অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আজান পীৰ

আজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল।

হালনাগাদ: ২৮ জুলাই ২০২৪ ১,২১৫ শব্দ · ৭ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আজান ফকীৰ (Ajan Fakir) এজন ইছলাম প্ৰচাৰক, সাধু আৰু কবি আছিল।১ তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল।২৩। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম গ্ৰহণ কৰাত৪ অসমত মুছলমান লোকসকলৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল।৫ জনশ্ৰুতি মতে আজান পীৰেই পোনপ্ৰথমে অসমত 'আজান' দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসম লৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰি দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতে আজান ফকীৰৰ মৃত্যু হয়।৬

আজান-ফকীৰৰ পৰিয়াল

চূণপোৰা গাঁৱত থাকোঁতেই আজান ফকীৰে তেতিয়াৰ ৰংপুৰৰ ফালে থকা ছৈয়দ ওছমান গণি খোন্দাকাৰৰ কন্যাক বিবাহ কৰায়। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে তেওঁ দুটি পুত্ৰ সন্তানৰ পিতৃ হয়। লগত তেওঁৰ একমাত্ৰ ভাতৃ নবীৰে সৈতে সৰু সংসাৰখন আউল ভাঙি ধৰ্মৰ কাম সুকলমে পালন কৰিছিল। বিয়া বাৰু কৰাই তেওঁ সংসাৰ ভালদৰে চম্ভালাৰ লগতে ধৰ্মৰ কামত বিভিন্ন ঠাই ঘূৰি ফুৰিছিল।৫

আজান ফকীৰৰ অসমলৈ আগমন

ইৰাকৰ ৰাজধানী বাগদাদৰ কেইগৰাকীমান ইছলাম ধৰ্ম প্ৰচাৰক নিজ ইচ্ছাই ঘৰ-বাৰী এৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ অঞ্চললৈ গৈছিল। আল্লাহৰ নামত উচ্ছৰ্গা কৰিব বিচাৰিছিল নিজৰ জীৱন। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ শাহ মীৰানে তেওঁৰ ভাতৃ নবীৰ সৈতে খোজকাঢ়ি ইৰাক, আফগানিস্তান আদি দেশ পাৰ হৈ খাইবাৰ গিৰিপথেদি আহি ভাৰতত সোমাইছিলহি। সেই সময়ত শাহ মীৰান এজন চফল ডেকা আছিল। কিছুদিন আজমীৰত অতিবাহিত কৰিছিল, তাৰ পাছত দিল্লীত কিছু দিন কটাইছিল। দিল্লীৰ পৰা তেওঁলোক আহি পালেহি বঙ্গদেশৰ উত্তৰ ফালে থকা গৌড়ত নামে ঠাইত। অৱশেষত দুই ভাতৃ আহি অসমত (তেতিয়াৰ কামৰূপ ৰাজ্যত) প্ৰৱেশ কৰিছিল।৫

ছাহ মীৰান আৰু তেওঁৰ ভাতৃয়ে সেই সময়ত লগত কোনো তিৰোতা মানুহ অনা নাছিল। সময় উকলিলত অসমৰ ছোৱালীকে বিয়া কৰাই ধৰ্মৰ বাহিৰে আন সকলো আচাৰ-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ওতপ্ৰোত ভাবে মিলি গৈছিল। বৈষ্ণৱ কবি, ধৰ্ম প্ৰচাৰক সকলৰ সাহিত্যৰ লগত তেওঁলোক মিলি গৈছিল৫।

আজান ফকীৰ আৰু ভাতৃ নবী কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)লৈ আহি হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ল’লে। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ত কৰাত লাগিল। আজান ফকীৰে ভাষাটোৰ লগতে ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোক-সংগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিলে। এই সকলোবোৰৰ পৰাই অনুপ্ৰানিত হৈ পাছত তেওঁ জিকিৰ ৰচনা কৰিবলৈ লৈছিল। অসমীয়াৰ পূৰ্বতে তেওঁ ফৰাচী ভাষা, আৰবী ভাষা আৰু উৰ্দু ভাষা ভালদৰে জানিছিল, সেইবাবে অসমীয়া ভাষা বিশেষ ভাবে আয়ত্ত কৰিলেও তেওঁ সৃষ্টি কৰা জিকিৰ সমূহ ফৰাচী বা উৰ্দু ভাষাত লিখিছিল। কাৰণ আজিলৈকে আজান ফকীৰৰ অসমীয়া ভাষাত লিখা কোনো আখৰ পোৱা হোৱা নাই।৫

