জন্ছ মহলীয়া (২৬ ছেপ্টেম্বৰ, ১৯৪৬ - ৫ ফেব্ৰুৱাৰী, ২০১৬) অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্মগ্ৰহণ কৰা মহলীয়াই পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নিৰ্দেশনাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৭৯ চনত মুক্তি লাভ কৰা "দূৰণীৰ ৰঙ" তেখেতৰ প্ৰথম চলচ্চিত্ৰ। তেখেতে "নতুন বেলি" নামৰ এখন শিশু আলোচনী সম্পাদনা কৰি উলিয়াইছিল। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি থকা মহলীয়াই ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জন্ছ মহলীয়াই ১৯৪৬ চনৰ ২৬ ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ ভূঞা মহলীয়া আৰু মাতৃ নুমলী মহলীয়া।১ চেঙামাৰীতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেখেতে তেজপুৰৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰে। তাৰ পাছত গুৱাহাটীৰ আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে। তেজপুৰত থাকোঁতেই মহলীয়া সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ পৰে। ছাত্ৰাৱস্থাত বন্ধুবৰ্গৰ মাজত তেখেতে যাদুকলাও প্ৰদৰ্শন কৰিছিল।
স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেখেত পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নিৰ্দেশনা বিষয় অধ্যয়ন কৰিবলৈ যায়। তাত চূড়ান্ত বৰ্ষত পাঠ্যক্ৰমৰ অংশ হিচাপে "দূৰ চলে" নামৰ এখন চিটি ছবি পৰিচালনা কৰিছিল। ১৯৭১ চনত তেখেতে নিদেশনাৰ স্নাতক ডিগ্ৰী লাভ কৰে।২ ১৯৭৩ চনত ৰীতা মহলীয়াৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।
কৰ্মজীৱন
তেজপুৰলৈ ঘূৰি আহি মহলীয়াই ব্যৱসায়ত মনোনিবেশ কৰে। ইয়াৰ মাজতে ৰূপায়ণ ক্লাবৰ বেনাৰত নৰেন লহকৰৰ ৰচনাৰে "অক্টোপাছ আলিংগন" নামৰ এখন চুটি ছবি নিৰ্মাণ কৰে।৩ তাৰ পাছত গুৱাহাটীলৈ আহি নৱাৰুণ ফিল্ম্ছৰ বেনাৰত "দূৰ চলে"ৰ আৰ্হিৰে "দূৰণীৰ ৰঙ" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ লয়। এই সময়ত তেখেতে দূৰদৰ্শন কেন্দ্ৰৰ ফিল্ম ডিভিজনৰ পৰিচালকৰ চাকৰি লাভ কৰাত চলচ্চিত্ৰৰ কাম আধাতে এৰে। ফিল্ম ডিভিজন থাকোঁতে তেখেতে ৯ খন বিভাগীয় তথ্যচিত্ৰ নিৰ্মাণ কৰে।২ কিন্তু চলচ্চিত্ৰৰ মোহ এৰিব নোৱাৰি তেখেতে চাকৰি এৰি বোলছবি নিৰ্মাণত ধৰে। ১৯৭৯ চনত তেখেতৰ পৰিচালনাৰে "দূৰণিৰ ৰং" ছবিখনে মুক্তি লাভ কৰে। অসম আন্দোলনৰ সময়ত মুক্তি দিয়া ছবিখন বাণিজ্যিকভাৱে ব্যৰ্থ হোৱাৰ লগতে মহলীয়া অৰ্থ-সংকটত ভোগে।৩
ইয়াৰ পাছতো মহলীয়াই কেইবাখনো অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেখেতে গুৱাহাটী দূৰদৰ্শনৰ বাবে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকো পৰিচালনা কৰিছিল। দিল্লীত অনুষ্ঠিত "এছিয়া ৭২" সমাৰোহত তেখেতে তিনিখন তিনি মিনিটৰ চুটি ছবিৰে উত্তৰ-পূব ভাৰতক অকলে প্ৰতিনিধিত্ব কৰিছিল।
ইয়াৰ বাহিৰে জন্ছ মহলীয়াই "নতুন বেলি" নামৰ এখন শিশু আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল।৩
মৃত্যু
বহুদিনৰ পৰা বৃক্কৰ অসুখত ভুগি থকা মহলীয়াক ২০১৬ চনৰ ২৫ জানুৱাৰীত গুৱাহাটীৰ হায়াট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াতে ৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৫:৫০ বজাত ৭০ বছৰ বয়ত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত জন্ছ মহলীয়াই পত্নী ৰীতা মহলীয়া, জীয়ৰী জিনি মহলীয়া, পুত্ৰ জেৰী মহলীয়া প্ৰমুখ্যে আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায়৷৪
কৰ্মপঞ্জী
চলচ্চিত্ৰ
- দূৰণীৰ ৰঙ (১৯৭৯)
- ব'হাগৰ দুপৰীয়া (১৯৮৪)
- যুগান্তৰৰ তেজাল পুৱা (২০০০)
- মহাসমৰ (২০১৩)৫
ধাৰাবাহিক
- অনেক ফুলৰ সুৰভি
- চক্ৰবেহু
- সুৰংগৰ শেষত
- কালৰত্ন
- অপাৰেছন ড্ৰাগ্ছ
- ঘাত-প্ৰতিঘাত
- জীৱন জোনাক
- Harmony North East৫
তথ্যসূত্ৰ
- ↑ Prantik Deka. (16 February 2016). Jones Mahalia: Life and Work. KothaSobi
- ↑ (6 February 2016). Jones Mahalia passes away. The Assam Tribune
- ↑ (৬ ফেব্ৰুৱাৰী ২০১৬). 'মহাসমৰ'ৰ মহাযোদ্ধা জ'নছ মহলীয়াৰ চিৰবিদায়. অসমীয়া প্ৰতিদিন. পৃ. ১, ১৪
- ↑ (৬ ফেব্ৰুৱাৰী ২০১৬). জনছ মহলীয়া প্ৰয়াত. জনসাধাৰণ. পৃ. ১, ১০
- ↑ (6 Februwary 2016). Filmmaker passes away. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন্ছ মহলীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৫০৮৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।