অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰী কম

মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।

হালনাগাদ: ৫ জুন ২০২৫ ৮০৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।১ তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত (World Amateur Boxing Championship) শ্ৰেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্টিযোদ্ধা প্ৰতিযোগিতাৰ প্ৰত্যেকখনতে পদকজয়ী একমাত্ৰ মহিলা মুষ্টিযোদ্ধা।২ তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্ৰাম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা মুষ্টিযোদ্ধা। AIBA-ৰ ৰেংকিঙত সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ।৩ ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ মহিলা মুষ্টিযুদ্ধৰ ৫১ কিলোগ্ৰাম শ্ৰেণীত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।৪ ২০২০ চনত মেৰী কমক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।৫৬

জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল

মণিপুৰৰ কাংগ্‌থাইত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে ঝুম খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল।৭ তেওঁ প্ৰাথমিক শিক্ষা আৰু ষষ্ঠ শ্ৰেণীলৈকে মৈৰাঙৰ লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্ৰেণীলৈকে মৈৰাঙৰে ছেইণ্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্ৰেণী অদিমজাতি হাইস্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্ৰিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰীক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে "চুৰাচন্দপুৰ কলেজ"ৰ পৰা স্নাতকতা লাভ কৰে।১ এথেলেটিকচত তেওঁৰ সৰুৰেপৰাই আগ্ৰহ আছিল যদিও ডিংক' সিঙৰ সফলতা দেখাৰ পাছতহে তেওঁ বক্সিঙৰ প্ৰতি অনুপ্ৰাণীত হয় আৰু ২০০২ চনত বক্সাৰ হিচাবে আত্মপ্ৰকাশ কৰে।৮

তেওঁৰ পতি কে. অনকাৰ কম, আৰুৰেচুংভাৰ আৰু খাম্‌পেনিভাৰ নামৰ দুজন যমজ পুত্ৰ আছে।৯১০ ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।

প্ৰাৰম্ভিক খেলজীৱন

প্ৰথম অৱস্থাত কমে বক্সিঙৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল, কাৰণ ইয়াক মহিলাৰ বাবে উপযুক্ত খেল বুলি ভবা নহয়। কিন্তু ২০০০ চনত মণিপুৰ ৰাজ্যিক মহিলা বক্সিং চেম্পিয়নশ্বিপত খিতাপ লাভ কৰাৰ পাছত তেওঁ ৰাজহুৱাভাবে জনাজাত হৈ পৰে, দেউতাকেও খবৰ কাকতত তেওঁৰ ফটো দেখি এই কথা গম পালে। পশ্চিম বংগত আঞ্চলিক খিতাপ অৰ্জন কৰাৰ পাছৰেপৰাই ১৮ বছৰীয়া কমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা আৰম্ভ কৰে। তেতিয়ালৈ তেওঁ খেলিবলৈ আৰম্ভ কৰা মাত্ৰ এবছৰহে হৈছিল। তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০০১ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা প্ৰথম AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত ৪৫ কিলোগ্ৰাম শিতানত তেওঁ ৰূপৰ পদক লাভ কৰে। পাচৰবাৰ তুৰ্কীত অনুষ্ঠিত ২০০২ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা দ্বিতীয় AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত একে শিতানত তেওঁ সোণৰ পদক অৰ্জন কৰে।৮

২০০৩ত ভাৰতত অনুষ্ঠিত এচিয়া মহিলা মুষ্টিযুদ্ব খিতাপত ৪৫ কি.গ্ৰা. শিতানত - পাছৰ তিনিবছৰো তেওঁ এই শিতানতে প্ৰতিদ্বন্দ্বিতা কৰিব - সোণৰ পদক অৰ্জন কৰে আৰু উৎকৃষ্ট ক্ৰিড়া প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ অৰ্জুন বঁটা লাভ কৰে। ২০০৪ত তেওঁ নৰৱেত অনুষ্ঠিত মহিলাৰ বিশ্বকাপ মুষ্টিযুদ্ধত সোণ, ২০০৫-অত পুনৰ টাইৱানত অন্ষ্ঠিত এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ, আৰু পুনৰ ২০০৫ চনতে ৰাচিয়াত অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। পাচৰ বছৰ ডেনমাৰ্কত ভেনাচ ৱ'মেন্‌ছ বক্স কাপ অত সোণৰ পদক আৰু পুনৰ ভাৰতত অনুষ্ঠিত ২০০৬ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। দুৰ্ভাগ্যবশতঃ বিশ্ব খিতাপৰ প্ৰতিযোগিতাত তেওঁ পদকৰ পৰা বঞ্চিত হ'বলগা হ'ল, কাৰট অসুস্থতাৰ বাবে খেলখন ২য় ৰাউণ্ডতে সমাপত কৰিব লগীয়া হয়। তেতিয়ালৈকে কমে ১৯-৪ পইণ্টত আগবাঢ়ি আছিল।৮

