অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰুতি হাছান

শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৪ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।১ ২ শিশুশিল্পী হিচাপে তেওঁ চিনেমাত গান গাইছিল আৰু দেউতাকৰ চিনেমা হে' ৰামত (২০০০) অতিথিশিল্পী হিচাপে অভিনয় কৰিছিল। প্ৰাপ্তবয়স্ক হিচাপে তেওঁ প্ৰথম অভিনয় কৰে ২০০৯ চনৰ বলিউডৰ চলচ্চিত্ৰ লাকত। পিছলৈ তেওঁ তেলেগু চলচ্চিত্ৰ আনাগানাগা অ' ধীৰুদু (ডিজনী ৱৰ্ল্ড চিনেমা প্ৰযোজিত), অ' মাই ফ্ৰে'ণ্ড আৰু ছেভেন্‌থ চেন্সআদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। ২০১২ চনত তেওঁ বলিউডৰ ছুপাৰহিট বোলছবি দাবাঙৰ তেলেগু ৰিমেক গব্বৰ সিঙত অভিনয় কৰে আৰু এইখন তেওঁৰ অভিনেত্ৰী হিচাপে প্ৰথম ব্যৱসায়িকভাৱে বৃহৎ সাফল্য লাভ কৰা বোলছবি। বালুপু, য়েভাদু, ৰে'চ গুৰ্ৰম ইত্যাদি সফল চলচ্চিত্ৰত অভিনয় কৰি তেওঁ নিজকে তেলেগু চলচ্চিত্ৰ জগতৰ সমসাময়িক আগশাৰীৰ অভিনেত্ৰীসকলৰ এগৰাকী হিচাপে প্ৰতিষ্ঠিত কৰে। ইয়াৰ উপৰিও কেইবাখনো বোলছবিত কৰা উচ্চ প্ৰশংসিত অভিনয়ৰ বাবে তেওঁক হিন্দী চলচ্চিত্ৰজগতৰো প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। চেন্নাই টাইম্‌ছৰ শেহতীয়া এক সমীক্ষাত তেওঁ "আকাংক্ষিত মহিলা"ৰ (Most Desirable Women) তালিকাত শীৰ্ষস্থান লাভ কৰে।৩

তেওঁ নিজৰ সংগীতৰ কেৰিয়াৰতো ভাৰতৰ ভিন ভিন ভাষাত গান গাইছে। তেওঁ প্ৰথম সংগীত পৰিচালনা কৰে দেউতাকে প্ৰযোজনা কৰা বোলছবি উন্নাইপল অৰুৱানত। এতিয়ালৈ তেওঁ কেইবাখনো চলচ্চিত্ৰত আৰু নিজস্ব এলবামত গান গোৱাৰ উপৰিও বেণ্ডৰ সৈতে বহু মঞ্চত সংগীত পৰিৱেশন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Rajeesh, Sangeetha. (2003-10-28). High Five with Shruti Haasan. দ্য হিন্দু
  2. ↑ www.googleimages.com/shruti{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }} haasan
  3. ↑ Sruthi Hassan- MOST DESIRABLE WOMEN OF CHENNAI. Deccan-Journal

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীকলিউড (তামিল চলচ্চিত্ৰ জগত)ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতি হাছান” প্ৰবন্ধৰ সংশোধন ৪৫৩৪৬৪ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।