ক্লো মেভ অৰ্কিন (ইংৰাজী ভাষা: Chloe Meave Orkin) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কুইন মেৰী ইউনিভাৰ্চিটি অৱ লণ্ডনৰ এইচআইভি/এইডছ চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা।১ তেওঁ বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টৰ অন্তৰ্গত ৰয়েল লণ্ডন হাস্পতালত এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰে। তেওঁ এইচআইভি চিকিৎসাৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ আৰু বেজীৰে ল’ব পৰা এণ্টি-ৰেট্ৰ’ভাইৰেল ঔষধৰ প্ৰথমটো তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ নেতৃত্ব দিছিল।২ তেওঁ ব্ৰিটিছ এইচআইভি এছ’চিয়েচনৰ প্ৰাক্তন অধ্যক্ষ, য’ত তেওঁ যুক্তৰাজ্যৰ ভিতৰত আণ্ডিটেক্টেবল=আণ্ট্ৰান্সমিটেবল (U=U) অভিযানক প্ৰসাৰিত কৰিছিল।৩ তেওঁ মেডিকেল উইমেনছ ফেডাৰেচনৰ নিৰ্বাচিত সভাপতি। অৰ্কিন এগৰাকী সমকামী মহিলা৪ আৰু ২০২০ চনত যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উভয়ৰে 'শীৰ্ষ ১০০ লেচবিয়ান প্ৰভাৱশালী ব্যক্তি'ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।৫ তেওঁ নিজকে এগৰাকী চিকিৎসা কৰ্মী বুলি গণ্য কৰে আৰু তেওঁৰ বেছিভাগ কামেই স্বাস্থ্যসেৱা আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত থকা অসমতাসমূহৰ ওপৰত কেন্দ্ৰিত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অৰ্কিনৰ জন্ম দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত হৈছিল।৬ তেওঁ ১৯৯৫ চনত উইটৱাটাৰচৰাণ্ড বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে আৰু ভাইৰোলজী তথা মাইক্ৰ’বায়োলজী বিষয়ত শ্ৰেষ্ঠ ছাত্ৰীৰ বঁটা লাভ কৰে।৭ তেওঁ ১৯৯০-ৰ দশকত চোৱেটোৰ ক্ৰিছ হানী বাৰাগৱানাথ হাস্পতালত ক্লিনিকেল প্ৰশিক্ষণ আৰম্ভ কৰিছিল। সেই সময়ত চিকিৎসালয়ত ভৰ্তি হোৱা ৩০ ৰ পৰা ৪০ শতাংশ ৰোগী এইচআইভি (HIV) দ্বাৰা সংক্ৰমিত আছিল৮ আৰু অৰ্কিনে নিজেও এইডছৰ (AIDS) বাবে তেওঁৰ ঘনিষ্ঠ বন্ধুক হেৰুৱাইছিল।৪ ইয়াৰ পিছত তেওঁ যুক্তৰাজ্যলৈ যায়। ১৯৯৮ চনত তেওঁ চেলচি এণ্ড ৱেষ্টমিনিষ্টাৰ হাস্পতালত এইচআইভি আৰু জেনেটোৰিনেৰী মেডিচিনত বিশেষজ্ঞ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। বিশেষজ্ঞ প্ৰশিক্ষণৰ শেষৰ ফালে অৰ্কিনে তেওঁৰ নাৰ্ছ সহকৰ্মী তথা সংগী ফ্লিক থৰ্লিৰ সৈতে বষ্টোৱানালৈ যায় আৰু চৰকাৰী এণ্টি-ৰেট্ৰ’ভাইৰেল কাৰ্যসূচীৰ অংশ হিচাপে ফ্ৰাঞ্চিটাউনত এটি এইচআইভি/এইডছ চিকিৎসা কাৰ্যসূচী প্ৰতিষ্ঠা কৰে।৯ ২০০৬ চনত অৰ্কিনে লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ পৰা সংক্ৰামক ৰোগ বিষয়ত স্নাতকোত্তৰ (MSc) ডিগ্ৰী সম্পূৰ্ণ কৰে।
গৱেষণা আৰু কৰ্মজীৱন
২৯ বছৰ বয়সতে অৰ্কিনক বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টত পৰামৰ্শদাতা চিকিৎসক হিচাপে নিযুক্তি দিয়া হয়।৪ তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহ হৈছে নতুন এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপীৰ বিকাশ, তেজৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ পৰীক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত থকা অসমতাসমূহ। ২০১৩ চনত তেওঁ 'টেষ্ট মি ইষ্ট' নামৰ এটা এইচআইভি পৰীক্ষণ অভিযানৰ নেতৃত্ব দিছিল।