জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জানম ৰাজ
জানম ৰাজ Janam Raj (জন্ম মহেন্দ্ৰ ডেকা; ১ মাৰ্চ ১৯৬৫ – ২৯ এপ্ৰিল ২০২৩) আছিল এজন ভাৰতীয় গায়ক, সুৰকাৰ, গীতিকাৰ আৰু অসমৰ এজন অধিবক্তা। তেওঁ আধুনিক অসমীয়া গীত, ভজন, গজল, আধুনিক হিন্দী গীত গাইছিল।
-
জানেট অ'কালা
জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।
-
জান্নাত জুবাইৰ ৰহমানী
জান্নাত জুবাইৰ ৰহমানী (ইংৰাজী: Jannat Zubair Rahmani; জন্ম: ২৯ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষাৰ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ত কাছী, ‘ফুলৱা’ত ফুলৱা আৰু ‘তু আশিকী’ত পংক্তি চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত।
-
জান্নাতুল ফেৰদৌচ পিয়া
জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা। তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জান্নাতুল বাকী
জান্নাত আল-বাকী (আৰবী: ٱلْبَقِيْع, ) বাকীহেজাজী হৈছে মদীনাৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ইছলামিক কবৰস্থান।বৰ্তমানৰ চৌদি আৰবৰ হেজাজী অঞ্চলত অৱস্থিত। ইয়াক বাকি আল-ঘৰকাদ বুলিও জনা যায়। খবৰ অনুসৰি আল-বাকী পয়গম্বৰ মুহাম্মাদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে।
-
জাফৰ পনাহী
জাফৰ পনাহী (جعفر پناهی,; জন্ম ১১ জুলাই ১৯৬০) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। ১৯৭৯ বিপ্লৱোত্তৰ ইৰানী চলচ্চিত্ৰলৈ তেওঁৰ শিল্পমূলক অৱদানৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত আৰু তেওঁক ইৰানী নৱকল্লোলৰ সৈতে জড়িত কৰা হয়।
-
জাবিনা খান
জাবিনা খান (ইংৰাজী: Zabina Khan; জন্ম: ১২ ডিচেম্বৰ ১৯৮৪), যাক জাবিন খান নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য ৰাণী, অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা। তেওঁ ২০০৪ বৰ্ষত প্ৰথমগৰাকী মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।
-
জাভোখিৰ সিন্দাৰভ
জাভোখিৰ সিন্দাৰভ (জন্ম: ৮ ডিচেম্বৰ ২০০৫) উজবেকিস্তানৰ এজন দবা গ্ৰেণ্ডমাষ্টাৰ আৰু দুবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন। এজন অসাধাৰণ দবা প্ৰতিভা হিচাপে তেওঁ মাত্ৰ ১২ বছৰ ১০ মাহ ৮ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে। তেওঁ ৪৪তম দবা অলিম্পিয়াডত বিজয় সাব্যস্ত কৰা উজবেকিস্তান দলৰ সদস্য আছিল।
-
জামিয়াং চেৰিং নামগ্যাল
জামিয়াং চেৰিং নামগ্যাল ওৰফে জেটিএন এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভৌগোলিকভাৱে ভাৰতৰ সৰ্ববৃহৎ সংসদীয় আসন লাডাখ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জালাচট চাদাত