মুষ্টিযুদ্ধলৈ প্ৰত্যাৱৰ্তন

দুই বছৰ অৱকাশৰ অন্তত মেৰী কম পুনৰ বক্সিং ৰিঙলৈ উভতি আহে। তেওঁ ভাৰতত ২০০৮ চনৰ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ১১ আৰু চীনত ২০০৮ চনৰ AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত চতুৰ্থটো ক্ৰমিক স্বৰ্ণপদক জয় কৰে।১২ ২০০৯ চনত তেওঁ ভিয়েটনামত এচীয় ইনড'ৰ গেমচৰ মুষ্টিযুদ্ধ শিতানত সোণৰ পদক পায়।১১

২০১০ চনত কমে কাজাখস্তানৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক১১, আৰু তাৰ পাচত ২০১০ চনতে বাৰ্বাড'চৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।১৩ ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়। ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত মংগোলিয়াত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।১৪

২০১০ চনৰ ৩ অক্টোবৰ তাৰিখৰ দিনা দিল্লীত অনুষ্ঠিত হোৱা কমনৱেল্থ গেমচৰ উদ্বোদ্ধনী অনুষ্ঠানত কুইন্‌চ বেটন কঢ়িয়াবলৈ বিজেন্দৰ সিঙৰ লগতে কমকো মনোনীত কৰা হয়।১৫১৬ কমে প্ৰত্যাখ্যান কৰে, কাৰণ কমনৱেল্‌থ গেমচত মুষ্টিযুদ্ধ প্ৰতিযোগিতা অন্তৰ্ভুক্ত নহয়।

অলিম্পিকত

পাঁচবাৰ বিশ্ব খিতাপ অৰ্জা মেৰীয়ে ৪৮ কিলোগ্ৰাম আৰু ৪৬ কিলোগ্ৰাম শ্ৰেণীত অনেক পদক অৰ্জন কৰে। কিন্তু বিশ্ব পৰ্যায়ত ৫১ কিলোগ্ৰামক বক্সিঙৰ নিম্নতম শ্ৰেণী বুলি ধৰিবলৈ থিৰাং কৰাৰ পাছত তেওঁ ২ কিলোগ্ৰাম ওজন বঢ়াবলৈ বাধ্য হয়।

২০১২ চনৰ AIBA বিশ্ব মুষ্টিযুদ্ধ খিতাপৰ প্ৰতিযোগিতা মেৰীৰ বাবে বিশেষ আছিল। ইয়াত তেওঁ কেৱল খিতাবৰ বাবেই নহয়, কিন্ত ২০১২ চনৰ লণ্ডন চামাৰ অলিম্পিকৰ বাছনিৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাৰ মুষ্টিযুদ্ধক অন্তৰ্ভুক্ত কৰা হয়। ৫১ কিলোগ্ৰাম শ্ৰেণীত তেওঁ কোৱাৰ্টাৰ ফাইনেলত ইংলণ্ডৰ নিকোলা আডামচৰ হাতত পৰাস্ত (এই প্ৰতিযোগিতাৰ এইখনেই প্ৰথম য'ত মেৰীয়ে কোনো পদক নাপালে) হয় যদিও লণ্ডন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিৰ্বাচিত হয়। মেৰীয়েই লণ্ডন অলিম্পিকৰ বক্সিঙৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা।১৭

মেৰীৰ লগতে লণ্ডনলৈ তেওঁৰ মাক১৮, পতি আৰু আমেৰিকান শিক্ষক (coach) চাৰ্লচ আট্‌কিন্‌চন যায়। অৱশ্যে চাৰ্লচ আট্‌কিন্‌চন অলিম্পিক ভিলেজত থাকিবলৈ সক্ষম নহ'ল, কাৰণ তেওঁৰ এচচিয়েচনৰ বাধ্যতামূলক AIBA ৰ ৩ ষ্টাৰ চাৰ্টিফিকেট নাছিল।১৯

