তবচ্চুম ফাতিমা হাচমী (Tabassum Fatima Hashmi; জন্ম: ৪ নৱেম্বৰ ১৯৭১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী।১২ তেখেতৰ জনপ্ৰিয় নাম হৈছে তবু। তেলুগু, তামিল, মালয়ালম, বঙালী আৰু মাৰাঠী ভাষাৰ ছবিতো তবুৱে অভিনয় কৰিছে। ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত আৰু সফল অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰা তবুক প্ৰায়ে জটিল, সংকটাপন্ন চৰিত্ৰত অৱতীৰ্ণ হোৱা দেখা যায়। তেখেতে আমেৰিকান প্ৰযোজনা গোষ্ঠীৰ লগতো কাম কৰিছে।৩৪৫ তবুৱে দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে আৰু ছবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ফিল্মফেয়াৰত তেখেতে সমালোচকৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা এতিয়ালৈকে চাৰিটা লাভ কৰিছে, যি এক অভিলেখ। ২০১১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।৬
১৯৮৫ চনত মুক্তি লাভ কৰা দেৱানন্দৰ "হম নৌজৱান"ত তবুৱে এগৰাকী কিশোৰীৰ ৰূপত পোনপ্ৰথমবাৰৰ বাবে দেখা দিয়ে। অৱশ্যে ১৯৯১ চনত মুক্তিপ্ৰাপ্ত তেলুগু ভাষাৰ ছবি "কুলি নং ১"তহে তেখেতে শীৰ্ষ চৰিত্ৰত অভিনয়ৰ সুযোগ পায়।৭৮১৯৯৪ চনত তবুৱে হিন্দী একশ্যন-ধৰ্মী ড্ৰামা ছবি "বিজয়পথ"ত অভিনয় কৰি ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।৯ তাৰ পিছৰ বছৰটো অৰ্থাৎ ১৯৯৬ চনটো তবুৰ বাবে উল্লেখনীয়।১০ সেইবছৰত তেখেতে গুলজাৰৰ "মাছিছ" ছবিখনত পঞ্জাব বিদ্ৰোহৰ দ্বাৰা প্ৰভাৱিত হোৱা এগৰাকী ডেকা গাভৰুৰ চৰিত্ৰ ৰূপায়ণ কৰে। এইখন ছবিয়ে তেখেতৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনে।১০১১ ইয়াৰ বাদেও, ১৯৯৬ চনতে নিৰ্মিত তেলুগু ভাষাৰ ছবি নিন্নে পেল্লাদাতাৰ বাবে তবুৱে তেলুগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ লাভ কৰে। অন্যহাতেদি হিন্দী ভাষাৰ আন এখন ছবি "চাজন চলে চচুৰাল"-এও ব্যৱসায়িক সফলতা অৰ্জন কৰে।১২১৩ ১৯৯৯ চনত তবুৱে বলিউডৰ উপাৰ্জনকাৰী কমেডী ছবি 'বিৱি নাম্বাৰ ওৱান' আৰু পাৰিবাৰিক ছবি 'হম চাথ চাথ হে'তো তবুৱে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে।১৪ ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত ছবি "ৱিৰাচট", "হু টু টু", "অস্তিত্ব" (২০০০) আৰু "চান্দনী বাড়" (২০০১) হৈছে তবুৱে অভিনয় কৰা শক্তিশালী ছবি। প্ৰথম তিনিখনৰ জৰিয়তে তবুৱে লাভ কৰে ফিল্মফেয়াৰৰ সমালোচকৰ বঁটা আৰু শেষৰখন ছবিৰ বাবে তেখেতে লাভ কৰে দ্বিতীয়টো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
তবচ্চুম ফাতিমা হাচমী ওৰফে তবুৱে জন্ম লাভ কৰিছিল এটা হায়দৰাবাদী মুছলমান পৰিয়ালত।১১৫ তেখেতৰ অভিভাৱকৰ মাজত সোনকালেই বিবাহ বিচ্ছেদ হয়।১৬ তেখেতৰ মাতৃ আছিল এগৰাকী বিদ্যালয়ৰ শিক্ষক আৰু আইতাক-ককাক (মাকৰ মাক-দেউতাক) আছিল স্কুলৰ অৱসৰী অধ্যাপক। ১৯৮৩ চনত তবু মুম্বাইলৈ আহে আৰু দুবছৰৰ বাবে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত অধ্যাপনা কৰে।১৭১৮
তবু হৈছে যশস্বী অভিনেত্ৰী শাবানা আজমী, টনভি আজমী আৰু বাবা আজমীৰ ভতিজী। অভিনেত্ৰী ফাৰাহ নাজ হৈছে তেখেতৰ জ্যেষ্ঠ ভগ্নী। তবুৱে তেলুগু, হিন্দী, ইংৰাজী, বঙালী, মাৰাঠী, তামিল, মালয়ালম, স্পেনিছ আৰু কিছু পৰিমাণে ফৰাচী ভাষা ক'ব পাৰে।১৯
তথ্যসূত্ৰ
- ↑ Nihalani, Govind; Chatterjee, Saibal. (2003). Encyclopaedia of Hindi cinema. Encyclopædia Britannica (India), Popular Prakashan. পৃ. 634. ISBN 81-7991-066-0
- ↑ (4 November 2014). Birthday special: Tabu's 10 best performances over the years. CNN-IBN
- ↑ Banerjee, Arnab. (5 June 2007). Tabu: making understatement an art. Hindustan Times
- ↑ Satija, Garima. (3 February 2020). With A Plethora Of Bold Roles & Stellar Acting, It's Time B-Town Addresses Tabu As 'Superstar'. Indiatimes. The Times Group
- ↑ Biswas, Sushmita. (13 September 2015). An offbeat act. The Telegraph
- ↑ Padma Awards Announced. Ministry of Home Affairs. 25 January 2011
- ↑ Vijayakar, Rajiv. (17 April 2014). 2 States of stardom - When child stars grow up!. Bollywood Hungama
- ↑ Kumar, Hemant. (13 February 2013). KRR taught Tabu to give sexy expressions in a bedroom!. The Times of India
- ↑ Tabu: Awards & Nominations. Bollywood Hungama
- ↑ Bose, Derek. (19 July 2009). Cut above the rest. The Tribune
- ↑ 44th National Film Awards – 1997. Directorate of Film Festivals. পৃ. 24
- ↑ Filmfare South Special Best Actress. Filmfare
- ↑ Box Office 1999. Box Office India
- ↑ Nahta, Komal. (3 January 2000). 2000 can only be better!. Rediff.com
- ↑ Jahagirdar-Saxena, Shraddha. (25 July 2007). Nothing serious about Tabu. Verve (Indian magazine)
- ↑ Swarup, Harihar. (29 April 2007). Tabu, an actor who does not need make-up. The Tribune
- ↑ Tabu: Lesser known facts. The Times of India
- ↑ Martyris, Nina. (26 April 2003). When dosa was a luxury. The Times of India
- ↑ Bhatt, Rajeev. (9 March 2007). Tabu: As she likes it!. Hinduonnet.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তবু” প্ৰবন্ধৰ সংশোধন ৫৩১৩৪০ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।