অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোমাই তামুলী

মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লুঙ লান-ফিমা (Momai Tamuli Borbarua) আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜎𑜥𑜂𑜫) আছিল।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লুঙ লান-ফিমা ১ ২৩ (মোমাই তামুলী) আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜎𑜥𑜂𑜫) আছিল।৪৫ তেওঁক প্ৰথমে তামুলী হিচাপে নিয়োগ কৰা হৈছিল আৰু চাওফা (চাওফা; 𑜋𑜧𑜨 𑜇𑜡) চুচেংফাই থাউমুং সন্দিকৈ বৰবৰাক নিলম্বন কৰাৰ পাছত অসমৰ প্ৰথম বৰবৰুৱা পদ দিছিল। গুণী আৰু দক্ষ বিষয়া হিচাপে তেওঁ অসম বুৰঞ্জীত চিহ্নিত কৰা হৈছে। তেওঁ পাইক প্ৰথা সৃষ্টি কৰি টাই-আহোম জনগোষ্ঠীৰ শাসন ব্যৱস্থা আৰু অসমীয়া সমাজ জীৱনলৈ ভালেখিনি পৰিবৰ্তন আনিছিল।৬ তেওঁ কেইবাখনো নতুন গাঁও মিলাই নগাঁও অঞ্চলৰ সৃষ্টি কৰিছিল।৭

পৰিয়াল

তেওঁৰ জন্ম হৈছিল ১৫৯০ চনত।৮ তেখেত টাই-আহোম জনগোষ্ঠীৰ লুক-খা-খুন খেলৰ ‘লান-ফিমা’ৰ ঘৰৰ প্ৰথম ব্যক্তি চাও ফেংকেনৰ একাদশ পৰিনাতি আছিল।২ তেখেতৰ পিতৃৰ নাম আছিল লাঙী লান তাই লুঙ ওৰফে লান তাই লুঙ তামুলী।৯ তেওঁৰ পুত্ৰ সকলৰ নাম লালুকসোলা বৰফুকন, লাচিত বৰফুকন, লাও, মৰঙ্গী বৰবৰুৱা, ভাতধৰা বৰফুকন, অকা আৰু দৌকৰীয়া (লাঙী) আৰু জীয়ৰী পাখৰী গাভৰু।২

কৰ্মজীৱন

মোমাইৰ চৰিত্ৰ যথেষ্ট শান্ত, সুধীৰ ৰক্ষণশীল আৰু সংযতভাবে কাম কৰা বিধৰ আছিল।১০ তেওঁ কৰ্মজীৱন ম'মাই হিচাপে আৰম্ভ কৰিছিল।২ আহোম ৰাজ্যত ম'মাই মানে অভিযন্তা আছিল, এই শব্দ টাই-আহোম ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হল অভিযন্তা।২ আহোম চাওফা চুচেংফাই তেওঁৰ কৰ্ম দক্ষতা দেখি প্ৰথমে তিপমীয়া ৰাজখোৱা হিচাপে নিযুক্তি দিলে। তাৰ পিছত কাৰেঙৰ বৰ তামুলী পদলৈ উন্নীত কৰা হ’ল। বৰ তামুলী হ’ল ৰজাৰ বাগিছাৰ মূল বিষয়া। পাছলৈ থাউমুং সন্দিকৈক নিলম্বন কৰা পাছত তেওঁক প্ৰথমজন বৰবৰুৱা হিচাপে নিযুক্তি দিছিল।১১ তাৰ আগলৈকে বৰবৰুৱা পদবীটো নাছিল।১০ সেয়েহে মোমাই তামুলীক প্ৰথম বৰবৰুৱা বুলি কয়।১০ এওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল। তেঁও খৰঙি, মৰঙি, তেতৈয়া, দৈয়াং, ধন্মুখৰ, ভূঞা,, দোলামাৰি, বৰচৰিয়া নামৰ গাওঁ কেইখন পাতিছিল।১২