১০ এই অভিযানত ডেভিদ ফাৰ্নিছ, ছাৰ এলটন জন আৰু চেডী ফ্ৰষ্টে সমৰ্থন আগবঢ়াইছিল আৰু ইয়াক চিএনএন (CNN), চেনেল ৪১১ আৰু আইটিভি নিউজত সম্প্ৰচাৰ কৰা হৈছিল। ২০১৫ চনত তেওঁ তেজৰ দ্বাৰা সংক্ৰমিত ভাইৰাছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে 'গয়িং ভাইৰেল' নামৰ এসপ্তাহজোৰা অভিযানৰ নেতৃত্ব দিছিল।১২ এই অভিনৱ অভিযানত যুক্তৰাজ্যৰ জৰুৰীকালীন বিভাগসমূহত 'অপ্ট-আউট' কৌশল ব্যৱহাৰ কৰি এইচআইভি, হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি পৰীক্ষাৰ সুবিধা আগবঢ়োৱা হৈছিল। এই অভিযানটো সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈছিল১৩ আৰু অভিনেতা ৰিচাৰ্ড উইলছন তথা ডিজে টিম ৱেষ্টউডকে ধৰি কেইবাজনো প্ৰখ্যাত ব্যক্তিয়ে ইয়াক সমৰ্থন কৰিছিল।
তেওঁ বেজীৰে ল’ব পৰা এণ্টি-ৰেট্ৰ’ভাইৰেলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰথমটো তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ নেতৃত্ব দিছিল।২ এই চিকিৎসাৰ বিষয়ে আলোচনা কৰিবলৈ আইটিভি নিউজত (ITV News)১৪ উপস্থিত হোৱাৰ পিছত, ছচিয়েল মিডিয়াত তেওঁক বহুতো পুৰুষতান্ত্ৰিক আৰু সমকামী-বিদ্বেষী মন্তব্যৰে উপহাস কৰা হৈছিল।৬১৫ এই অভিজ্ঞতাই তেওঁক লিংগ আৰু যৌন পৰিচয় ভিত্তিক বৈষম্যৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ উৎসাহিত কৰে। ইয়াৰ কিছু সময়ৰ পিছতেই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু ২০১৯ চনত মেডিকেল উইমেনছ ফেডাৰেচনৰ উপ-সভানেত্ৰী নিৰ্বাচিত হয়।১৬ অৰ্কিনে ২০১৭-২০১৯ চনলৈ ব্ৰিটিছ এইচআইভি এছ’চিয়েচনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল১৭ আৰু তেওঁ ইণ্টাৰনেশ্যনেল এইডছ ছ’চাইটিৰ পৰিচালনা পৰিষদৰ এগৰাকী সদস্য।১৮
২০১৮ চনত অৰ্কিন আৰু ব্ৰিটিছ এইচআইভি এছ’চিয়েচনে আণ্ডিটেক্টেবল=আণ্ট্ৰান্সমিটেবল (U=U) অভিযানৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।৩
যুক্তৰাজ্যত ক’ভিড-১৯ মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত, তেওঁ এনএইচএছ নাইটিংগেল লণ্ডন হাস্পতালকে ধৰি বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টৰ ৫খন হাস্পতালত ক’ভিড-১৯ চিকিৎসাৰ গৱেষণা নিৰাপদভাৱে পৰিচালনা কৰাৰ দায়িত্ব লৈছিল। তাৰ পিছৰে পৰা তেওঁ এটা কমিউনিটি লাইব্ৰেৰীত নতুন ক্লিনিকেল ট্ৰায়েল চেণ্টাৰ সৃষ্টি কৰা দলটোৰ নেতৃত্ব দি আহিছে আৰু ইয়াৰ জৰিয়তে এটা বৃহৎ ছাৰ্চ কোভ-২ (SARS CoV2) ভেকচিন ট্ৰায়েল পৰিচালনা কৰিছে।১৯ লগতে তেওঁক ইয়াৰ ক্লিনিকেল ডাইৰেক্টৰ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ জাতিগতভাৱে বৈচিত্ৰময় লোকসকলৰ দুৰ্বল স্বাস্থ্যৰ ফলাফল২০ আৰু মহিলাৰ শৈক্ষিক কেৰিয়াৰত থকা লিংগ বৈষম্যৰ ওপৰতো গৱেষণা চলাইছে।২১ তেওঁ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হোৱা প্ৰথমটো ক’ভিড-১৯ ভেকচিন ট্ৰায়েলৰ মুখ্য অনুসন্ধানকাৰী।
ব্যক্তিগত জীৱন
অৰ্কিন এগৰাকী লেচবিয়ান।২২ তেওঁ লণ্ডনত তেওঁৰ পত্নী ফ্লিক থৰ্লিৰ সৈতে বসবাস কৰে। ফ্লিক থৰ্লি চেলচি এণ্ড ৱেষ্টমিনিষ্টাৰ হাস্পতালৰ এগৰাকী অত্যন্ত সন্মানীয় এইচআইভি বিশেষজ্ঞ নাৰ্ছ আছিল আৰু লণ্ডন লাইটহাউচৰ চাৰ্জ নাৰ্ছ আছিল।২৩ তেওঁলোকৰ ঘৰত তিনিটা পোহনীয়া কুকুৰ আৰু দুটা মেকুৰী আছে।
তথ্যসূত্ৰ
- ↑ Chloe Orkin - Blizard Institute - Barts and The London. www.qmul.ac.uk