হজৰত আজান পীৰ দৰগাহ, শ’ৰাগুৰি চাপৰি, শিৱসাগৰ
হজৰত আজান পীৰ দৰগাহ, শ’ৰাগুৰি চাপৰি, শিৱসাগৰছবি: Aniruddha Buragohain · CC BY-SA 3.0

ধৰ্মীয় আদৰ্শ

হাজোত কিছু বছৰ থকাৰ পাছত দুই ভাতৃ উজনিৰ ফালে আগবাঢ়িল আৰু তেতিয়াৰ টাই-আহোম জনগোষ্ঠী ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰৰে চূণপোৰা গাঁৱত থাকিবলৈ লৈছিল। চূণপোৰা গাঁৱত আজান ফকীৰৰ আগমন হোৱাৰ আগতে মছজিদ নাছিল, তেৱেঁই চূণপোৰা গাঁৱত মছজিদ সাজিলে। আজান ফকীৰ মছজিদৰ ওচৰতে থাকিল আৰু মানুহ গোটাই দিনে পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ আৰু পাঁচবাৰকৈ আজান দিবলৈ ল’লে। এইদৰেই এক নতুন সংস্কৃতিৰ গঢ় লৈ উঠিল। মাথোঁ নামাজ পঢ়াই নহয়, আজানে জিকিৰ গীত ৰচনা কৰি নিজেই সুৰ দি গাবলৈ ললে। আজানৰ সুমধুৰ কণ্ঠত জিকিৰ শুনি, আল্লাহৰ মহত্ত্বৰ কথা মুছলমান সকলে ভালদৰে উপলদ্ধি কৰিবলৈ ললে। ঠিক তেতিয়াৰে পৰাই নিতৌ পুৱা গধূলি মছজিদত আজান দিয়া ফকীৰ জনৰ নাম শাহ মীৰানৰ পৰা আজান-ফকীৰ ৰূপে জনাজাত হৈ পৰিল। কিন্তু আজান-ফকীৰে অসমৰ ধৰ্মযাজক সকলৰ চৰিয়ত নমনাৰ বাবেই তেওঁ নিজৰ চকুহাল হেৰুৱাব লগা হৈছিল৫।

আজান-ফকীৰে জিকিৰত একাধিক বাৰ যে তেওঁ মাদাৰী পীৰৰহে ভক্ত। মাদাৰী এক চুফি পন্থাৰ নাম। বদৰুদ্দিন, ছাহ বদৰ বা ছাহ মাদাৰৰ নামেৰেই এই পন্থাৰ নাম মাদাৰী ৰূপে পৰিচিত হয়। পয়গম্বৰ জনাৰ পৰা লাভ কৰা আধ্যাত্মিক জ্ঞান একমাত্ৰ হজৰত আলীৰ যোগেদি তেওঁলোকে নিজ মুৰ্ছিদ বা গুৰুৰ পৰা আহৰণ কৰে আৰু সেইদৰে ৰচুলৰ প্ৰকৃত চৰিয়তহে গুপ্তভাবে পালন কৰে৫।

চূণপোৰা গাঁৱত থাকোঁতেই তেওঁ ইছলাম ধৰ্ম আৰু ৰীতি-নীতি সম্পৰ্কীয় জিকিৰ গীতবোৰ ৰচনা কৰি চিনাকি অসমীয়া সুৰতে গোৱাৰ দিহা কৰিছিল। কিন্তু তেওঁৰ জিকিৰ গীতবোৰৰ কথাৰ মাজত আৰৱী, ফৰাচী আদি শব্দৰে ব্যৱহাৰ কৰিছিল যদিও সেইবোৰৰ ব্যৱহাৰে ছন্দৰ লালিত্য বা সুৰৰ মধুৰতা খৰ্ব কৰা নাছিল। যিমানেই জিকিৰ গীতবোৰৰ জনপ্ৰিয় হৈ পৰিছিল সিমানে তেওঁৰ শিষ্যৰ সংখ্যাও বৃদ্ধি পাইছিল। লাহে লাহে আজান-ফকীৰ ধৰ্মগুৰু বা পীৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত চূণপোৰা গাঁৱতেই নহয় সমগ্ৰ অসমতে আজান চাহাবৰ নাম-যশ বৃদ্ধি পাবলৈ ললে৫।