১৬৩৯ চনত আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত হোৱা বুজা-বুজি চুক্তি মতে বৰনদী দুয়ো সাম্ৰাজ্যৰ সীমা ঠিক কৰা হৈছিল। মোগলৰ হৈ আলাহ-ইয়াৰ-খাঁ আৰু আহোমৰ হৈ মোমাই তামুলীয়ে চুক্তিত আগভাগ লৈছিল।১১ বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, ফুকন আদি বিষয়বাববোৰ চুচেংফাৰ দিনত মোমাই তামুলী ডাঙৰীয়াই সৃষ্টি কৰিছিল। পাইক প্ৰথাও মোমাই তামোলীৰে সৃষ্টি। প্ৰত্যেক পৰিয়ালৰ পৰা এজন এজনকৈ ৰজাঘৰত খাটি দিব লগাটোৱেই পাইক প্ৰথা। যুদ্ধৰ সময়ত তেওঁলোক ৰণলৈ যাব লাগে। প্ৰত্যেকজনকে পাইক বুলি কোৱা হয়। ২০ পাইকৰ ভিতৰত এজন বৰা, এশজন পাইকৰ ভিতৰত এজন শ‍ইকীয়া, এহাজাৰ জনৰ পাইকৰ ওপৰত এজন হাজৰিকা বাব দি পাইকসকলৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল। গাঁও সমূহক চুবুৰিত ভাগ কৰা হৈছিল। প্ৰত্যেক গাঁৱৰ, প্ৰতিটো পৰিয়ালত সূতাকটা আৰু কাপোৰ বোৱা বাধ্যতামূলক কৰা হৈছিল। এইদৰে গাঁৱৰ অৰ্থনীতি স্ব-নিৰ্ভৰশীল কৰি তোলা হৈছিল। সপ্তদশ শতিকাৰ (১৬০৮ চন) আগভাগৰ পৰা এনেবোৰ ব্যৱস্থা লোৱা হৈছিল।১০ মোমাই তামুলী সম্পৰ্কে এজন মোগল অধিবক্তাই, ফৌজাদাৰৰ আগত এনেদৰে কৈছিল- "চাহেব, অসমৰ কথা কি কোৱা? ৰজা হ’ল সাক্ষাৎ মহাদেৱ, মোমাই তামুলী হ'ল মহাদেৱৰ প্ৰধান ভৃত্য নন্দী। অসমত এই দুজনা কাৰ্য্যপালক হৈ থকা পৰ্য্যন্ত তুমি সেই দেশলৈ টোঁৱাব নোৱাৰা।"

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ চকৰীফেটি পুৰণি বুৰঞ্জী পৃষ্ঠা ৩২
  2. ↑ বিকাশপেদিয়া, অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ দ্বাৰা যুগুটোৱা তথ্য
  3. ↑ "...Lanphima was made Tamuli and afterwards Barua. Momai Tamuli was of Lukhurakhun family.."বৰুৱা (১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  4. ↑ ৰাজ বুৰঞ্জী, ফলি ১৫৭
  5. ↑ "...Lanphima was made Tamuli and afterwards Barua. Momai Tamuli was of Lukhurakhun family.."(বৰুৱা ১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  6. ↑ পূৰ্বাঞ্চল টাই সাহিত্য সভা. (২০২২). বৈচিত্ৰ্যময় অসম. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম লিমিটেড. পৃ. ১১
  7. ↑ Gogoi 2002 p. 94,Agrarian System of Medieval Assam, Jahnabi Gogoi · 2002,ISBN:9788170229674, 8170229677
  8. ↑ লানফিমা বংশাৱলী
  9. ↑ লানফিমা বংশাৱলী
  10. ↑ স্বৰ্গদেউ ৰাজেশ্বৰসিংহ (১৯৭৪), ড° সূৰ্য্যকুমাৰ ভূঞা, page: 42
  11. ↑ ড° সূৰ্য্যকুমাৰ ভূঞা. (২০২৩). লাচিত বৰফুকন. অসম প্ৰকাশন পৰিষদ. পৃ. ১৭
  12. ↑ অসম বুৰঞ্জী, কাশীনাথ তামূলী ফুকন, পৃষ্ঠা ২৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোমাই তামুলী” প্ৰবন্ধৰ সংশোধন ৫৬১৪২৬ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।