অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্ৰীষ্টিন লাগাৰ্ড

ক্ৰীষ্টিন মেডেলিন অডেট লাগাৰ্ড ( Christine Madeleine Odette Lagarde; জন্ম ১ জানুৱাৰী ১৯৫৬) এগৰাকী ফৰাচী ৰাজনীতিবিদ আৰু অধিবক্তা যিয়ে ২০১৯ চনৰ পৰা ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ক্ৰীষ্টিন মেডেলিন অডেট লাগাৰ্ড ( Christine Madeleine Odette Lagarde; জন্ম ১ জানুৱাৰী ১৯৫৬) এগৰাকী ফৰাচী ৰাজনীতিবিদ আৰু অধিবক্তা যিয়ে ২০১৯ চনৰ পৰা ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ২০১১ চনৰ পৰা ২০১৯ চনলৈকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আই এম এফ) ১১ সংখ্যক পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাগাৰ্ডে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে ফ্ৰান্স চৰকাৰতো কাৰ্যনিৰ্বাহ কৰিছিল, য’ত আটাইতকৈ বিশিষ্টভাৱে অৰ্থনীতি, বিত্ত আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই প্ৰতিটো পদতে তেওঁ প্ৰথম মহিলা।১

২০১৯, ২০২০, ২০২২, ২০২৩, ২০২৪, আৰু ২০২৫ চনত ফৰ্বছে তেওঁক বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত দ্বিতীয় স্থানত স্থান দিছিল।২৩৪৫

প্ৰাথমিক জীৱন আৰু শিক্ষা

ক্ৰীষ্টিন লাগাৰ্ড ফ্ৰান্সৰ পেৰিছত৬ শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰবাৰ্ট লেল'ৱেট (ফৰাচী পিতৃ আৰু মাতৃ ইহুদী)৭ এজন ইংৰাজী শিক্ষক আছিল; তেওঁৰ মাতৃ নিকোল (কেৰে)৮ এগৰাকী লেটিন, গ্ৰীক আৰু ফৰাচী সাহিত্যৰ শিক্ষয়িত্ৰী আছিল। লাগাৰ্ড আৰু তেওঁৰ তিনিজন সৰু ভাতৃয়ে শৈশৱ লে হাভ্ৰেত কটায়। তাত তেওঁলোকে লাইচি ফ্ৰান্সোৱা ১এৰ (য'ত তেওঁৰ পিতৃয়ে অধ্যাপনা কৰিছিল) আৰু লাইচি ক্ল'ড মনেটত অধ্যয়ন কৰে।৯১০১১

পেছাদাৰী কেৰিয়াৰ

১৯৮১ চনত লাগাৰ্ডে চিকাগোৰ এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় আইন সংস্থা বেকাৰ এণ্ড মেকেঞ্জীত যোগদান কৰে। তেখেতে টেক্স হেবনত থকা ফাৰ্মখনৰ দুটা সহযোগী কোম্পানীত পৰিচালিকা আছিল।১২ তেখেতে ডাঙৰ ডাঙৰ এণ্টিট্ৰাষ্ট আৰু শ্ৰম গোচৰ চম্ভালিছিল, ছয় বছৰৰ পিছত অংশীদাৰ কৰা হৈছিল আৰু পশ্চিম ইউৰোপৰ প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৯৫ চনত তেওঁ কাৰ্যবাহী সমিতিত যোগদান কৰে আৰু ১৯৯৯ চনৰ অক্টোবৰ মাহত কোম্পানীটোৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ নিৰ্বাচিত হয়।১৩১৪ ১৫১৬ তিনি বছৰৰ পাছত তেওঁ পুনৰ নিৰ্বাচিত হয়। বেকাৰ এণ্ড মেকেঞ্জীত লাগাৰ্ডে "ক্লায়েণ্ট-ফাৰ্ষ্ট" পদ্ধতি ৰূপায়ণ কৰিছিল, যাৰ অধীনত উকীলসকলে জৰুৰীকালীন অৱস্থাত কেৱল প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ক্লায়েণ্টৰ প্ৰয়োজনীয়তাসমূহ আগতীয়াকৈ অনুমান কৰে।১৭

