সত্যেন্দ্ৰনাথ বসু (Satyendra Nath Bose; ১ জানুৱাৰী, ১৮৯৪ - ৪ ফেব্ৰুৱাৰী, ১৯৭৪) আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী। ১৯২০-ৰ দশকত কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কাম, বসু-আইনষ্টাইন পৰিসংখ্যাৰ ভিত্তি আৰু বসু-আইনষ্টাইন ঘনীভৱন তত্ত্ব বিকাশত এলবাৰ্ট আইনষ্টাইনৰ সৈতে সহযোগৰ বাবে তেওঁক জনা যায়। তেওঁ ৰয়েল ছ'ছাইটি এগৰাকী ফেল' আছিল। তেওঁক ভাৰত চৰকাৰে ১৯৫৪ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ প্ৰদান কৰে।১২৩
জন্ম
জ্ঞান-বিজ্ঞান আৰু শিল্প-বাণিজ্যৰ কেন্দ্ৰ, ভাৰতৰ অন্যতম প্ৰথম শ্ৰেণীৰ মহানগৰ কলিকতা। এই কলিকতা মহানগৰৰ পৰা প্ৰায় ৪৮ মাইল দূৰত অৱস্থিত নদীয় জিলাৰ এখন সমৃদ্ধ গাঁও, বাড়াজুলী। এই গাঁৱতেই ১৮৯৪ চনৰ পহিলা জানুৱাৰীত সত্যেন্দ্ৰনাথ বসুৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম আছিল সুৰেন্দ্ৰনাথ বসু আৰু মাকৰ নাম আছিল আমোদিনী ৰায় চৌধুৰী। সত্যেন্দ্ৰনাথ আছিল সুৰেন্দ্ৰনাথৰ অতি মৰমৰ সন্তান। কাৰণ সাতোটা সন্তানৰ ভিতৰত সত্যেন্দ্ৰনাথেই আছিল একমাত্ৰ পুত্ৰ বাকী ছয় গৰাকীয়েই আছিল কণ্যা। ছয় গৰাকী জীয়েকৰ উপৰিও সুৰেন্দ্ৰনাথৰ ঘৰত তেওঁৰ চাৰিগৰাকী কুমাৰী ভনীয়েকো আছিল। এইসকলৰ কাৰণেও সত্যেন্দ্ৰনাথ আছিল আলাসৰ লাড়ু।
শৈশৱ আৰু শিক্ষা
সত্যেন্দ্ৰ নাথৰ পাঁচ বছৰ বয়সতে দেউতাকে জোৰাবাগানৰ নৰ্মাল স্কুলত নাম লগাই দিয়ে। কিছুদিনৰ পিছত সুৰেন্দ্ৰনাথে গোৱাবাগানৰ নতুন ঘৰলৈ উঠি যায় আৰু সত্যেন্দ্ৰনাথকো নৰ্মাল স্কুলৰ পৰা লৈ গৈ নিউ ইণ্ডিযান স্কুলত নাম লগাই দিয়ে। তাৰ অলপ দিনৰ পিছত সেই স্কুলৰ পৰা নি হিন্দু স্কুলত নাম লগাই দিয়ে। সৰুৰে পৰাই সত্যেন্দ্ৰনাথৰ দৃষ্টিশক্তি কম আছিল সেয়েহে তেওঁ কোনো খেল-ধেমালিতে অংশগ্ৰহণ নকৰিছিল। সকলো সময়তে তেওঁ কিতাপৰ মাজত মচগুল হৈ আছিল।
১৯০৯ চনত সত্যেন্দ্ৰনাথে সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেচিডেন্সী কলেজত ইণ্টাৰ মিডিযেট (এফ.এ.) মহলাৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ছাত্ৰ অৱস্থাত সত্যেন্দ্ৰনাথ যিদৰে পঢ়া-শুনাত চোকা আছিল ঠিক সেইদৰে উতপতীযাও আছিল। ধেমালিৰ চলেৰে সত্যেন্দ্ৰনাথে কৰা উতপাতৰ বাবে অধ্যাপকসকল বহুসময়ত বিমোৰত পৰিছিল।
১৯১১ চনত সত্যেন্দ্ৰনাথে বিজ্ঞান বিভাগত ইণ্টাৰ মিডিযেট পৰীক্ষাত সমগ্ৰ বঙ্গদেশৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হয়। তাৰ পিছত বি.এছ.চি. আৰু এম.এছ.চি. পৰীক্ষাতো সত্যেন্দ্ৰনাথে আগৰ দৰেই প্ৰথম স্থান লাভ কৰে। সত্যেন্দ্ৰনাথে এম.এছ.চি. মহলাত পঢ়ি থকাৰ সময়তে মাক আমোদিনী দেৱীয়ে ডাক্তৰ যোগেন্দ্ৰনাথ ঘোষৰ জীয়েক ঊষাৱতীৰ সৈতে তেওঁৰ বিয়া পাতি দিয়ে। বিয়াৰ সময়ত ঊষাৱতীৰ বয়স আছিল মাত্ৰ দহবছৰ৪।
কৰ্মজীৱন
