অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছোনিয়া নিত্যানন্দ

ছোনিয়া নিত্যানন্দ ( Soniya Nityanand; জন্ম ৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ইমিউন’লজিষ্ট আৰু হেমেট’লজিষ্ট। বৰ্তমান তেওঁ লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ২১ জুন ২০২৬ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছোনিয়া নিত্যানন্দ ( Soniya Nityanand; জন্ম ৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ইমিউন’লজিষ্ট আৰু হেমেট’লজিষ্ট। বৰ্তমান তেওঁ লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৫ চনত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী১২ সন্মানিত কৰা হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

নিত্যানন্দই লক্ষ্ণৌৰ কিং জৰ্জৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ আৰু এম ডি সম্পূৰ্ণ কৰে।৩৪ তাৰপিছত ১৯৯৬ চনত ছুইডেনৰ ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটৰ পৰা ইমিউন'লজীত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৩৪৫

কৰ্মজীৱন

নিত্যানন্দই ১৯৯১ চনৰ অক্টোবৰৰ পৰা ১৯৯৩ চনৰ নৱেম্বৰ মাহলৈকে কিং জৰ্জ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে শৈক্ষিক জীৱন আৰম্ভ কৰে।৪ ইয়াৰ পিছত তেওঁ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছজিপিজিআইএমএছ)ত যোগদান কৰে, য’ত তেওঁ ১৯৯৩ চনৰ নৱেম্বৰৰ পৰা ইমিউন’লজী আৰু ৰক্তবিজ্ঞান বিভাগত কাৰ্যনিৰ্বাহ কৰি আছে।৪

তেওঁ ১৯৯১ চনৰ পৰা ১৯৯২ চনলৈকে ষ্টকহ'মৰ কেৰলিনস্কা ইনষ্টিটিউটত ইমিউন'লজী আৰু হেমেট'লজীৰ ভিজিটিং ফেলো আছিল।৬

২০২১ চনত তেওঁ ডাঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে।৭

২০২৩ চনৰ আগষ্ট মাহত নিত্যানন্দক লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় আৰু এই পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।৮৯১০১১১২

বঁটা আৰু সন্মান

নিত্যানন্দই তেওঁৰ কৰ্মজীৱনৰ সময়ছোৱাত কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে:

  • ২০২৫: চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত পদ্মশ্ৰী।১৩১৪১৫
  • জৈৱ প্ৰযুক্তি বিভাগৰ দ্বাৰা কেৰিয়াৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান বঁটা (২০০৩–০৪)।৪
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ দ্বাৰা যুৱ বিজ্ঞানী বঁটা (১৯৯০)।৪
  • ড° জে চি পেটেল আৰু ড° বি চি. ভাৰতীয় চিকিৎসক সংস্থাৰ দ্বাৰা মেহতা বঁটা (২০০০)।৪
  • ডাঃ এন.এন. গুপ্ত স্বৰ্ণ পদক।৪
  • শ্ৰেষ্ঠ চিকিৎসা ছাত্ৰৰ বাবে চ্যান্সেলৰৰ পদক।৪

তথ্যসূত্ৰ

  1. ↑ (25 January 2025). Padma Awards 2025 announced. Press Information Bureau. Ministry of Home Affairs, Government of India
  2. ↑ (28 April 2025). Padma Awards 2025 – Notifications. Padma Awards (Official). Ministry of Home Affairs, Government of India
  3. ↑ The Faculty. www.sgpgi.ac.in
  4. ↑ StreeShakti - The Parallel Force. www.streeshakti.com
  5. ↑ (28 January 2025). A legacy of medical excellence: Soniya Nityanand & her father. Times of India
  6. ↑ (1 August 2023). KGMU VC: पिता ने तैयार की थी पहली गर्भनिरोधक गोली, बेटी बनी लखनऊ मेडिकल कॉलेज की कुलपति. Zee News Hindi
  7. ↑ (28 May 2025). जानें कौन हैं Dr Soniya Nityanand, जिन्हें बनाया गया Dr Ram Manohar Lohia Ayurvigyan Sansthan का नया निदेशक. Patrika (Dainik Patrika)
  8. ↑ (3 August 2023). यूपी: सोनिया नित्यानंद बनीं KGMU की वाइस चांसलर, इंटरव्यू में पूछा गया क्या आप कुर्सी संभालने के लिए तैयार हैं?. Zee News Hindi
  9. ↑ (May 2025). पद्मश्री अवॉर्ड पाने वाली KGMU की कुलपति का इंटरव्यू: प्रो. सोनिया नित्यानंद बोलीं– नई टेक्नोलॉजी के साथ आगे बढ़ें, रिसर्च पर फोकस जरूरी. Bhaskar (Dainik Bhaskar)
  10. ↑ (25 January 2025). Lucknow KGMU Vice‑Chancellor Prof. Soniya Nityanand honored with Padma‑Shri; father has also achieved this. Amar Ujala
  11. ↑ (January 2025). KGMU turns 120 years – OPD में सालभर में आते हैं 19 लाख मरीज; कुलपति डॉ. सोनिया नित्यानंद का विशेष इंटरव्यू. Bhaskar (Dainik Bhaskar)
  12. ↑ (2 August 2023). KGMU alumna Soniya Nityanand is now its VC, to have three‑year term. Times of India
  13. ↑ Padma Award Winners 2025 Full List: Padma Vibhushan, Padma Bhushan, Padma Shri. Bru Times News
  14. ↑ (25 January 2025). Full list of Padma Awards 2025. The Hindu
  15. ↑ (26 January 2025). Sadhvi Ritambhara, Prof Soniya Nityanand among 10 Padma awardees from UP. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছোনিয়া নিত্যানন্দ” প্ৰবন্ধৰ সংশোধন ৬১৩৪২৩ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।