ক্ৰিষ্টিয়ান মেৰী ছেৰাট’চ১ (জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। একে নামৰ কমিক বুকৰ আধাৰত নিৰ্মিত এএমচিৰ ধাৰাবাহিক দ্য ৱাকিং ডেডত ৰ’জিতা এস্পিনোজাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ইয়াৰ উপৰিও তেওঁ নিকেলোডিয়ানৰ ধাৰাবাহিক নেডছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইডত ছুজি ক্ৰেবগ্ৰাছ আৰু দ্য টোৱাইলাইট চাগা চলচ্চিত্ৰ শৃংখলাত এঞ্জেলা ৱেবাৰৰ চৰিত্ৰত অভিনয়ৰ বাবে জনাজাত। ২০২০ চনৰ পৰা ২০২১ চনলৈকে তেওঁ নেটফ্লিক্সৰ ধাৰাবাহিক চেলেনা: দ্য চিৰিজত তেজানো গায়িকা চেলেনাৰ ভূমিকাত অভিনয় কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
ছেৰাট’চৰ জন্ম কেলিফৰ্ণিয়াৰ পাছাদেনাত হৈছিল আৰু তেওঁ কেলিফৰ্ণিয়াৰে বাৰবেংকত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাতৃ আলিচিয়া ছেৰাট’চ মেক্সিকান মূলৰ আৰু পিতৃ ইটালীয়ান মূলৰ। তেওঁ দ্য ড্ৰিউ কেৰী শ্ব’ আৰু কোচৰ দৰে ধাৰাবাহিকত অতিৰিক্ত শিল্পী (extra) হিচাপে কাম কৰিছিল।
তিনি বছৰ বয়সৰ পৰাই তেওঁ ফিকাৰ স্কেটিং আৰম্ভ কৰিছিল আৰু ইয়াৰ প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰিছিল। এই বিষয়ে তেওঁ কয়, "মোৰ প্ৰশিক্ষকসকলে অলিম্পিকৰ কথা পাতিছিল আৰু সেয়া সঁচাকৈয়ে আচৰিত আছিল। এতিয়া মই কেৱল আমোদৰ বাবেহে স্কেটিং কৰোঁ।" সাত বছৰ বয়সত তেওঁ 'ফৰ্ড মডেলিং এজেন্সি'ৰ সৈতে চুক্তিবদ্ধ হয়।
কেৰিয়াৰ
ছেৰাট’চে নিকেলোডিয়ানৰ ধাৰাবাহিক নেডছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইডত ছুজি ক্ৰেবগ্ৰাছৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০০৪ চনত আৰম্ভ হৈ তিনিটা ছিজনৰ পিছত ২০০৭ চনত সমাপ্ত হৈছিল।
টোৱাইলাইট (২০০৮) ছবিত এঞ্জেলা ৱেবাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ৩০ সংখ্যক ইয়ং আৰ্টিষ্ট বঁটাত "শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী"ৰ বঁটা লাভ কৰে। তেওঁ ইয়াৰ পৰৱৰ্তী খণ্ড দ্য টোৱাইলাইট চাগা: নিউ মুন আৰু দ্য টোৱাইলাইট চাগা: এক্লিপছতো একেটা চৰিত্ৰতে অভিনয় কৰিছিল। ২০১১ চনত তেওঁ 'দ্য ব্লেক কীজ'ৰ গীত "হাউলিন ফৰ ইউ"ৰ ভিডিঅ'ত অভিনয় কৰিছিল।
ছেৰাট’চে এএমচিৰ ধাৰাবাহিক দ্য ৱাকিং ডেডত ৰ’জিতা এস্পিনোজাৰ চৰিত্ৰত অভিনয় কৰিছিল। চতুৰ্থ ছিজনৰ পৰা তেওঁ এই ধাৰাবাহিকখনত এজনী নিয়মীয়া অভিনয় শিল্পী হিচাপে কাম কৰিবলৈ লয়। ২০২২ চনৰ ২২ ছেপ্টেম্বৰত বাতৰি প্ৰকাশ পায় যে এইচবিঅ’ মেক্সৰ ড্ৰামা ধাৰাবাহিক ম’ৰত তেওঁ লণ্ডন লৰেন্সৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছে।
উপস্থিতি
২০১০ চনত তেওঁ মেক্সিম আলোচনীৰ "হট ১০০" তালিকাত ৬৫ নম্বৰ স্থান লাভ কৰিছিল।৩ ২০১৫ চনৰ মাৰ্চ মাহৰ প্লেবয় আলোচনীৰ "বিকামিং এট্ৰাকচনছ" শিতানত ছেৰাট’চক প্ৰদৰ্শিত কৰা হৈছিল।
ব্যক্তিগত জীৱন
ছেৰাট’চ এগৰাকী পশু অধিকাৰ কৰ্মী আৰু তেওঁ ভিগান জীৱনশৈলীৰ প্ৰসাৰৰ বাবে 'পেটা'ৰ (PETA) কেইবাটাও অভিযানৰ বাবে ফটো তুলিছে। তেওঁ এগৰাকী ভিগান (নিৰামিষভোজী)।৪৫৬
২০১৪ চনৰ পৰা ক্ৰিষ্টিয়ান কণ্ঠশিল্পী তথা গীতিকাৰ ডেভিড বয়ডৰ সৈতে সম্পৰ্কত আছে। তেওঁলোকৰ এগৰাকী কন্যা সন্তান (জন্ম ২০১৭) আছে।৭
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | ছবি | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৮ | টোৱাইলাইট | এঞ্জেলা ৱেবাৰ | |
| ২০০৯ | দ্য টোৱাইলাইট চাগা: নিউ মুন | ||
| ২০১০ | দ্য টোৱাইলাইট চাগা: এক্লিপছ | ||
| ২০১১ | ৯৬ মিনিচ | লেনা | |
