আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে। পূব আৰু পশ্চিমৰ মাজত অজস্ৰ সংযোগ, বিচ্ছিন্নতা আৰু অভিব্যক্তি তেওঁৰ লিখনিৰ অন্যতম বিষয়।
১৯৮৮ চনত প্ৰকাশিত তেওঁৰ চতুৰ্থখন উপন্যাস দ্য ছেটানিক ভাৰ্চেছ বিশ্বজুৰি এক বৃহৎ পৰিমাণৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিতাপখন প্ৰকাশ হোৱাৰ পিছত, কেইবাখনো দেশৰ মুছলমানসকলে প্ৰতিবাদ কৰিছিল যি কেতিয়াবা হিংসাত্মক হৈ পৰিছিল।১ তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। ইৰাণৰ মুখ্য ধৰ্মীয় নেতা আয়াতুল্লাহ ৰুহুল্লা খোমেনীয়ে কিতাপখন লিখাৰ বাবে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোয়া জাৰি কৰিছিল।২
জীৱনী
আহমেদ ছলমান ৰুশ্বদি৩ ১৯৪৭ চনৰ ১৯ জুনত বোম্বাইত (সেই সময়ৰ ব্ৰিটিছ ৰাজত) এটা কাশ্মীৰী মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।৪৫৬ তেওঁ কেমব্ৰিজৰ শিক্ষিত উকীল-ব্যৱসায়ী আনিস আহমেদ ৰুশ্বদি আৰু শিক্ষক নেগিন ভট্টৰ পুত্ৰ। আনিস ৰুশ্বদিক ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) পৰা বৰ্খাস্ত কৰা হৈছিল কিয়নো তেওঁ। বয়স কমাবলৈ জন্মৰ প্ৰমাণপত্ৰ পৰিৱৰ্তন কৰিছিল।৭ ৰুশ্বদিৰ তিনিগৰাকী ভগ্নী আছিল। তেওঁ তেওঁৰ ২০১২ চনৰ স্মৃতিগ্ৰন্থত লিখিছিল যে তেওঁৰ দেউতাকে এভাৰৰোছ (ইবন ৰুশ্দ)ৰ সন্মানত ৰুশ্বদি নামটো গ্ৰহণ কৰিছিল। তেওঁ বোম্বেৰ কেথেড্ৰেল এণ্ডজন কনন স্কুল, ৱাৰউইকশ্বায়াৰৰ ৰাগবী স্কুল আৰু কেমব্ৰিজৰ কিংছ কলেজত ইতিহাস বিষয়ত শিক্ষা লাভ কৰিছিল৪
ব্যক্তিগত জীৱন
ৰুশ্বদিৰ চাৰিবাৰ বিয়া হৈছে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁৰ প্ৰথম পত্নী ক্লেৰিছা লুয়াৰ্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৮ আৰু জাফৰ (জন্ম ১৯৭৯) নামৰ এজন পুত্ৰৰ পিতৃ হৈছিল।৯ তেওঁৰ দ্বিতীয় পত্নী আছিল আমেৰিকান ঔপন্যাসিক মেৰিয়েন উইগিনছ; তেওঁলোক ১৯৮৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৯৯৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ১৯৯৭ চনৰ পৰা ২০০৪ চনলৈ তেওঁৰ তৃতীয় পত্নী আছিল এলিজাবেথ ৱেষ্ট; তেওঁলোকৰ মিলান নামৰ এজন পুত্ৰ আছে (জন্ম ১৯৯৭)। ২০০৪ চনত তেওঁ এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল আৰু আমেৰিকান ৰিয়েলিটি-টেলিভিছন অনুষ্ঠান টপ চেফৰ সঞ্চালক পদ্মা লক্ষ্মীক বিয়া কৰায়। বিবাহখন ২ জুলাই ২০০৭ ত সমাপ্ত হৈছিল।
২০০০ চনৰ পৰা, ৰুশ্বদিয়ে নিউয়ৰ্ক চহৰৰ "বেছিভাগ ইউনিয়ন স্কোৱেৰৰ ওচৰত" বাস কৰি আহিছে।১০ তেওঁ ইংলিছ ফুটবল ক্লাব টটেনহাম হটস্পাৰৰ অনুৰাগী।১১
তথ্যসূত্ৰ
- ↑ Horton, J. (1993). The Satanic Verses Controversy: A Brief Introduction. In Liberalism, Multiculturalism and Toleration (pp. 104-113). Palgrave Macmillan, London
- ↑ Oba, A. A. (2001). The Satanic Verses Case Revisited. JL & Soc'y, 24, 1
- ↑ Salman Rushdie claims victory in Facebook name battle. BBC News
- ↑ Salman Rushdie – Literature. literature.britishcouncil.org
- ↑ Literary Encyclopedia: "Salman Rushdie". Retrieved 20 January 2008
- ↑ Liukkonen, Petri. Salman Rushdie. Books and Writers. Kuusankoski Public Library
- ↑ (15 December 2014). Revealed after 76 yrs: Rushdie's dad's secret humiliation in London. mumbaimirror.indiatimes.com
- ↑ Descended from the gentry family LUARD formerly of Byborough. See Burke's Landed Gentry 18th edn vol 1 (pub 1965) page 465 col 2
- ↑ Free BMD website. Birth registered Q3 1979 Camden
- ↑ Laura M. Holson, "From Exile to Everywhere", The New York Times, 23 March 2012 (online), 25 March 2012 (print). Retrieved 26 March 2012
- ↑ Collie, Ashley. Shakespeare's Hotspur Would Be Proud to See His Namesake Tottenham Hotspur Leading Another British Invasion of America. HuffingtonPost.com. HPMG News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলমান ৰুশ্বদি” প্ৰবন্ধৰ সংশোধন ৬৩৭০৩৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।