ৰজা চ্যু-পাত-ফাৰ দিনত আহোম ৰজাৰ বিশেষ প্ৰতিপত্তি থকা মুছলমান বিষয়া আছিল একমাত্ৰ ৰূপাই দাধৰা। আন এজন মুছলমান আজান-ফকীৰৰ নাম-যশে চাৰিওফালে প্ৰভাব পেলোৱাত ৰূপাই ঈৰ্ষাত জ্বলি-পুৰি মৰিছিল। ৰূপায়ে মোগল ৰজাৰ গুপ্তচৰ বুলি ৰজাৰ ওচৰত আজানৰ বিৰুদ্ধে গোচৰ দিলে যদিও আজানৰ গুপ্তচৰ হোৱাৰ কোনো প্ৰমাণ কিন্তু ৰূপায়ে দিব নোৱাৰিলে। শেষত ৰূপায়ে পুনৰ অভিযোগ আনিলে যে জিকিৰ গীত গাই বিশেষ উপাসনাত লাগি আজানে ইছলাম ধৰ্মৰ বিকৃতি ঘটোৱা বুলি। ৰজাই কথাষাৰ বিশ্বাস নকৰিলেও হয়তো ৰাজবিষয়া ৰূপাইক সন্তুষ্ট কৰিবৰ বাবেই আজানৰ বিৰুদ্ধে ৰায় দিলে। শেষত নিষ্ঠুৰ অপকৰ্ম কৰিলে ৰূপাই দাধৰাই। বৃদ্ধ আজান আৰু ভাতৃ নবীক ধৰি আনি বন্দী কৰি ৰাখিলে আৰু আজানৰ চকু কাঢ়িবলৈ নিৰ্দ্দেশ দিলে। হাঁহি হাঁহি নিজৰ চকু কাঢ়িবলৈ পাতি দিলে আজানে। আজানৰ চকু কাঢ়ি নিয়াৰ পাছতেই অসম ৰাজ্যলৈ নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছিল। শেষত ৰজাই নিজৰ ভুলৰ বাবে হোৱা অপকৰ্মৰ কথা জানিব পাৰি দৰদী হৈ পৰিল আৰু আজানক ধৰ্ম প্ৰচাৰ কৰিবলৈ নিজে মঠ সজাই দি ফকীৰৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰালে৫।

আজান ফকীৰৰ জিকিৰ

মূল প্ৰবন্ধ: জিকিৰ

জিকিৰ পৰিবেশন দৃশ্য প্ৰদৰ্শিত এক দেৱাল অংকন
জিকিৰ পৰিবেশন দৃশ্য প্ৰদৰ্শিত এক দেৱাল অংকনছবি: Homen Biswas · CC BY-SA 3.0

ছাহ মীৰান বা আজান ফকীৰে অসমীয়া জিকিৰ অৰ্থাৎ ইছলাম ধৰ্মীয় স্তুতি গীত ৰচনা কৰিছিল। জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হল আল্লাহৰ নাম স্মৰণ কৰা। এইয়া ইছলাম ধৰ্মৰ অতি পৱিত্ৰ কাৰ্য্য বুলি গণ্য কৰা হয়। আজান চাহাবৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদি সহ ইছলাম ধৰ্মৰ ৰীতি-নীতি, অনুষ্ঠান সঠিক ভাবে পালন কৰা নাছিল। আজান-ফকীৰে মুছলমান সকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে জিকিৰ লিখিছিল আৰু জিকিৰৰ মাধ্যমেৰেই মুছলমান সকলৰ মাজত আল্লাৰ বিষয়ে জ্ঞান দিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী আৰু আৰবী শব্দ গীত সমূহত সুমুৱাই দিছিল। অসমীয়া দেহ বিচাৰৰ গীতৰ লগত সাদৃশ্য থকা এই জিকিৰ সমূহত আল্লাহৰ নাম- কলিমা, দেহৰ ভংগুৰাত আদি বিষয় বোৰ সন্নিবিষ্ট কৰিছিল৫।

