অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্লাৰা আবকাৰ

ক্লাৰা আবকাৰ (Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল। তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ক্লাৰা আবকাৰ (Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল।১২ তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী। তেওঁৰ নামটো ক্লাৰা আবগাৰ, ক্লাৰা আবগাৰিয়ান আৰু ক্লাৰা আবকাৰিয়ান বুলিও লিখা দেখা যায়।

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

ক্লাৰা আবকাৰ ইৰাণৰ ইছফাহানৰ আৰ্মেনিয়ান কোৱাৰ্টাৰ নিউ জুলফাৰ এটা আৰ্মেনিয়ান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯১৬ চনত কাজাৰ ইৰাণৰ তেহৰাণত জন্ম হৈছিল। ক্লাৰাই আৰ্মেনিয়ান স্কুল ডাভোটিয়ানত অধ্যয়ন কৰিছিল, যাক পিছলৈ কোছেছ বুলি কোৱা হৈছিল। স্কুলীয়া দিনত মাৰ্কাৰ কাৰাবাঘিয়ান আৰু হাকুপ ভাৰ্টানিয়ানৰ লগত তেওঁ চিত্ৰকলা শিকিছিল। ইৰাণী ডাকটিকটৰ ডিজাইনাৰ মহম্মদ মেহৰোভান৩ৰ অধীনত ইৰাণৰ পৰম্পৰাগত চিত্ৰকলা আৰু ক্ষুদ্ৰ চিত্ৰও অধ্যয়ন কৰিছিল। তেওঁ হাই একাডেমী অৱ ফাইন আৰ্টছত অধ্যয়ন কৰিছিল।

তেওঁৰ ক্ষুদ্ৰ চিত্ৰসমূহত ঘোঁৰা চলোৱাৰ দৃশ্য, স্থিৰ জীৱন, ফুল, ওমৰ খায়াম, আত্তাৰ, শ্বেখ আহমদৰ সমাধিক্ষেত্ৰ আৰু লগতে ফিৰোজাবাদী আৰু আলিয়াবাদ টাৱাৰৰ বিশেষ স্থান আছিল।

তেওঁ কেতিয়াও নিজৰ শিল্প কৰ্মবোৰ বিক্ৰীৰ বাবে দিয়া নাছিল।৪৫ ক্ষুদ্ৰ চিত্ৰকলাৰ বাবে শিল্পীগৰাকীৰ প্ৰিয় বিষয় আছিল ঘোঁৰা চলোৱাৰ দৃশ্য, ষ্টীল লাইফ পেইণ্টিং, ফুল আৰু খায়্যামৰ সমাধি আৰু আত্তাৰ। বাজাম সমাৱেশৰ চিত্ৰণতো তেওঁ পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত অনুশিৰভান আৰু বজোৰগমেহৰ, শ্বেকাৰ-এ বাহৰাম, ইউছেফ আৰু জুলিখা, দ্য ওল্ড ওমেন আৰু আহমদ সঞ্জাৰ, মাজলেছে শ্বেখ ছান'আন, দ্য ভয়ংকৰ গাৰ্ল, বাজম আৰু বাদে এছঘ আদি অন্যতম। আবকাৰে বহুতো উল্লেখযোগ্য সোণালী চিত্ৰও নিৰ্মাণ কৰিছিল, তেওঁৰ অষ্টকোণীয়া সোণ পাতৰ ৰং চৰোৱা পেইজলি ডিজাইন বিশেষভাৱে বিখ্যাত আছিল।৬৭

তথ্যসূত্ৰ

  1. ↑ (2013-10-10). ۱۰۰ زن نخست ایران در حوزه‌های مختلف. BBC News فارسی
  2. ↑ هنرمندی که آثارش را زنان تاثیرگذار ایران؛ کلارا آبکار،. Iran Wire
  3. ↑ کلارا آبکار. rasekhoon.net
  4. ↑ (2011-07-10). زندگینامه: کلارا آبکار (۱۲۹۴-۱۳۷۵). www.hamshahrionline.ir
  5. ↑ نخستين مينياتوريست زن – DW – ۱۳۹۹/۸/۱۳. dw.com
  6. ↑ Բախչինյան, Արծվի (2002). Հայազգի գործիչներ:հնագույն ժամանակներից մինչեւ մեր օրերը; կենսագրական հանրագիտակ. Երևան: Տաթև գիտակրթական համալիր Զանգակ-97. p. 171-72. ISBN 99930-2-415-5.
  7. ↑ Navasargian, Alice (1997). Iran - Armenia: Golden Bridges: 20th Century Iranian-Armenian Painters. Glendale: AAA Publishing House. p. 98-103. ISBN 978-0-9697620-0-3.

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীআৰ্মেনিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লাৰা আবকাৰ” প্ৰবন্ধৰ সংশোধন ৫৭১১৫৮ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।