অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনোৱাৰ হুছেইন

আনোৱাৰ হুছেইন (Anowar Hussain) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল।

হালনাগাদ: ১৭ জুন ২০২৪ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আনোৱাৰ হুছেইন (Anowar Hussain) এগৰাকী অসমৰ চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল। চেতন আনন্দৰ ‘মোচন পিকচাৰ্চ আৰ্ট একাডেমী’ৰ পৰা তেওঁ চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় শিক্ষাগ্ৰহণ কৰিছিল।১২

প্ৰাৰম্ভিক আৰু শিক্ষাজীৱন

গুৱাহাটী কুমাৰপাৰাৰ বাসিন্দা হুছেইনৰ দেউতাৰ এজন চৰকাৰী ঠিকাদাৰ আছিল। দেউতাকে তেওঁক শ্বিলঙৰ ছেইণ্ট এন্থনীজ্ কলেজলৈ পঢ়িবলৈ পঠাইছিল। দেউতাকে বিচাৰিছিল, পুতেক এজন অভিযন্তা হওক। কিন্তু হুছেইনৰ সৰুৰে পৰা আগ্ৰহ চিনেমাৰ প্ৰতিহে আছিল। সেয়েহে তেওঁ চলচ্চিত্ৰ-কলা সম্পৰ্কে অধ্যয়ন কৰিবলৈ মুম্বাইৰ চেতন আনন্দৰ প্ৰতিষ্ঠান ‘মোচন পিকচাৰ্ছ আৰ্ট একাডেমী’ত নাম লগালে। অসমলৈ উভতি অহাৰ আগতে তেওঁ মুম্বাই আৰু কলিকতাত পৰিচালকৰ সহকাৰী হিচাপে কাম কৰি অভিজ্ঞতা অৰ্জন কৰিলে।১

চলচ্চিত্ৰ নিৰ্মাণ

নিজে ছবি নিৰ্মাণ কৰাৰ বাসনা লৈ তেওঁ অসমলৈ উভতি আছে আৰু ১৯৫৫ চনত সৰাপাত নামেৰে ছবি এখন আৰম্ভ কৰে। তেতিয়া তেওঁৰ বয়স মাত্ৰ ২১ বছৰ আৰু ভাৰতৰ সৰ্বকনিষ্ঠ পৰিচালক। ১৯৫৬ত সৰাপাতে মুক্তি পায়। হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬ক বিষয়-বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হুছেইন পৰিচালিত দ্বিতীয় ছবিখন হ’ল- নতুন পৃথিৱী, যিখন ১৯৫৮ চনত মুক্তি পায়। লক্ষ্মীনাথ বেজবৰুৱাৰ কৰুণ লোকগাথা তেজীমলাৰ আধাৰত ১৯৬৩ চনত নিৰ্মাণ কৰে ৰাষ্ট্ৰীয় বঁটা বিজেতা তেজীমলা ছবিখন।৩

হুছেইনে পৰিচালনা কৰা আনকেইখন ছবি হ’ল- পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ) (১৯৭৭), শ্ৰী শ্ৰী মা কামাখ্যা৪ (১৯৮৩) আৰু মৃত্যুহীন জীৱন (২০০০)। তেওঁ নিৰ্মাণ কৰা বেছিভাগ ছবিৰে বিষয়-বস্তু আছিল নাৰীকেন্দ্ৰিক।১

বঁটা আৰু সন্মান

  • তেজীমলা ছবিখনে আঞ্চলিক ভাষাৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ (১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৬২) লাভ কৰে।৫
  • ২০১০ চনত মুম্বাইৰ দাদা চাহেব ফালকে একাডেমীয়ে চলচ্চিত্ৰ উদ্যোদটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে হুছেইনক 'দাদা চাহেব ফালকে লাইফটাইম এচিভমেণ্ট বঁটা'ৰে সন্মানিত কৰে।২
  • আজান পীৰ বঁটা, ২০২৩৬

তথ্যসূত্ৰ

  1. ↑ 'Women are the prime force of society''Women are the prime force of society'
  2. ↑ Phalke award for filmmaker Anwar Hussain
  3. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১২,৩১৯,৩২৭ অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  4. ↑ Ashish Rajadhyaksha, Paul Willemen. (1998). Encyclopedia of Indian Cinema. Oxford University Press, New Delhi
  5. ↑ National films for Awards
  6. ↑ (১৭ জুন ২০২৪). Himanta Biswa Sarma congratulates wiinners of Bishnu Rabha Award 2024. India Today NE

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনোৱাৰ হুছেইন” প্ৰবন্ধৰ সংশোধন ৪২৩৪৭০ (১৭ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।