অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেনী দেউৰী বসুমতাৰী

কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক। ১

প্ৰাৰম্ভিক জীৱন

কেনী দেউৰী বসুমতাৰীৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত(জন্মদিন ৯ এপ্ৰিল)। তেওঁ লখিমপুৰ জিলা, তেজপুৰ তথা গুৱাহাটীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। উচ্চ মাধ্যমিক শিক্ষা উত্তৰ লখিমপুৰৰ ছেইণ্ট মে'ৰিজ হাইস্কুলৰ পৰা সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক শিক্ষা কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰে। পৰৱৰ্ত্তী কালত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী (IIT Delhi) ত ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমত যোগদান কৰে যদিও শিক্ষা অৰ্ধসমাপ্ত হৈ ৰয়।

কৰ্মজীৱন

কেনীয়ে গুৱাহাটীৰ এটা আঞ্চলিক টেলিভিছন চেনেলত তিনিবছৰ ধৰি বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ সেই কাম ত্যাগ কৰি অভিনয় কৰাৰ হাবিয়াসেৰে মুম্বাইলৈ যায়। মুম্বাইত ছটা এডভাৰটাইজ আৰু চেনেল ভিৰ হাস্য-ব্যংগ অনুষ্ঠান বলিউদ ননচেনচেক্স (Bollywood Nonsensex) তথা স্কেচ্ছ কমেডি শ্ব' জয় হিন্দত কাম কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ চাৰিখন হিন্দী চলচ্চিত্ৰত কাম কৰে, কিন্তু এখনেও মুক্তি লাভ নকৰিলে।

কেনী দেউৰী বসুমতাৰীয়ে 75 Crazy People নামৰ ৪৯ মিনিটৰ এখন তথ্যচিত্ৰত সহযোগী সম্পাদনাৰ সুযোগ পায়। ভাতৃ ট'নী বসুমতাৰীৰ সৈতে মিলি তেওঁ ব্ৰহ্মপুত্ৰ নামৰ অসমীয়া আৰু হিন্দী গীতৰ এটা মৃদু ৰ'ক(soft rock) এলবামৰ বাবে গীতৰ ৰচনা আৰু সুৰাৰোপ কৰে।

২০১৩ চনত কেনীয়ে ন্যূনতম বাজেটেৰে লোকেল কুং ফু নামৰ এখন সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট হাস্যমধুৰ অসমীয়া-হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে। এই চলচ্চিত্ৰখনে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰে। মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে। ২

অভিনয় তথা পৰিচালনাৰ উপৰি কেনী দেউৰী বসুমতাৰীয়ে লেখকৰূপেও আত্মপ্ৰকাশ কৰিছে। তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস চকলেট_গীটাৰ_ম'ম'জ (Chocolate_Guitar_Momos)ৰ ২০১১ চনত উন্মোচন হৈ যায়।৩

অৱদান

গ্ৰন্থ

  • চকলেট গীটাৰ ম'ম'জ (ইংৰাজী ভাষাৰ উপন্যাস)৪

অভিনয়

  • দিবাকৰ বেনাৰ্জীৰ 'চাংহাই' (Shanghai) নামৰ হিন্দী চলচ্চিত্ৰত পুলিচ অফিচাৰৰ ভূমিকাত (২০১৩)৫
  • মেৰীকম চলচ্চিত্ৰ (২০১৪)
  • লোকেল কুং ফু (২০১৩)-ত চাৰ্লি নামৰ নায়কৰ ভূমিকাত (২০১৩)
  • লোকেল কুং ফু ২ (২০১৭)
  • চাচ্‌পেণ্ডেড ইন্সপেক্টৰ বড়ো (২০১৮)
  • বৰনদী ভটিয়ায় (২০১৯)

চলচ্চিত্ৰ পৰিচালনা

এক্স'ন কৰিঅ'গ্ৰাফী

  • দ্য ডে আফটাৰ এভ্ৰিডে

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (১ আগষ্ট, ২০১৭). সাক্ষাৎকাৰ – কেনী বসুমতাৰী. সাক্ষাৎকাৰ. ফটাঢোল
  2. ↑ আৰ্কাইভ কপি
  3. ↑ আৰ্কাইভ কপি
  4. ↑ (৩ আগষ্ট, ২০১১). দা হিন্দুত প্ৰকাশিত গ্ৰন্থ সমালোচনা
  5. ↑ www.livemint.com/Leisure/RhLJ05sEZCgiljV0XeIruI/
  6. ↑ www.telegraphindia.com/1130927/jsp/northeast/sto

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবড়ো জনগোষ্ঠীৰ ব্যক্তিঅসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতাঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনী দেউৰী বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৫১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।