জালাচট চাদাত (ইংৰাজী: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬) এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।
-
জালেহ এছফাহানী
জালেহ এছফাহানী ( Jaleh Esfahani); ( ১৯২১ – ২৯ নৱেম্বৰ ২০০৭) আছিল এগৰাকী ইৰাণী কবি আৰু সাহিত্যৰ পণ্ডিত।
-
জাষ্টিন ছেংগিয়ুমভা
জাষ্টিন ছেংগিয়ুমভা (ইংৰাজী: Justin Nsengiyumva; জন্ম: ১৯৭০ বা ১৯৭১) হ'ল ৰুৱাণ্ডাৰ বেংকাৰ আৰু ৰাজনীতিবিদ, যিয়ে ২০২৫ চনৰ ২৫ জুলাইৰপৰা ৰুৱাণ্ডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
জাষ্টিন ব্লেজাৰ
জাষ্টিন গেব্ৰিয়েলা ব্লেজাৰ এগৰাকী গায়িকা, গীতিকাৰ, ৰেকৰ্ডিং শিল্পী আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ সংগীত চিএমটিত প্ৰচাৰ কৰা হৈছে আৰু তেওঁ জেছন এলডিয়ান, জাষ্টিন মূৰ, লি ব্ৰীচ, কেথী মেটিয়া আৰু ল'নষ্টাৰৰ দৰে শিল্পীৰ বাবে শ্ব' মুকলি কৰিছে।
-
জাহা হাদিদ
ডেম জাহা মুহাম্মদ হাদিদ (জন্ম: ৩১ অক্টোবৰ ১৯৫০ – মৃত্যু: ৩১ মাৰ্চ ২০১৬) এগৰাকী ইৰাক আৰু ব্ৰিটিছ স্থপতি, শিল্পী আৰু ডিজাইনাৰ আছিল। তেওঁ বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণি স্থাপত্যকীৰ্তিত মুখ্য ব্যক্তি হিচাপে স্বীকৃত।
-
জাহানাৰা ইমাম
জাহানাৰা ইমাম (Jahanara Imam; ৩ মে, ১৯২৯ – ২৬ জুন, ১৯৯৪) এগৰাকী বাংলাদেশী লেখক আৰু ৰাজনৈতিক কৰ্মী। বাংলাদেশৰ মুক্তি যুদ্ধত যুদ্ধ অপৰাধ সংঘটিত কৰাৰ অভিযুক্তসকলক বিচাৰৰ বাবে অনাৰ প্ৰচেষ্টাৰ বাবে তেওঁ জনাজাত। তেওঁক ‘শ্বহীদ জননী’ বুলি কোৱা হৈছিল।
-
জাহানাৰা শ্বাহনৱাজ
বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ কন্যা।
-
জাহিদা খাতুন শ্বেৰৱানী
জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
জাহিদা জাইদি
জাহিদা জাইদি ( Zahida Zaidi; ৪ জানুৱাৰী ১৯৩০ – ১১ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় পণ্ডিত, ইংৰাজী সাহিত্যৰ অধ্যাপিকা, কবি, নাট্যকাৰ, নাট্যকাৰ, আৰু সাহিত্য সমালোচক।
-
জাহ্ৰা ডাউলাতাবাদী
জাহ্ৰা ডাউলাতাবাদী (ফাৰ্চী: زهرا دولت آبادی) এগৰাকী ইৰানী-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁ আমেৰিকান গায়ক-গীতিকাৰ এম বেইহোল্ডৰ মাতৃ।
-
জাহ্ৰা বেন মিম
জাহ্ৰা বেন মিম (জন্ম: ৩০ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ইৰাকী-টুনিচিয়ান অভিনেত্ৰী, উপস্থাপিকা আৰু মডেল। তেওঁ হোৱা বাগদাদ নামৰ টেলিভিছন ছিৰিজত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
জাৰতাজ গুল
জাৰতাজ গুল ৱাজিৰ ( উৰ্দু: زرتاجگُل وزیر ) এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা ২০২২ চনৰ ১০ এপ্ৰিললৈকে ইমৰান খানক অনাস্থা প্ৰস্তাৱৰ দ্বাৰা পদচ্যুত কৰা হৈছিল।