৫ আগষ্ট ২০১২ -অত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিক মুষ্টিযুদ্ধ খেলত মেৰীয়ে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-অক ১৯-১৪ -অত পৰাস্ত কৰে।২০২১ পাছৰ দিনা কোৱাৰ্টাৰ ফাইনেলত মেৰীয়ে টিউনিচিয়াৰ মাৰুৱা ৰাহেলীক (Maroua Rahali) ১৫-৬ -ত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।২২ ৮ আগষ্ট ২০১২ চনত অনুষ্ঠিত হোৱা চেমি ফাইনেলৰ খেলখনত তেওঁ ইংলণ্ডৰ নিক'লা আডামচৰ হাতত ৬-১১ অত পৰাস্ত হয় যদিও তৃতীয় স্থানত থকাৰ বাবে তেওঁৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত হয়।২৩২৪২৫

সফলতাসমূহ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

+ আন্তঃৰাষ্ট্ৰীয় খিতাপসমূহ২৬
বৰ্ষস্থানওজনপ্ৰতিযোগিতাপ্ৰতিযোগিতাৰ স্থান
2001দ্বিতীয়48Women's World Amateur Boxing ChampionshipsScranton, Pennsylvania, আমেৰিকা যুক্তৰাষ্ট্ৰ
2002প্ৰথম45Women's World Amateur Boxing Championshipsআন্তাল্যা, তুৰস্ক
2002প্ৰথম45Witch CupPécs, হাংগেৰী
2003প্ৰথম46Asian Women’s Championshipsহিছাৰ, ভাৰত
2004প্ৰথম46Women’s World CupTønsberg, নৰৱে
2005প্ৰথম46Asian Women’s ChampionshipsKaohsiung, টাইৱান
2005প্ৰথম46Women's World Amateur Boxing Championshipsপ'ড'লস্ক, ৰাছিয়া
2006প্ৰথম46Women's World Amateur Boxing Championshipsনতুন দিল্লী, ভাৰত
2006প্ৰথম46Venus Women’s Box Cupভেজেল, ডেনমাৰ্ক
2008প্ৰথম46Women's World Amateur Boxing Championshipsনিংব', চীন
2008দ্বিতীয়46Asian Women’s Championshipsগুৱাহাটী, ভাৰত
2009প্ৰথম46Asian Indoor Gamesহানয়, ভিয়েটনাম
2010প্ৰথম48Women's World Amateur Boxing Championshipsব্ৰিজটাউন, বাৰ্বাড'চ
2010প্ৰথম46Asian Women’s Championshipsআস্তানা, কাজাখাস্তান
2010তৃতীয়51Asian Gamesগোৱাংজো, চীন
2011প্ৰথম48Asian Women’s Cupহাইকো, চীন
2012প্ৰথম51Asian Women's Championshipsউলান বাট'ৰ, মংগোলিয়া
2012তৃতীয়51(চামাৰ) অলিম্পিক গেমচলণ্ডন, ইংলণ্ড

ৰাষ্ট্ৰীয় পৰ্যায়ত

  • Gold – 1st Women Nat. Boxing Championship, Chennai 6–12.2.2001
  • The East Open Boxing Champ, Bengal 11–14.12.2001
  • 2nd Sr World Women Boxing Championship, New Delhi 26–30.12.2001
  • National Women Sort Meet, N. Delhi 26–30.12.2001
  • 32nd National Games, Hyderabad 2002
  • 3rd Sr World Women Boxing Champ, Aizawl 4–8.3.2003
  • 4th Sr WWBC, Kokrajar, Assam 24–28.2.2004
  • 5th Sr WWBC, Kerala 26–30.12.2004
  • 6th Sr WWBC, Jamshedpur 29 Nov-3.12.2005
  • 10th WNBC, Jamshedpur lost QF by 1–4 on 5.10.2009

