ক্ষীৰেন ৰয় অসমৰ পৰা প্ৰকাশিত কিছুমান ইংৰাজী আৰু অসমীয়া দৈনিক কাকতৰ প্ৰবীণ সাংবাদিক আৰু সম্পাদক আছিল।১২ তেওঁ অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াৰ এখন গাঁৱত জন্ম লাভ কৰে।১
ব্যক্তিগত জীৱন
১৯৭৫ চনৰ ১৪ মে’ত গায়ত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ দুগৰাকী কন্যা – অৰূপা আৰু অন্তৰাৰ আছে।১
শিক্ষা
ৰয়দেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত পিএইচডি আৰু গণ-সংযোগত পিএইচডি ডিগ্ৰী লাভ কৰে। ভাৰতীয় প্ৰেছ ইনষ্টিটিউট আৰু থমছন ফাউণ্ডেশ্যন, ইউ.কে.ৰ পৰা সাংবাদিকৰ উচ্চ শিক্ষা গ্ৰহণ কৰে।১
কেৰিয়াৰ
ৰয়ে The Assam Tribuneৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ ইয়াৰ উপ-সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰে। নৰ্থ ইষ্ট টাইমছ আৰু মেঘালয় গাৰ্ডিয়ানৰ সম্পাদকও আছিল। তাৰ পিছত তেওঁ দ্য ফ্ৰণ্টিয়াৰ পাব্লিকেচন প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰি অসমীয়া দৈনিক অসমীয়া খবৰ মুকলি কৰি তাৰ মুখ্য সম্পাদক হিচাপে কাম কৰে।১২ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শ্বিলঙত সাংবাদিকতা আৰু সৃষ্টিশীল লেখাৰ পাঠদানৰ কামতো জড়িত আছিল।
কৰ্মৰাজী
ৰয়ে কেইবাখনো উপন্যাস আৰু গল্পপুথিৰ ৰচনা কৰিছে।
মৃত্যু
২০০৯ চনৰ ১১ মাৰ্চত, ৬৮ বছৰ বয়সত ৰয়দেৱৰ হৃদযন্ত্ৰৰ বিকলতা ফলত মৃত্যু হয়।১২
তথ্যসূত্ৰ
- ↑ (14 March 2009). Assamese editor Khiren Roy passes away. Breaking News 24/7
- ↑ Talukdar, Sushanta. (12 Mar 2009). Veteran journalist Khiren Roy passes away. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষীৰেন ৰয়” প্ৰবন্ধৰ সংশোধন ৬০২১৪৯ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।