২০০৪ চনত লাগাৰ্ডে গ্ল'বেল ষ্ট্ৰেটেজিক কমিটিৰ সভাপতি হয়।১৮

ব্যক্তিগত জীৱন

লাগাৰ্ডৰ প্ৰথমজন স্বামী হৈছে ফৰাচী বিত্তীয় বিশ্লেষক উইলফ্ৰাইড লাগাৰ্ড, যাৰ সৈতে তেওঁৰ দুজন পুত্ৰ আছে, পিয়েৰ-হেনৰী লাগাৰ্ড (জন্ম ১৯৮৬) আৰু থমাছ লাগাৰ্ড (জন্ম ১৯৮৮); ১৯৮২ চনত তেওঁলোকৰ বিবাহ হয় আৰু ১৯৯২ চনত বিবাহ বিচ্ছেদ হয়।১৯২০ দ্বিতীয়জন হৈছে ব্ৰিটিছ ব্যৱসায়ী আচেৰন গিলম’ৰ; তেওঁ কেতিয়াবা বিবাহিত হৈছিল নে নাই সেই সম্পৰ্কে সূত্ৰসমূহৰ মাজত পাৰ্থক্য আছে।২১ ২০০৬ চনৰ পৰা তেওঁৰ অংশীদাৰ হৈছে মাৰ্চেইলৰ উদ্যোগী জেভিয়াৰ জিঅ'কান্টি,২২ পেৰিছ এক্স বিশ্ববিদ্যালয়ৰ সহপাঠী।২৩২৪ কিছুমান সূত্ৰই কয় যে তেওঁলোকে বিয়া হৈছিল, কিন্তু কেতিয়া বিয়া হৈছিল সেইটো নিৰ্দিষ্ট কৰা হোৱা নাই।২৫২৬

তেওঁ এগৰাকী স্বাস্থ্য সচেতন নিৰামিষভোজী,২৭২৬ আৰু তেওঁৰ চখসমূহৰ ভিতৰত নিয়মীয়াকৈ জিমলৈ যোৱা, চাইকেল চলোৱা আৰু সাঁতোৰ আদি অন্তৰ্ভুক্ত।১১

তেওঁ ফৰাচী ভাষা, ইংৰাজী ভাষা আৰু স্পেনীছ ভাষা ভাষা ক'বলৈ জানে।২০ ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ জাৰ্মান ভাষা শিকিবলৈ মনস্থ কৰা বুলি খবৰ ওলাইছিল।২৮

তথ্যসূত্ৰ

  1. ↑ Hope, Katie. (12 July 2019). Christine Lagarde: The 'rock star' of finance. BBC
  2. ↑ The World's Most Powerful Women 2019. Forbes
  3. ↑ The World's 100 Most Powerful Women 2020. Forbes
  4. ↑ BURHO", "MOIRA FORBES AND MAGGIE MCGRATH WITH NICOLETTE JONES AND ERIKA. The World's Most Powerful Women 2023. Forbes
  5. ↑ Roberta Maddalena. (12 December 2024). Giorgia Meloni è la terza donna più potente del mondo. Prima Ursula von der Leyen
  6. ↑ Le Nouvel Economiste. Nouveleconomiste.fr
  7. ↑ Lagarde, Christine. Promoting Peace, Tolerance, and Respect. Imf.org
  8. ↑ Média, Prisma. (15 June 2022). Christine Lagarde - La biographie de Christine Lagarde avec Gala.fr
  9. ↑ "Les Anciens " at Lycée François 1er
  10. ↑ Barca, Antonio Jiménez. (24 July 2011). La mujer que oculta acero tras la sonrisa. El País
  11. ↑ Guinness, Molly. (17 July 2011). Is this the world's sexiest woman (and the most powerful)?. The Guardian
  12. ↑ José María Irujo, Joaquín Gil. (22 November 2019). Lagarde was a director of two Baker & McKenzie affiliates in tax havens. El País (English edition)
  13. ↑ Firm Facts | Firm History | Baker & McKenzie. Bakermckenzie.com
  14. ↑ (31 July 2012). Christine Lagarde, the eleventh European to head the IMF. Thomaswhite.com
  15. ↑ Christine Lagarde: Executive Profile & Biography. S&P Global Market Intelligence
  16. ↑ Petersen, Melody. (9 October 1999). Her Partners Can Call Her Ms. Chairman; Baker & McKenzie Takes Small Step for a Law Firm, Giant Leap for Womankind. The New York Times. পৃ. C1
  17. ↑ Christine Lagarde · Biography, IMF, ECB, & Facts · Britannica. www.britannica.com
  18. ↑ Christine Lagarde biography. Ministry of the Economy (France)
  19. ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche"
  20. ↑ (2 January 2013). Christine Lagarde Fast Facts. CNN
  21. ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche". Several sources describe them as married ((27 May 2012). The disarming charm of Christine Lagarde. Daily Telegraph) and divorced ("Christine Lagarde: fast facts" at CNN)
  22. ↑ Gillian Tett (12 September 2014), Lunch with the FT: Christine Lagarde Financial Times
  23. ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche"
  24. ↑ Cyril Morin, "OM: cinq choses à savoir sur Xavier Giocanti" in Eurosport (19 April 2016)
  25. ↑ "Qui est Xavier Giocanti, le mari de Christine Lagarde ?" in Blog—Introduction
  26. ↑ Xavier Giocanti, le mari de.. Christine Lagarde. Paris Match
  27. ↑ Christine Lagarde – La biographie de Christine Lagarde avec. Gala.fr
  28. ↑ (2019-12-30). Christine Lagarde apprend l'allemand. Le Soir

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰীষ্টিন লাগাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৬৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।