জগজিৎ কৌৰ (Jagjit Kaur) হ'ল এগৰাকী হিন্দী আৰু উৰ্দু ভাষাৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক মহম্মদ জহুৰ খয়ামৰ পত্নী।১ চলচ্চিত্ৰৰ বাবে তেওঁ তেওঁৰ সমসাময়িক লতা মংগেশকাৰ আৰু আশা ভোছলেতকৈ কম গীত গাইছে, তথাপি তেওঁৰ প্ৰায় সকলো গীতকে মাষ্টাৰপিচ আখ্যা দিয়া হয়।
ব্যক্তিগত জীৱন
পঞ্জাবৰ এটি সংস্কৃতিবান পৰিয়ালত জগজিৎ কৌৰৰ জন্ম।২ ১৯৫৪ চনত তেওঁ মহম্মদ জহুৰ খয়ামৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এইখন আছিল ভাৰতীয় চিনেমা জগতৰ প্ৰথমখন অসবৰ্ণ বিবাহ।২ প্ৰদীপ নামে তেওঁলোকৰ এজন ল'ৰা আছিল। হৃদ-ক্ৰিয়া বন্ধ হৈ ২০১২চনত প্ৰদীপৰ মৃত্যু ঘটে। প্ৰদীপে আনক সহায় কৰি ভাল পাইছিল। তেওঁৰ এই গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাক-দেউতাকে অভাৱগ্ৰস্ত শিল্পী আৰু কলাকুশলী সকলক সহায়ৰ বাবে খয়াম জগজিৎ কৌৰ কেপিজি চেৰিটেব'ল ট্ৰাষ্ট নামে এটা ট্ৰাষ্ট খোলে।৩ ২০১৯চনৰ ১৯ আগষ্ট তাৰিখে ৰাতি ৯ বাজি ৩০ মিনিটত হৃদযন্ত্ৰ বিকল হৈ খয়ামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।৪
উল্লেখযোগ্য গীত
তেওঁৰ উল্লেখযোগ্য গীতসমূহৰ কিছু হ'ল-৫৬৭৮৯
- দেখ' দেখ' জী গৌৰী চচুৰাল চলি (চগুণ, ১৯৬৪) গীতৰ কথা- চাহিৰ লুধিয়ানভী, সংগীত- খয়াম
- তুম অপনা ৰাজ-অ'- গম অপনি পৰেচানি মুঝে দে দৌ (চগুণ)
- খামোচ জিন্দেগী কৌ অফচানা মিল গয়া (দিল-এ-নাদান, ১৯৫৩) গীতৰ কথা- চাকিল বাৰাওনি, সংগীত- গোলাম মহম্মদ
- চলে আও চেইয়া ৰংগীলা ম্যে ভাৰী ৰে ( বাজাৰ, ১৯৮২) পামেলা চোপ্ৰাৰ সৈতে, গীতৰ কথা- জগজিৎ কৌৰ, সংগীত- খয়াম
- দেখ লৌ আজ হমকৌ জী ভৰ কে (বাজাৰ)
- কাহে কৌ ব্যাহি বাইদচ (উমৰাও জান, ১৯৮১) সংগীত- খয়াম
- চাৰা চিড়িয়া দা চম্বা ৱে (কভী কভী, ১৯৭৬) পামেলা চোপ্ৰাৰ সৈতে, সংগীত- খয়াম
- চন্দা গায়ে ৰাগিণী (দিল-এ-নাদান)
- পেহলে তৌ আখ মিলানা (চৌলা অঔৰ শ্ববনম, ১৯৬১) ৰফীৰ সৈতে, গীতৰ কথা- কাইফী আজমী, সংগীত- খয়াম
তথ্যসূত্ৰ
- ↑ Some timeless songs of Jagjit Kaur. songsofyore.com
- ↑ (14 August 2019). 1954: A love story, featuring Khayyam and Jagjit Kaur. Mumbai Mirror
- ↑ (22 May 2016). We were inspired by the divine to do what we did: Khayyam & Updates at Daily News & Analysis. DNA India
- ↑ (19 August 2019). Music composer Khayyam passes away. The Indian Express
- ↑ Singer: Jagjit Kaur: Lyrics and video of Hindi Film Songs – Page 1 of 2. hindigeetmala.net
- ↑ Jagjit Kaur albums. raag.fm
- ↑ Amazon.in: Jagjit Kaur: Music. Amazon.com
- ↑ Shagoon – Suman Kalyanpur,Jagjit Kaur – Songs, Reviews, Credits. AllMusic
- ↑ Listen to Jagjit Kaur songs online, Jagjit Kaur songs MP3 download. saregama.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগজিৎ কৌৰ” প্ৰবন্ধৰ সংশোধন ৫৬৩০১৯ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।