জিকিৰ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনৰ ক্ষেত্ৰত থলুৱা লোকবাদ্য দোতোৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ কৰা সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তাকাৰে ঘূৰি গোৱাৰ ৰীতিও প্ৰচলিত আছে। আজান ফকীৰেই সৰহভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকীৰ, জৈয়দ মূৰতজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল৫।

আজান ফকীৰৰ জাৰী

মূল প্ৰবন্ধ: জাৰী

হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনীক কেন্দ্ৰ কৰি ৰচনা কৰা শোকগাথাবোৰকে জাৰী গীত বুলি কোৱা হয়। ইছলাম ধৰ্মী লোকসকলৰ অতি প্ৰিয় এই গীতসমূহত হজৰত আলী, ফাতেমা বিবি আদিৰ কথাও সন্নিবিষ্ট কৰা আছে। অসমত প্ৰচলিত জাৰী গীতবোৰ জিকিৰতকৈ প্ৰাচীন। এইবোৰক মৰ্চিয়া গীত বুলিও কোৱা হয়। জাৰী গীতবোৰৰ বিষয় বস্তু ধাৰ্মিক নহয় যদিও কাৰবালা ছহিদক লৈ লিখা গীতবোৰ কৰুণ হোৱা বাবেই মানুহৰ অন্তৰত সহজে চুই যাব পাৰে। অসমীয়া জাৰী গীতবোৰ বহু পৰিবেশ আৰু ঘটনাৰ ৰহণ সানি পৰিবেশন কৰা হৈছে। তদুপৰি তামোল-পাণৰ ব্যৱহাৰো এই গীত বোৰত আছে। নাচি নাচি হাত আৰু বুকু চপৰিয়ায়ো এই গীত গোৱা হয়। অসমীয়া দেহ বিচাৰৰ গীত আৰু লোক গীতৰ সৈতে সাদৃশ্য থকা এই গীত গালে সকলোৰে মন পৰসি যায়, সেয়ে জাৰী মুছলমান সকলৰ মাজত অতি প্ৰিয় গীত ৰূপ পৰিগণিত৫।

আজান-ফকীৰৰ মৃত্যু

আজান ফকীৰৰ চকু ৰূপাই দাধৰাই কাঢ়ি নিয়াৰ পাছতো কিছু বছৰ তেওঁ অন্ধ হৈয়ে জীয়াই আছিল। আজান ফকীৰৰ প্ৰায় ১২০ বছৰ বয়সত মৃত্যু হয় বুলি অনুমান কৰা হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগত ভাতৃ নবীক ইহ-সংসাৰত এৰি থৈ যায়। শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকীৰক কবৰ দিয়া হয়৫।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Sarma, Satyendranath. (1989). A Socio-economic & Cultural History of Medieval Assam, 1200 A.D.-1800 A.D.. Pratima Devi. পৃ. 230
  2. ↑ গ্ৰন্থ: বিশ্ব-ঐতিহ্য, লেখক: শান্তনু কৌশিক বৰুৱা
  3. ↑ B. Datta-Ray, B. (1978). Social and Economic Profile of North-east India. B. R. Pub. Corp. পৃ. 343
  4. ↑ Barooah, Jeuti. (1993). Single Women in Assamese Hindu Society. Gyan Pub. House. পৃ. 27. ISBN 978-81-212-0416-3
  5. ↑ গ্ৰন্থ: এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া, লিখক:হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা নং- ৯৬, প্ৰকাশক: অনন্ত হাজৰিকা, সংস্কৰণ: জানুৱাৰী,২০১২
  6. ↑ অসমীয়া সাহিত্য চয়নিকা, পৃৃৃষ্ঠা ৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিধৰ্ম প্ৰচাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজান পীৰ” প্ৰবন্ধৰ সংশোধন ৪২৭০৭১ (২৮ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।