| দ্য টোৱাইলাইট চাগা: ব্ৰেকিং ডন – পাৰ্ট ১ | এঞ্জেলা ৱেবাৰ | ||
| ২০১২ | দ্য টোৱাইলাইট চাগা: ব্ৰেকিং ডন – পাৰ্ট ২ | কেৱল ক্ৰেডিট | |
| ২০১৩ | পপ ষ্টাৰ | ৰক্সি ছাণ্টোচ | |
| ২০১৪ | ফ্লাইট ৭৫০০ | ৰাকেল মেণ্ডোজা |
টেলিভিছন
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৪–২০০৭ | নেডছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইড | ছুজি ক্ৰেবগ্ৰাছ | নিয়মিত চৰিত্ৰ (ছিজন ১–৩), ৪৪টা খণ্ড |
| ২০০৫ | জোই ১০১ | ছোৱালী #১ | খণ্ড: "স্কুল ডান্স" |
| ২০০৬ | ছেভেন্থ হেভেন | ৰিচেপচনিষ্ট | খণ্ড: "ব্ৰোকেন হাৰ্টছ এণ্ড প্ৰমিজেছ" |
| কাউ বেলছ | হেদাৰ পেৰেজ | ডিজনী চেনেল অৰিজিনেল মুভি | |
| ২০০৭ | হান্না মন্টানা | এলেক্সা | খণ্ড: "দ্য আইডল চাইড অফ মি" |
| ২০১১ | আমেৰিকান হৰৰ ষ্ট’ৰী: মাৰ্ডাৰ হাউচ | বেক্কা | খণ্ড: "পাইলট" |
| ২০১১–২০১২ | দ্য ছিক্ৰেট লাইফ অফ দি আমেৰিকান টিনএজাৰ | ৰাভেন | নিয়মিত চৰিত্ৰ (ছিজন ৪–৫), ৯টা খণ্ড |
| ২০১৪–২০২২ | দ্য ৱাকিং ডেড | ৰ’জিতা এস্পিনোজা | নিয়মিত (ছিজন ৪), লগতে অভিনয় (ছিজন ৫–৭), মুখ্য (ছিজন ৭–১১); ৯৪টা খণ্ড |
| ২০২০–২০ ২০২১ | চেলেনা: দ্য চিৰিজ | চেলেনা | মুখ্য চৰিত্ৰ; ১৮টা খণ্ড |
| ২০২২ | লাভ, ডেথ এণ্ড ৰবটছ | হাৰ্পাৰ | খণ্ড: "ইন ভল্টেড হলছ এন্টুমড" |
| TBA | ম’ৰ | লণ্ডন লৰেন্স | মুখ্য চৰিত্ৰ |
মিউজিক ভিডিঅ’
| বৰ্ষ | নাম | চৰিত্ৰ | সংগীতশিল্পী |
|---|---|---|---|
| ২০১৮ | ড্ৰিউ বেৰীম’ৰ | প্ৰেমিকা | ব্ৰাইচ ভাইন |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | বিভাগ | মনোনীত কাম | ফলাফল | প্ৰসংগ |
|---|---|---|---|---|---|
| ২০০৮ | ২৯ সংখ্যক ইয়ং আৰ্টিষ্ট বঁটা | টিভি ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনয় – নিয়মিত কিশোৰী অভিনেত্ৰী | নেডছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইড | ৮ | |
| ২০০৯ | ৩০ সংখ্যক ইয়ং আৰ্টিষ্ট বঁটা | চলচ্চিত্ৰত শ্ৰেষ্ঠ অভিনয় – সহযোগী কিশোৰী অভিনেত্ৰী | টোৱাইলাইট | ৯ | |
| ২০২১ | ৩৬ সংখ্যক ইমেজেন বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী — টেলিভিছন ড্ৰামা | চেলেনা: দ্য চিৰিজ | ১০ |
বাহ্যিক সংযোগ
- MTV.com সাক্ষাৎকাৰ (অক্টোবৰ ২০০৮)
তথ্যসূত্ৰ
- ↑ Christian Serratos MovieTome
- ↑ France, Lisa Respers. (November 12, 2019). First look at Christian Serratos as Selena Quintanilla in new Netflix series. CNN
- ↑ (May 29, 2010). 2010 Hot 100- 36. Maxim
- ↑ Bunker, Chloe. (November 9, 2009). Christian Serratos Poses Nude for New PETA Ad. American Superstar Magazine
- ↑ News - Entertainment, Music, Movies, Celebrity. MTV News
- ↑ (October 19, 2012). Christian Serratos. Maxim
- ↑ Strohm, Emily. (December 4, 2020). Selena Star Christian Serratos on Daughter Wolfgang: 'That Girl Has Us Wrapped Around Her Finger'. People
- ↑ 29th Annual Young Artist Awards – Nominations / Special Awards. youngartistawards.org
- ↑ 30th Annual Young Artist Awards – Nominations / Special Awards. youngartistawards.org
- ↑ (2 August 2021). 36th Annual Imagen Awards Nominations Announced. imagen.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিষ্টিয়ান ছেৰাট’চ” প্ৰবন্ধৰ সংশোধন ৫৯৪০৩৩ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।