-
জাৰা
জাৰিফা পাছায়েভনা মগয়ান (Зарифа́ Паша́евна Мгоя́н; জন্ম: ২৬ জুলাই ১৯৮৩), যি জাৰা (За́ра) নামেৰে পৰিচিত, এগৰাকী য়েজিদি-কুৰ্ড মূলৰ ৰাছিয়ান পপ গায়িকা, অভিনেত্ৰী আৰু সামাজিক কৰ্মী। তেওঁক ২০১৬ চনত ৰাছিয়ান ফেডাৰেচনৰ সন্মানীয় শিল্পী উপাধি প্ৰদান কৰা হৈছিল।
-
জাৰা এছ খান
জাৰা এছ খান (ইংৰাজী: Zahrah S. Khan) এগৰাকী ভাৰতত কৰ্মৰত ব্ৰিটিছ অভিনেত্ৰী আৰু নেপথ্য গায়িকা। তেওঁ অভিনেত্ৰী আৰু গায়িকা হিচাপে বলিউডলৈ অৱদান আগবঢ়াইছে।
-
জাৰিন মেহতা
জাৰিন মেহতা (: Zarin Mehta; জন্ম: ২৮ অক্টোবৰ ১৯৩৮) এগৰাকী ভাৰতীয়-কানাডিয়ান কলা কাৰ্যবাহী যিয়ে ২০০০ চনৰ পৰা ২০১২ চনলৈ নিউয়ৰ্ক ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰাৰ সভাপতি আৰু কাৰ্যবাহী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও পৰিবেশন কলা উদ্যোগৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
-
জাৰীন খান
জাৰীন খান (ইংৰাজী: Zareen Khan; জন্ম: ১৪ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ জগতত কাম কৰে। ২০১০ চনত একচনধৰ্মী ছবি বীৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।
-
জাৰ্লিন অনিকা
জাৰ্লিন অনিকা জয়ৰত্নগন (ইংৰাজী: Jerlin Anika Jayaratchagan; জন্ম: ২০০৪), চমুকৈ জে. জাৰ্লিন অনিকা বা জাৰ্লিন অনিকা এগৰাকী ভাৰতীয় বধিৰ বেডমিণ্টন খেলুৱৈ।
-
জি কাং
জি কাং (Ji Kang 嵇康, অনুমাণিক ২২৪–অনুমাণিক ২৬৩), যাক কেতিয়াবা ক্সি কাং বুলিও কোৱা হয়, আৰু যাৰ সৌজন্যমূলক নাম আছিল শুয়ে (叔夜), তেওঁ আছিল চীনৰ তিনিখন ৰাজ্যৰ যুগ (Three Kingdoms period)-ৰ এজন সুৰকাৰ, প্ৰবন্ধকাৰ, দাৰ্শনিক আৰু কবি।
-
জি দেৱৰাজন
পৰাভুৰ গোবিন্দন দেৱৰাজন (মালয়ালম: പരവൂർ ഗോവിന്ദൻ ദേവരാജൻ; ১৯২৭–২০০৬) সাধাৰণতে জি দেৱৰাজন বা দেৱৰাজন মাষ্টাৰ নামেৰে জনাজাত এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু কৰ্ণাটকী সংগীত কণ্ঠশিল্পী আছিল।
-
জিঅ'ফ্ৰী হিণ্টন
জিঅ'ফ্ৰী এভাৰেষ্ট হিণ্টন (জন্ম: ৬ ডিচেম্বৰ ১৯৪৭) এজন ব্ৰিটিছ-কানাডিয়ান কম্পিউটাৰ বিজ্ঞানী, সংজ্ঞানাত্মক বিজ্ঞানী, সংজ্ঞানাত্মক মনোবিজ্ঞানী। তেওঁ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ বিষয়ে কৰা গৱেষণাৰ বাবে বিশেষভাবে জনাজাত। ইয়াৰ বাবে তেওঁ "কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ" উপাধি লাভ কৰিছে।
-
জিউচেপা বাৰ্বাপিকোলা
জিউচেপা এলেনোৰা বাৰ্বাপিকোলা (১৭০২ – ca ১৭৪০) ইটালীৰ এজন প্ৰাকৃতিক দাৰ্শনিক, কবি আৰু অনুবাদক আছিল। ১৭২২ চনত ৰেনে ডেকাৰ্টৰ দৰ্শনৰ নীতিসমূহ ইটালীয় ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।