বঁটাসমূহ

  • অৰ্জুন বঁটা (বক্সিঙ), ২০০৩
  • পদ্মশ্ৰী (খেল), ২০০৬
  • মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰত্যাখি, ২০০৭
  • পিপল অফ দা ইয়েৰ- লিমকা বুক অফ ৰেকৰ্ডছ, ২০০৭
  • চিএনএন-আইবিএন তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিছৰ ৰিয়েল হিৰ'জ এৱাৰ্ট ১৪.৪. ২০০৮ সোমবাৰ
  • পেপ্‌ ছী এমটিভি য়ুথ আইকন ২০০৮
  • ‘মেগ্‌ নিফিচেণ্ট মেৰি’, এআইবিএ ২০০৮
  • জ'মি ষ্টুডেণ্টছ্ ফেডাৰেছন (ZSF)ৰ দ্বাৰা নিউ লামকা ৱাইপিএ হলত সম্বৰ্ধনা জ্ঞাপন ২০০৮
  • মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০০৯২৭২৮
  • আন্তৰ্জাতিক বক্সিং সংস্থাৰ মহিলা বক্সিং এম্বেচেদৰ ২০০৯২৯৩০
  • স্পৰ্টছৱ'মেন অফ দা ইয়েৰ ২০১০, ছাহাৰা চ্পৰ্টছ এৱাৰ্ড৩১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chitra Garg. (2010). Indian Champions: Profiles Of Famous Indian Sportspersons. Rajpal & Sons. পৃ. 93–. ISBN 978-81-7028-852-7
  2. ↑ I see India. Magnificent Mary. On Mary Kom. I see India
  3. ↑ AIBA World Women's Ranking. AIBA
  4. ↑ আৰ্কাইভ কপি
  5. ↑ (26 January 2020). Mary Kom will be conferred with Padma Vibhushan, PV Sindhu to get Padma Bhushan. The Economic Times
  6. ↑ MINISTRY OF HOME AFFAIRS. padmaawards.gov.in
  7. ↑ NE India:Indigenous Women dream to win World Boxing Champion 2012
  8. ↑ Williams, Dee. (6 February 2008). Mary Kom. (WBAN) Women Boxing Archive Network
  9. ↑ Kumar, Priyanka. (8 March 2012). MC Mary Kom: Boxer, mother, icon. IBN Live
  10. ↑ (23 May 2012). For Mary Kom, life comes second to Olympic dream. First Post
  11. ↑ E-Pao. Mangte Chungneijang Mary Kom:: Manipur Olympic Dreams 2012 London. About Mary Kom. E-Pao
  12. ↑ Mary makes women's boxing's Olympic case stronger: AIBA President
  13. ↑ Laxmi Negi. (19-09-2010). Mary Kom wins fifth successive World Boxing Championship gold. The Times of India
  14. ↑ (26 March 2012). Mary Kom crowned Asian Champion in Ulanbaatar
  15. ↑ World News. Mc Mary Kom Aiba Women's World Boxing Championship. About Mary Kom. World News
  16. ↑ (25 June 2010). Baton for Commonwealth Games to enter India today. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ Times of India. (18 May 2012). Mary Kom qualifies for London Olympics. Times of India
  18. ↑ (20 July 2012). London calling for Mary Kom's mom too
  19. ↑ Mary Kom's American coach not to be with her at Olympics
  20. ↑ AIBA. (5 August 2012). Women make history
  21. ↑ (5 August 2012). Mary Kom proud to win on historic day. The Times of India
  22. ↑ (6 August 2012). Mary Kom storms into semis, assures India of a medal. The Hindustan Times
  23. ↑ economictimes.indiatimes.com/news/news-by-indust
  24. ↑ আৰ্কাইভ কপি
  25. ↑ Mary Kom didn't play her natural game, say pugilists
  26. ↑ AIBA Women’s World Boxing Championships Qinhuangdao 2012 Athletes Biographies. International Boxing Association
  27. ↑ (29 August 2009). President Pratibha Patil presents Khel Ratna, Arjuna awards. হিন্দুস্তান টাইমছ
  28. ↑ (2009-07-29). Mary Kom, Vijender and Sushil get Khel Ratna. The Hindu
  29. ↑ Manipur Express, 31.6.2006 Sat, Ed. L. Chinkhanlian, Lamka; The Sangai Express, 19.4.2008, Imphal
  30. ↑ Zamzachin, Dr. G. (2009-11-03). MARY KOM MC (Mangte Chungneijang). Zogam.Com
  31. ↑ (October 31, 2010). Sahara Sports Awards: Sushil Kumar, Mary Kom get top honours

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ ব্যক্তিভাৰতৰ বক্সাৰঅলিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী কম” প্ৰবন্ধৰ সংশোধন ৫১৫০১২ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।