- ↑ Orkin, Chloe; Arasteh, Keikawus; Górgolas Hernández-Mora, Miguel. (2020-03-19). Long-Acting Cabotegravir and Rilpivirine after Oral Induction for HIV-1 Infection. New England Journal of Medicine. পৃ. 1124–1135
- ↑ BHIVA encourages universal promotion of Undetectable=Untransmittable (U=U). www.bhiva.org
- ↑ Professor Chloe Orkin: Chair of the British HIV Association. Audioboom
- ↑ Visible Lesbian 100. pocketmags.com
- ↑ (2019-12-12). This Doctor Can: Fighting HIV. RCP London
- ↑ (12 December 2019). This doctor can. www.rcplondon.ac.uk
- ↑ Black, Andrew; Sitas, Freddy; Chibrawara, Trust. (2019). HIV-attributable causes of death in the medical ward at the Chris Hani Baragwanath Hospital, South Africa. PLOS ONE
- ↑ Botswana's Mass Antiretroviral Therapy Program. millionssaved.cgdev.org
- ↑ Bath, R.; O'Connell, R.; Lascar, M. (2016-05-03). TestMeEast: a campaign to increase HIV testing in hospitals and to reduce late diagnosis. AIDS Care. পৃ. 608–611
- ↑ Rigby, Jennifer. (2013-11-26). Going to hospital? How about an HIV test?. Channel 4 News
- ↑ Orkin, C.; Flanagan, S.; Wallis, E. (March 2016). Incorporating HIV/hepatitis B virus/hepatitis C virus combined testing into routine blood tests in nine UK Emergency Departments: the "Going Viral" campaign. HIV Medicine. পৃ. 222–230
- ↑ (2015-02-25). Hepatitis C: Hunting the silent killer · Patrick Strudwick. the Guardian
- ↑ Morgan, Emily. (2019-03-07). Why a monthly HIV injection is a huge medical breakthrough. ITV News
- ↑ Mehlmann-Wicks, Jackie. Speaking up, listening up – scotching sexism in the NHS. The British Medical Association is the trade union and professional body for doctors in the UK.
- ↑ MWF Vice-President - Professor Chloe Orkin - Medical Womens Federation. www.medicalwomensfederation.org.uk
- ↑ Professor Chloe Orkin - 23rd Annual Conference of BHIVA. www.bhiva.org
- ↑ Governing Council. www.iasociety.org
- ↑ Munro, Victoria. (2020-11-16). Barts Health staff searching for volunteers to take part in coronavirus vaccine trial. East London Advertiser
- ↑ Lydall, Ross. (2021-01-20). Why are black and ethnic minority East End Londoners hardest hit by covid?. www.standard.co.uk
- ↑ Cevik, Muge; Haque, Syed Arefinul; Manne-Goehler, Jennifer. (2021-01-05). Gender disparities in COVID-19 clinical trial leadership. Clinical Microbiology and Infection. পৃ. 1007–1010
- ↑ VISIBLE LESBIAN 100. Lesbian Visibility Week
- ↑ Yeates, Cydney. (2021-02-04). It's A Sin: LGBT+ nurses remember anger and sadness of HIV/Aids crisis. Metro
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লোক অৰ্কিন” প্ৰবন্ধৰ সংশোধন ৫৯৮৩১২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।