কৰিমুল হক (Karimul Haque) পশ্চিমবংগৰ চাহবাগিছাৰ এজন কৰ্মচাৰী। স্থানীয়ভাবে তেওঁ বাইক-এম্বুলেঞ্চ-দাদা নামেৰেও জনাজাত। ধলাবাৰী আৰু ইয়াৰ কাষৰীয়া গাঁওসমূহৰ ৰুগীয়া লোকসকলক মটৰচাইকেল এম্বুলেঞ্চেৰে হাস্পাতাললৈ কঢ়িয়াই নিয়া এই লোকজনক তেওঁৰ সামাজিক কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে পদ্মশ্ৰী আগবঢ়াইছে।১
অনুপ্ৰেৰণা
১৯৯৫ চনত হকে তেওঁৰ গুৰুতৰভাবে অসুস্থ হৈ পৰা মাকক চিকিৎসাৰ বাবে হাস্পাতাললৈ নিবলৈ ঘৰেঘৰে সহায় বিচাৰি ফুৰিছিল। কিন্তু তেওঁ মাকক কঢ়িয়াই নিবলৈ এখন এম্বুলেঞ্চৰ যোগাৰ কৰিব নোৱাৰিলে। ফলস্বৰূপে হৃদয়ৰোগত আক্ৰান্ত হৈ তেওঁৰ মাতৃৰ ঘৰতে মৃত্যু হ'ল। মাতৃৰ মৃত্যু অসহায় হৈ চাই থাকিবলগীয়া হোৱা হকে এম্বুলেঞ্চৰ অভাৱত আৰু যাতে কাৰো মৃত্যু নহয় তাৰবাবে পণ ল'লে ২
এজন সহকৰ্মী পথাৰৰ মাজত অচেতন হৈ বাগৰি পৰাত এই মটৰবাইক এম্বুলেঞ্চৰ ধাৰণাটো হকৰ মনলৈ আহিছিল। সহকৰ্মীজন পৰি ৰোৱা ঠাইখিনিলৈ কোনো সাধাৰণ জোখৰ এম্বুলেঞ্চ নোযোৱাত হকে তেওঁক পিঠিত বান্ধি বাইকৰ পিছৰ আসনত বহুৱাই পঞ্চাচ কিলোমিটাৰ দূৰৰ জলপাইগুৰি সদৰ হাস্পাতাললৈ লৈ গ'ল। সহকৰ্মীজন বাচি যোৱাত হকে ভৱিষ্যতেও এই কাৰ্য চলাই যোৱাৰ অনুপ্ৰেৰণা লাভ কৰিলে।১
জীৱন পৰিক্ৰমা
১৯৯৮ চনৰ পৰা হকে পশ্চিমবঙ্গৰ দুৱাৰ্চ বেল্টৰ ধলাবাৰী আৰু ইয়াৰ চৌপাশৰ বিশখন গাঁৱৰ গাঁওবাসীলৈ.এম্বুলেঞ্চ সেৱা আগবঢ়াইছে,৩ য'ত ৰাস্তা-ঘাট, বিদ্যুৎ আদি প্ৰাথমিক সা-সুবিধাসমূহৰ অৱস্থা তেনেই তথৈবচ। ওচৰৰ হাস্পাতালখনো ৪৫কিলোমিটাৰ দূৰৈত। ২০১৭ চনৰ জানুৱাৰীলৈ তেওঁ ৩০০০তকৈয়ো বেছি ৰোগী বিনামূলীয়াকৈ কঢ়িয়াইছে।
এম্বুলেঞ্চ সেৱাৰ উপৰিও স্থানীয় চিকিৎসকৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ গাঁওবাসীক প্ৰাথমিক চিকিৎসাও আগবঢ়ায়। তেওঁ জনজাতীয় অঞ্চলত নিয়মীয়াকৈ স্বাস্থ্য-শিৱিৰৰো আয়োজন কৰে।৪
হক মালবাজাৰৰ ৰাজাদাঙ্গাৰ এজন বাসিন্দা। তেওঁ পত্নী আঞ্জুয়া বেগম, দুই পুত্ৰ ৰাজেশ আৰু ৰাজু আৰু দুই পুত্ৰবধূৰ সৈতে বাস কৰে। ৰাজাদাঙ্গাত থকা তেওঁৰ পুত্ৰহঁতৰ পানৰ দোকান আৰু মোবাইল মেৰামতিৰ দোকানৰ আয়েৰে সংসাৰ চলে। হকৰ উপাৰ্জনৰ আধাতকৈও বেছি ধন বাইক এম্বলেঞ্চৰ ইন্ধন আৰু দুখীয়া ৰোগীসকলক ঔষধ কিনি দিওঁতে খৰচ হয়।৫
সন্মান
হকে আগবঢ়োৱা নিস্বাৰ্থ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৭ চনৰ গণতন্ত্ৰ দিৱসত দেশখনৰ চতুৰ্থ অসমাৰিক সেৱা পদ্মশ্ৰীৰে সন্মানিত কৰে।৬
তথ্যসূত্ৰ
- ↑ (2016-12-23). Help on wheels: How north Bengal’s ‘bike-ambulance dada’ is saving lives. www.hindustantimes.com
- ↑ (2017-01-27). Meet Padma Shri Karimul Haque, The Man Who Runs A Bike Ambulance For 20 Villages In Bengal. The Logical Indian
- ↑ (January 26, 2017). Man To Get Padmashree Award For Using Bike As Ambulance. m.ndtv.com
- ↑ (2017-01-27). Meet Padma Shri Karimul Haque, The Man Who Runs A Bike Ambulance For 20 Villages In Bengal. The Logical Indian
- ↑ Padma for SOS bike ambulance rider. The Telegraph
- ↑ List of 2017 Padma Shree Awardees. scoop.eduncle.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিমুল হক” প্ৰবন্ধৰ সংশোধন ২৩৮৭১৫ (১৬ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।