the Netherlands. Us Weekly
  9. ↑ DeSantis, Rachel. (15 October 2017). Joe Jonas and Sophie Turner announce engagement on Instagram. New York Daily News
  10. ↑ Kile, Meredith. (1 May 2019). Joe Jonas and Sophie Turner Get Married in Surprise Vegas Ceremony. Entertainment Tonight
  11. ↑ Back, Grace. (3 May 2019). Sophie Turner Has Officially Taken Jonas As Her Last Name Following Surprise Wedding. Marie Claire
  12. ↑ (18 May 2019). Game of Thrones star Sophie Turner on how therapy helped her survive teen fame. The Times
  13. ↑ Wood, Lucy. (1 July 2019). Everything We Know About Sophie Turner and Joe Jonas' Wedding Plans So Far. Marie Claire
  14. ↑ Serjeant, Jill. (27 July 2020). Joe Jonas and Sophie Turner welcome first child. Reuters
  15. ↑ Hollander, Jenny. (14 July 2022). Sophie Turner and Joe Jonas Have Welcomed a Second Daughter. Marie Claire
  16. ↑ Garrison, Cianna. (25 April 2020). Joe Jonas Explained The Song Inspired By Marrying Sophie Turner. Elite Daily
  17. ↑ Dasrath, Diana; Madani, Doha. (5 September 2023). Joe Jonas files for divorce from Sophie Turner, says their marriage is 'irretrievably broken'. NBC News
  18. ↑ Sophie Turner and Joe Jonas say they have 'mutually' decided to end marriage. Sky News
  19. ↑ Sophie Turner sues Joe Jonas to return their 2 children to England, says he won't turn over kids' passports. NBC News
  20. ↑ (22 September 2023). Sophie Turner sues Joe Jonas for children's return to England. BBC News

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছ’ফী টাৰ্ণাৰ” প্ৰবন্ধৰ সংশোধন ৬০২২৫৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।