অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড

ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড(Credit Information Bureau (India) Limited) হৈছে ভাৰতত কাম কৰা এটা ক্ৰেডিট তথ্য কোম্পানী। ই ৬০০ নিযুত ব্যক্তি আৰু ৩২ নিযুত ব্যৱসায়ৰ ওপৰত ক্ৰেডিট ফাইল বজাই ৰাখে।

হালনাগাদ: ৯ আগষ্ট ২০২৫ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড(Credit Information Bureau (India) Limited) হৈছে ভাৰতত কাম কৰা এটা ক্ৰেডিট তথ্য কোম্পানী। ই ৬০০ নিযুত ব্যক্তি আৰু ৩২ নিযুত ব্যৱসায়ৰ ওপৰত ক্ৰেডিট ফাইল বজাই ৰাখে। ট্ৰেন্সইউনিয়ন চিবিল লিমিটেড হৈছে ভাৰতত কাম কৰা চাৰিটা ক্ৰেডিট ব্যুৰোৰ ভিতৰত এটা আৰু ই আমেৰিকান বহুজাতিক গোট ট্ৰেন্সইউনিয়নৰ অংশ।১

চিবিল স্কোৰ হৈছে গ্ৰাহক এজনৰ ক্ৰেডিট ইতিহাসৰ তথ্যৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ বিশ্বাসযোগ্যতাৰ মূল্যাঙ্কন। নম্বৰ যিমানে বেছি হয়, বেঙ্কটো গ্ৰাহকৰ বাবে সিমানেই অনুকূল হয়। ই হৈছে ৩০০ ৰ পৰা ৯০০-ৰ ভিতৰত ৩-অংকৰ সংখ্যা। আদৰ্শভাৱে, ৭২০ বা তাতকৈ অধিক নম্বৰ ক এক ভাল চিবিল নম্বৰ হিচাপে গণ্য কৰা হয়।২

উপভোক্তাৰ ক্ৰেডিট প্ৰতিবেদন

ট্ৰেন্স ইউনিয়ন চিবিলে ঋণৰ বিপদাশংকা আৰু মূল্য নিৰ্ধাৰণ ৰ বাবে উপভোক্তাৰ ঋণ আৰু পৰিশোধৰ তথ্য একত্ৰিত কৰে।৩ ই চিকাগো স্থিত ট্ৰেন্সইউনিয়নৰ সৈতে অংশীদাৰীত্ব কৰিছে।৪৫

ব্যৱসায়িক ক্ৰেডিট প্ৰতিবেদন

ট্ৰেন্সইউনিয়ন চিবিলে ঋণৰ বিপদাশংকা আৰু মূল্য নিৰ্ধাৰণ ৰ বাবে ব্যৱসায়িক বিত্তীয় আৰু পৰিশোধ তথ্য একত্ৰিত কৰে। ই নিউ জাৰ্চি স্থিত ডুন আৰু ব্ৰেডষ্ট্ৰীটৰ সৈতে অংশীদাৰীত্ব কৰিছে। ডি এণ্ড বিয়ে বিশ্বব্যাপী ১৫০ নিযুত ব্যৱসায়ৰ ফাইল বজাই ৰাখে।৬

চিআৰআইএফ আৰু চিবিল

বেংক আৰু বিত্তীয় সংগঠনবোৰে চিআৰআইএফ আৰু চিবিল ব্যাপকভাৱে ব্যৱহাৰ কৰে। তেওঁলোক দুয়োটা কম বেছি পৰিমাণে একে।

চিআৰআইএফ আৰু চিবিলৰ তুলনামূলক বিশ্লেষ:-

চি.আৰ.আই.এফ. ক্ৰেডিট স্কোৰ:

300–500Very low
500-600Low
650–750Great
750-900Excellent

চিবিল ক্ৰেডিট স্কোৰ:

<600Low
600-649Difficult
650-699Possible
700-749Good
750-900Excellent

ইতিহাস

  • ২০০০ চনত চিবিল (ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড) অন্তৰ্ভুক্ত কৰা হৈছে।
  • ২০০৪ চনত ভাৰতত ক্ৰেডিট ব্যুৰো সেৱা আৰম্ভ কৰা হয় (উপভোক্তা ব্যুৰো)।
  • ২০০৬ চনৰ পৰা বাণিজ্যিক ব্যুৰো কাৰ্যকলাপ আৰম্ভ হয়।
  • ২০০৭ চনৰ পৰা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰতৰ প্ৰথম জেনেৰিক ৰিস্ক স্কোৰিং মডেল চিবিল স্কোৰ প্ৰৱৰ্তন কৰা হৈছিল।৭
  • ২০১১ চনত চিবিল স্কোৰ ব্যক্তিগত গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰা হয়।
  • ২০১৭ চনৰ পৰা ট্ৰেন্সইউনিয়ন চিবিলে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ঋণ প্ৰৱেশ বৃদ্ধি কৰিবলৈ আৰু ঋণদাতাসকলক বিপদাশংকা ভালদৰে মূল্যাঙ্কন কৰাত সহায় কৰিবলৈ চিবিল এমএছএমই ৰেংক মুকলি কৰে ৮৯
  • ২০১৭ চনত বেঙ্ক অফ ইণ্ডিয়াই কোম্পানীটোত ইয়াৰ ৫% অংশ ১৯০.৬ কোটি টকাত বিক্ৰী কৰে, যাৰ অৰ্থ হৈছে ট্ৰেন্সইউনিয়ন চিবিলৰ বাবে ৫৯২ নিযুত আমেৰিকান ডলাৰ।১০

তথ্যসূত্ৰ

  1. ↑ (1 June 2009). India to get three new credit data bureaus. Live Mint
  2. ↑ (2021-11-03). CIBIL Score: Full Form, What it is? Difference Between Credit Score & CIBIL. Buddy Loan Official Blog
  3. ↑ (2012-05-17). Important of Cibil Credit Score. Credit Vidya
  4. ↑ (2012-05-17). Important of Cibil Credit Score. Credit Vidya
  5. ↑ (2012-05-17). How to get Cibil Score Online. CreditVidya
  6. ↑ "About Us." Dun & Bradstreet
  7. ↑ Everything About: TransUnion CIBIL Limited. Aim Success
  8. ↑ (1 March 2017). TransUnion CIBIL launches credit risk ranking for MSMEs. SME Times
  9. ↑ (1 March 2017). TransUnion CIBIL introduces ranking for MSMEs. Bank Frontiers
  10. ↑ (29 August 2017). BoI to complete sale of 29.96% stake in STCI Finance by month-end. Financial Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড” প্ৰবন্ধৰ সংশোধন ৫৩১২৪৯ (৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।