১৯১৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মহান ভাৰতীয় মনীষী ছাৰ আশুতোষ মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত ইউনিভাৰচিটি কলেজ অব্ চায়েঞ্চৰ আধাৰশিলা স্থাপন কৰি সত্যেন্দ্ৰনাথ বসু আৰু মেঘনাদ সাহাক ব॥ৱহাৰিক গণিত বিষয়ত পাঠদান কৰিবলৈ অধ্যাপক হিচাপে নিযুক্তি দিয়ে। কিন্তু মুৰব্বী অধ্যাপকৰ লগত মনোমানিল্য ঘটাত, ছাৰ আশুতোষ মুখাৰ্জীয়ে দুয়োকে গণিত বিষয়ৰ সলনি পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ মহলাত অধ্যাপনা কৰিবলৈ পুনৰ নিযুক্তি দিয়ে।
১৯১৮ চনত লণ্ডনৰ পৰা প্ৰকাশিত ফিলচফিকেন জাৰ্নেলত সত্যেন্দ্ৰনাথৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ পায়। ১৯২০ চনত কোৱাণ্টাম তত্ত্বৰ ওপৰত য়ুগুত কৰা আন এটি গৱেষণা পত্ৰত সত্যেন্দ্ৰনাথে কিছুমান মৌলিক সিদ্ধান্ত প্ৰমাণ কৰি বিজ্ঞানীসকলৰ প্ৰচুৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয। তাৰ কিছুদিন পিছতেই সত্যেন্দ্ৰনাথে বন্ধু মেঘনাদ সাহাৰ লগ হৈ মহান বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বটোক জাৰ্মান ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে। জাৰ্মান বিজ্ঞানীৰ আপেক্ষিকতাবাদ তত্ত্বৰ এইটোৱেই আছিল প্ৰথম ইংৰাজী মুকলি ভাঙনি।
১৯১৭ চনত পূৰ্ববংগৰ ঢাকাত নতুনকৈ বিশ্ববিদ্যালয স্থাপন হোৱাত সত্যেন্দ্ৰনাথে সেই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ৰীডাৰ পদত নিযুক্তি লাভ কৰি ঢাকালৈ যায়। ১৯১৬-১৭ চনত বিকিৰণ আৰু ভৌতিক সাংখ্যিকী সম্পৰ্কে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৱে এলানি গৱেষণা পত্ৰ প্ৰস্তুত কৰে। ১৯২৫ চনত সত্যেন্দ্ৰনাথে পুনৰ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়লৈ উভতি আহে। ১৯৫২ চনত তেওঁ ৰাজ্যশভাৰ সদ্যস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ উপাধি প্ৰদান কৰে। ১৯৫৩ চনত সত্যেন্দ্ৰনাথে ৰুছ চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব নীৰস্ত্ৰীকৰণ আৰু শান্তি সন্মিলনত অংশগ্ৰহণ কৰে। ১৯৫৬ চনত ব্ৰিটিছ বিজ্ঞান সন্মিলনৰ আমন্ত্ৰণত সত্যেন্দ্ৰনাথে লণ্ডনলৈ গৈ বিজ্ঞান সম্পৰ্কীয় বহুতো অনুষ্ঠানত যোগদান কৰে। ১৯৫৮ চনত লণ্ডনৰ ৰয়েল চোচাইটিয়ে তেওঁক সন্মানিত সদস্য পদ প্ৰদান কৰে।
মৃত্যু
১৯৭৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে এই গৰাকী বিজ্ঞানীয়ে ৮০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়।
তথ্যসূত্ৰ
- ↑ Wali 2009, পৃ. xv, xxxiv
- ↑ Barran, Michel. Science world. Wolfram
- ↑ Mahanti, Dr Subodh. Satyendra Nath Bose, The Creator of Quantum Statistics. Vigyan Prasar
- ↑ বৰণীয় বিজ্ঞানীৰ জীৱনী, এম. আব্দুল মজিদ খান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যেন্দ্ৰনাথ বসু” প্ৰবন্ধৰ সংশোধন ৪৬৩১১৭ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।