ক্ল’ই এলিজাবেথ বেইলী (ইংৰাজী ভাষা: Chloe Elizabeth Bailey; জন্ম: ১ জুলাই, ১৯৯৮), যাক কেৱল Chlöe নামেৰেও জনা যায়, এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন গায়িকা-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ নিজৰ ভগ্নী হেলি বেইলীৰ সৈতে 'ক্ল’ই এক্স হেলি' হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে। এই যুটিটোৱে দুখন ষ্টুডিঅ’ এলবাম মুকলি কৰিছিল, যাৰ ভিতৰত দ্বিতীয়খন এলবাম আনগডলী আৱাৰ (২০২০)-এ মুক্তিৰ লগে লগে ব্যাপক সমাদৰ লাভ কৰিছিল। ২০২১ চনত বেইলীয়ে তেওঁৰ প্ৰথম একক গীত "হেভ মাৰ্চি" মুকলি কৰে, যিটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত প্লেটিনাম স্বীকৃতি লাভ কৰিছিল। ২০২৩ চনত তেওঁৰ প্ৰথম একক এলবাম ইন পিচেছ মুক্তি পায়। তেওঁৰ দ্বিতীয়খন ষ্টুডিঅ’ এলবাম ট্ৰাবল ইন পেৰাডাইজ ২০২৪ চনত মুক্তি পাইছিল।
বেইলীয়ে কেইবাখনো টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰতো অভিনয় কৰিছে, যাৰ ভিতৰত গ্ৰন-ইছ (২০১৮–২০২২) আৰু স্বৰ্ম (২০২৩) উল্লেখযোগ্য। প্ৰেইজ ডিচ বোলছবিখনত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ এন.এ.এ.চি.পি. ইমেজ এৱাৰ্ড লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৯৮ চনৰ ১ জুলাইত আটলাণ্টাত ক্ল’ই এলিজাবেথ বেইলীৰ জন্ম হৈছিল।১ তেওঁ জৰ্জিয়াৰ মেবলটনত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালত এগৰাকী ডাঙৰ ভগ্নী স্কি বেইলী (জন্ম: ১৯৯১), এগৰাকী সৰু ভগ্নী হেলি বেইলী (জন্ম: ২০০০) আৰু এজন সৰু ভাতৃ ব্ৰেনচন বেইলী (জন্ম: ২০০৫) আছে। ২০১২ চনৰ মাজভাগত তেওঁলোক একেলগে লছ এঞ্জেলচলৈ স্থানান্তৰিত হয়।২৩৪৫ জৰ্জিয়াত থকাৰ সময়তে তেওঁ কেইখনমান চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল, যাৰ ভিতৰত বিয়ন্স অভিনীত দ্য ফাইটিং টেম্পটেচনছ (২০০৩) আৰু ডিজনী চেনেলৰ টেলিভিছন ছবি লেট ইট শ্বাইন (২০১২) অন্যতম।৬ তেওঁৰ দেউতাকে ৮ বছৰ বয়সৰপৰাই তেওঁলোকক গান কেনেকৈ লিখিব লাগে সেই বিষয়ে শিকাইছিল।৭
ব্যক্তিগত জীৱন
২০২৪ চনৰ ১১ জুনত বেইলীয়ে টিকটক লাইভৰ জৰিয়তে সদৰি কৰে যে তেওঁ ১১ বছৰ ধৰি পালন কৰি অহা নিৰামিষাহাৰী (vegan) জীৱন-শৈলী ত্যাগ কৰিছে। তেওঁ উল্লেখ কৰে যে আহাৰ পৰিৱৰ্তন কৰাৰ পাছত তেওঁ লাভৱান্বিত হৈছে আৰু কোনো নেতিবাচক প্ৰভাৱ অনুভৱ কৰা নাই।৮৯
তথ্যসূত্ৰ
- ↑ Beyonce celebrates Chloe Bailey's 23rd birthday. www.thenews.com.pk
- ↑ Wood, Mikael. (June 23, 2016). Destiny's next children? How Beyoncé helped propel Chloe x Halle to the BET Experience. Los Angeles Times
- ↑ Dennis, Ryan; Amiker, Francesca. (August 27, 2018). Georgia's own Chloe x Halle's epic homecoming visit. WXIA-TV
- ↑ Vultaggio, Maria. (June 29, 2020). Chloe x Halle Bailey Praise Their Parents on Instagram. Heavy.com
- ↑ Bruner, Raisa. (March 23, 2018). Beyoncé Protégés Chloe x Halle Are Here to Prove That The Kids Are Alright. Time
- ↑ Yuan, Jada. (May 3, 2016). Meet the First Superstars of the Beyoncé Generation. Vulture
- ↑ Spanos, Brittany. (June 23, 2016). How Chloe x Halle Caught Beyonce's Ear. Rolling Stone
- ↑ Chlöe Bailey Reveals She Quit Her Vegan Diet After 11 Years. BET
- ↑ (June 13, 2024). Chloe Bailey is NO LONGER vegan. YouTube
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ল’ই বেইলী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৫৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।