অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্সেনিয়া চুখিনোভা

ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ
মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা অনুষ্ঠানত ক্সেনিয়া চুখিনোভা।
মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা অনুষ্ঠানত ক্সেনিয়া চুখিনোভা।ছবি: Huy Anh · CC BY 2.0

ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী ভাষা: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰুছ ভাষা টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ ৰাছিয়া ২০০৭-ৰ মুকুটো লাভ কৰিছিল।

ব্যক্তিগত জীৱন

চুখিনোভাৰ জন্ম ৰাছিয়ান এছ এফ এছ আৰৰ নিজনেভাৰ্টভস্কত হৈছিল।১

চুখিনোভাৰ উচ্চতা ১.৭৮ মিটাৰ, চুলিৰ ৰং সোণালী আৰু চকুহাল নীলা। তেওঁৰ প্ৰিয় গ্ৰন্থ হৈছে মিখাইল বুলগাকভৰ দ্য মাষ্টাৰ এণ্ড মাৰ্গাৰিটা।২ ২০২২ চনত তেওঁৰ পুত্ৰ আৰ্টেমৰ জন্ম হয়। তেওঁৰ স্বামী ব্যৱসায়ী ইউৰি শ্বেফলাৰ এছ পি আই গ্ৰুপৰ স্বত্বাধিকাৰী।৩

মিছ টিয়ুমেন

মিছ ৰাছিয়া ২০০৭ আৰু মিছ ৱৰ্ল্ড ২০০৮ হোৱাৰ আগতে ক্সেনিয়া চুখিনোভাই মিছ টিয়ুমেন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু খিতাপ জয় কৰিছিল। ইয়াৰ ফলত তেওঁ মিছ ৰাছিয়া ২০০৭-ত টিয়ুমেনৰ প্ৰতিনিধি হোৱাৰ সুযোগ পায়।

মিছ ৰাছিয়া ২০০৭

চুখিনোভাই ২০০৭ চনৰ ১৪ ডিচেম্বৰত মস্কোত অনুষ্ঠিত মিছ ৰাছিয়া প্ৰতিযোগিতাত বিজয়ী হয়।৪ তেওঁ সমগ্ৰ ৰাছিয়াৰপৰা অহা ৫০ গৰাকী প্ৰতিযোগীক অতিক্ৰমি এই সফলতা লাভ কৰিছিল। মহাবিদ্যালয়ৰ পঢ়া-শুনাৰ বাবে তেওঁ মিছ ইউনিভাৰ্ছ ২০০৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে, সেয়েহে তেওঁৰ স্থানত প্ৰথম ৰানাৰ্ছ-আপ ভেৰা ক্ৰাছোভাই প্ৰতিযোগিতাত অংশ লৈছিল।

মিছ ৱৰ্ল্ড ২০০৮

২০০৮ চনৰ ১৩ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত ফাইনেলত ১০৮ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি চুখিনোভাক নতুন মিছ ৱৰ্ল্ড হিচাপে ঘোষণা কৰা হয়।

বিজয়ৰ পিছত এখন সংবাদ-মেলত তেওঁ কয়: "ৰাছিয়ালৈ এই মুকুট আনিবলৈ পাই মই অতি আনন্দিত। ৰাছিয়াই এই মুকুট লাভ কৰাৰ বাবে মই গৌৰৱান্বিত আৰু মই মোৰ এই বিজয় সমগ্ৰ দেশবাসী আৰু মোৰ আইতাক উৎসৰ্গা কৰিছোঁ।" ২ তেওঁ লগতে কয় যে তেওঁ ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি উন্নত কৰাৰ আশা কৰে যাতে বিশ্বক দেখুৱাব পৰা যায় যে ৰাছিয়াৰ এগৰাকী ছোৱালীয়ে দয়া, সৌন্দৰ্য আৰু সুখৰ মূৰ্ত প্ৰতীক হ'ব পাৰে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (14 December 2008). Ksenia Sukhinova of Russia is Miss World 2008. peoplestar.co.uk
  2. ↑ (18 December 2008). World's most beautiful girl from Russia does not know how to spend her prize money. Pravda
  3. ↑ Модель Ксения Сухинова впервые стала матерью. hellomagrussia.ru
  4. ↑ Ozar, Anna. (20 December 2007). Russia's top beauty. Moscow News

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্সেনিয়া চুখিনোভা” প্ৰবন্ধৰ সংশোধন ৫৯৮৩১৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।