চুক্লেণমুং বা ছাও-ফা চু'-কুং-মু'ঙ (𑜋𑜈𑜫; 𑜇า. 𑜏𑜢𑜤𑜈 𑜀𑜢𑜤𑜂𑜫, 𑜉𑜢𑜤𑜂𑜫:Tsāophâ Sérkérngmérng,) আহোম ৰাজ্য শাসন কৰা এজন স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে। তেওঁৰ ৰাজত্বকালতে মাধৱদেৱ আৰু শংকৰদেৱৰ জোঁৱায়েক হৰিক আটক কৰা হৈছিল আৰু হৰিক মৃত্যুদণ্ড বিহা হৈছিল।১ এই কাৰণতে শংকৰদেৱে আহোম ৰাজ্য এৰি কমতা ৰাজ্যত আশ্ৰয় লয়।
মোহৰ সজোৱা তেৱেঁই প্ৰথম আহোম ৰজা আছিল। মোহৰবোৰ আঠকোণীয়া আছিল আৰু টাই-আহোম লিপিৰে তাত লিখা হৈছিল।২
সিংহাৰোহণ
স্বৰ্গদেউ চুহুন্মুঙক ১৫৩৯ চনৰ জানুৱাৰীত লগুৱা ৰতিমনে শুই থকা অৱস্থাত হত্যা কৰাৰ পাছত চুক্লেণমুং ৰাজপাটত উঠে। কোনো কোনো বুৰঞ্জীৰ মতে এই কাৰ্য চুক্লেণমুঙৰ অভিসন্ধি মতেই হৈছিল।৩ চুক্লেণমুঙে এই অপবাদ আঁতৰাবলৈ হত্যাকাৰী ৰতিমনৰ ভায়েক-ককায়েকক মৃত্যুদণ্ড বিহিছিল।৪
পিতাকৰ শাসনকালত ১৫৩২ চনত কোঁৱৰ চুক্লেঙে বংগৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁৰ ঠাইত বৰপাত্ৰগোহাঁয়ে নেতৃত্ব দি তুৰ্বকক ঘটুৱায়।৫
ৰাজ্যৰ পৰিসীমা
চুক্লেণমুঙে বাৰ-ভূঞাসকলক কপিলী নদী উপত্যকাৰ পৰা ৰাজধানীৰ ওচৰ চপাই কছাৰী ৰাজ্যৰ পৰা অধিকাৰ কৰা অঞ্চলৰ ওপৰত শাসন কটকটীয়া কৰে। ১৫৪৬ চনত কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। ৰজাৰ সতীয়া ভায়েক গোহাঁই কমলে সজা পথেদি (গোহাঁই কমল আলি)ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেৰে তেওঁলোক আগবাঢ়ি নাৰায়ণপুৰত (বৰ্তমানৰ উত্তৰ লখিমপুৰত) এটা কোঠ সাজে। চুক্লেণমুঙে কোচসকলক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা বিতাড়ন কৰিবলৈ সমৰ্থ হয়।৬
প্ৰশাসন
চুক্লেণমুঙে ৰাজত্বকালত গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগা আলি বন্ধাইছিল।
তথ্যসূত্ৰ
- Gait, Edward A. (1906). A History of Assam
- Neog, Maheswar. (1980). Early history of the Vaisnava faith and movement in Assam. Motilal Banarsidass
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুক্লেণমুং” প্ৰবন্ধৰ সংশোধন ৬০৮০৪৪ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।