অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদুম বৰুৱা

পদুম বৰুৱা (Padum Barua) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৫ জুলাই ২০০৬ ত নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়।

হালনাগাদ: ২ জুন ২০২৪ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

পদুম বৰুৱা (Padum Barua) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমৰ চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৫ জুলাই ২০০৬ ত নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়।১

কৰ্মজীৱন

জ্যোতিপ্ৰসাদৰ জয়মতী আৰু পদুম বৰুৱাৰ চলচ্চিত্ৰপ্ৰীতি

১৯৩৫ চনত প্ৰথমখন অসমীয়া কথাছবি জয়মতী কুঁৱৰীয়ে মুক্তি লাভ কৰে৷ সেই সময়ত পদুম বৰুৱাৰ বয়স আছিল এঘাৰ বছৰ৷ ছবিখন চোৱাৰ সুযোগ এটা তেওঁলৈ আহিল আৰু জ্যোতিৰ জয়মতীয়ে তেতিয়াই তেওঁক প্ৰভাৱিত কৰিলে৷ ২পদুম বৰুৱাই কৈছে- <blockquote>“জয়মতীয়ে সৃষ্টি কৰা বাস্তৱতকৈও অধিক বাস্তৱ ছাঁ-পোহৰৰ জগতখনে মোক বিস্ময়াভূত কৰিছিল। দৰাচলতে ‘জয়মতী’ দৰ্শনৰ অভিজ্ঞতাতেই অংকুৰিত হৈছিল ‘গঙা চিলনীৰ পাখি’ ছবিৰ বীজ।”''' ৩</blockquote>

একেদৰে চলচ্চিত্ৰ প্ৰসংগ শীৰ্ষক গ্ৰন্থৰ পাতনিতে চলচ্চিত্ৰকাৰগৰাকীয়ে লিখিছিল–

চেমনীয়া কালতে জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ ছবি চাই চলচ্চিত্ৰৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ পৰিছিলোঁ।২

উপন্যাসৰ আধাৰত চলচ্চিত্ৰ

পদুম বৰুৱাৰ ড০ লক্ষ্মীনন্দন বৰাৰ উপন্যাস গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)ৰ আধাৰত একে নামৰ ছবি এখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল৷ সেই উদ্দেশ্যে তেখেতে এবছৰৰ ভিতৰত চিত্ৰনাট্য লিখি উলিয়াইছিল৷ উল্লেখ্য যে, গঙা চিলনীৰ পাখি প্ৰকাশিত হৈছিল ১৯৬৩ চনত৷ ৩ তেতিয়ালৈ পদুম বৰুৱাই বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি চাই অভিজ্ঞতা অৰ্জন কৰিছিল৷ ১৯৬৫ চনত তেখেতে সেই অভিজ্ঞতাৰে আলম লৈ উপন্যাসখনৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিবলৈ মনস্থ কৰে৷

অভিনয়-শিল্পী বিচাৰি প্ৰত্যাহ্বান

পদুম বৰুৱাই অভিনেতা-অভিনেত্ৰীৰ সন্ধানত অসমৰ বিভিন্ন চুক-কোণ পৰিভ্ৰমণ কৰিছিল বুলি ক'ব পাৰি৷ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰশিক্ষণ শিবিৰৰ পৰা আৰম্ভ কৰি বাতৰিকাকতত বিজ্ঞাপন দিয়ালৈকে প্ৰতিটো প্ৰচেষ্টাই হাতত লোৱা হৈছিল৷ বহু বিচাৰ-খোচাৰৰ অন্ততত ছবিখনৰ নায়িকা হিচাপে বাছনিত উঠিচিল টিয়ক মহাবিদ্যালয়ৰ ছাত্ৰী বীণা বাৰুৱতী৷ ছবিখনত অতিথি শিল্পী ৰূপে আইদেউ সন্দিকৈ আৰু আনন্দ চন্দ্ৰ বৰুৱাই অংশ লৈছিল। ৩

অৰ্থসংকট

ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তো পদুম বৰুৱা অনেক অভাৱ আৰু অনাটনৰ সমুখীন হৈছিল৷ প্ৰযোজক বিচাৰি নাপাই তেখেতে ১৯৬৮ চনৰ মে' মাহত নিজৰেই সাঁচতীয়া ধনেৰেই ছবি নিৰ্মাণৰ দিশে আগবাঢ়ি যায়৷ কিন্তু ইয়াৰ পিছতো অৰ্থ-সংকটৰ বাবে দহমাহমান দৃশ্যগ্ৰহণ স্থবিৰ হৈ থাকে৷ ১৯৭১ চনত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ধনেৰে তেখেতে ছবিৰ তৃতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে৷ পিছে আৰ্থিক সংকটৰ বাবে পুনৰ কিছুদিনৰ পাছতেই তেখেতৰ দৃশ্যগ্ৰহণত বিঘিনি আহি পৰে৷ ডেৰবছৰৰ বাবে পুনৰ দৃশ্যগ্ৰহণ স্তব্ধ হৈ পৰে৷ দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰতো একেটাই অসুবিধাই দেখা দিছিল৷ চিনেমা নিৰ্মাণ কৰিবলৈ গৈ পদুম বৰুৱাই আনকি পত্নীৰ অলংকাৰ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল৷ ১৯৭২ চনৰ মাজভাগত অসম চৰকাৰৰ ল’টেৰী ফাণ্ডে এটা সৰু অনুদান আগবঢ়ায়৷ ইয়াৰ জৰিয়তে পদুম বৰুৱাই দৃশ্যগ্ৰহণৰ বাকী থকা কাম আৰু সম্পাদনাৰ কাম কৰিছিল৷ আৱহ সংগীত আৰু শব্দ পুনৰ্সংযোজনৰ কামত অৰ্থ-সহায় বিচাৰি তেখেতে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক সাক্ষাৎ কৰে আৰু তেখেতৰ পৰামৰ্শ মানি নৱপ্ৰতিষ্ঠিত ‘অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰপৰা এটা ঋণ লয়৷ এইদৰেই ১৯৭৫ চনৰত ছবিখনৰ কাম পদুম বৰুৱাই সম্পূৰ্ণ কৰি উলিয়ালে৷ ৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.telegraphindia.com/1060726/asp/northeast/sto
  2. ↑ বৰবৰা, বিতোপন. (০৯-০১-২০১৭). যুগদ্ৰষ্টা চলচ্চিত্ৰকাৰ পদুম বৰুৱা. মুক্তচিন্তা
  3. ↑ দলীয় কৰ্ম. (২৬ জুলাই ২০২০). অসমত ৰীয়েলিষ্টিক ছবিৰ বাটকটীয়া পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ৰ আঁৰৰ সংঘৰ্ষৰ কথা. জলিউদকাফে

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদুম বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪২২১০৬ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।