ডেন ইয়াং (চীনা ভাষা: 丹扬; পিনয়ন: Dān Yáng) এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ স্নায়ুজীৱবিজ্ঞানৰ পল লিচ্ট বিশিষ্ট অধ্যাপিকা আৰু হাৱাৰ্ড হিউজেছ মেডিকেল ইনষ্টিটিউট (এইচ এইচ এম আই)ৰ তদন্তকাৰী। আচৰণ নিয়ন্ত্ৰণ কৰা স্নায়ু বৰ্তনীসমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত আৰু ২০১৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ নিৰ্বাচিত হৈছিল।১
তেওঁৰ বৰ্তমানৰ গৱেষণা স্তন্যপায়ী প্ৰাণীৰ মগজুত টোপনি নিয়ন্ত্ৰণ কৰা স্নায়ু বৰ্তনীসমূহ বুজি পোৱাৰ ওপৰত কেন্দ্ৰিত। তেওঁ অপ্টোজেনেটিক্স, ইমেজিং, ইলেক্ট্ৰ'ফিজিঅ'লজি আৰু ভাইৰাছ-মধ্যস্থতাকাৰী চাৰ্কিট ট্ৰেচিঙৰ দৰে আধুনিক বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰে।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
ডেন ইয়াঙৰ জন্ম চীনৰ বেইজিঙত হৈছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ এজন পদাৰ্থবিজ্ঞানী আছিল, যিয়ে তেওঁক বিজ্ঞানৰ দিশত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছিল। শিশুকালত এলবাৰ্ট আইনষ্টাইন আৰু মেৰী কিউৰীৰ জীৱনৰ কাহিনীও তেওঁক গভীৰভাৱে প্ৰভাবিত কৰিছিল।৩
তেওঁ পেকিং বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকালৈ গুচি গৈ কলম্বিয়া বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰে আৰু ১৯৯৪ চনত জীৱবিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেট উপদেষ্টা আছিল মু-মিং পূ। তাৰ পিছত তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুলত পোষ্টডক্টৰেট গৱেষণা কৰে।৪
কেৰিয়াৰ
১৯৯৭ চনত ডেন ইয়াঙে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ আণৱিক আৰু কোষ জীৱবিজ্ঞান বিভাগত অধ্যাপনা আৰম্ভ কৰে আৰু পিছলৈ পল লিচ্ট বিশিষ্ট অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে। তেওঁ এইচ এইচ এম আইৰ তদন্তকাৰী হিচাপেও কাম কৰি আছে।৪
তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে টোপনি নিয়ন্ত্ৰণ কৰা স্নায়ু বৰ্তনী আৰু প্ৰিফ্ৰণ্টেল কৰ্টেক্সৰ কাৰ্য্য। তেওঁৰ গৱেষণা দলে প্ৰমাণ কৰে যে মগজুৰ মেডুলা অব্লংগেটা অঞ্চলৰ নিৰ্দিষ্ট নিউৰণ সক্ৰিয় হ’লে টোপনি আৰু খাদ্য গ্ৰহণৰ আচৰণ নিয়ন্ত্ৰণ হয়। এই গৱেষণা বিখ্যাত বৈজ্ঞানিক আলোচনী Natureত প্ৰকাশিত হৈছিল।৫
২০১৮ চনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল, যি বিজ্ঞানৰ ক্ষেত্ৰত এক উচ্চতম সন্মান।৪
২০২৫ চনত আমেৰিকাত ৩৫ বছৰ কাম কৰাৰ পাছত তেওঁ চীনলৈ উভতি গৈ শ্বেনজেন মেডিকেল একাডেমী অৱ ৰিচাৰ্চ এণ্ড ট্ৰেন্সলেচনত জ্যেষ্ঠ তদন্তকাৰী হিচাপে নিযুক্ত হয়।৬
ব্যক্তিগত জীৱন
ডেন ইয়াঙৰ স্বামী হৈছে মু-মিং পূ, যি এগৰাকী প্ৰখ্যাত স্নায়ুবিজ্ঞানী আৰু তেওঁৰ প্ৰাক্তন শৈক্ষিক উপদেষ্টা। তেওঁলোক দুয়ো স্নায়ুবিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।৭
তথ্যসূত্ৰ
- ↑ Yang Dan. Howard Hughes Medical Institute
- ↑ Yang Dan. University of California, Berkeley
- ↑ (2016). Yang Dan. Neuron. পৃ. 1195–1196
- ↑ Yang Dan. National Academy of Sciences
- ↑ (2015). Control of REM sleep by ventral medulla GABAergic neurons. Nature. পৃ. 435–438
- ↑ (27 May 2025). Top sleep scientist Dan Yang leaves US for China role. South China Morning Post
- ↑ 无私奉献 甘为幕后. Institute of Neuroscience, Chinese Academy of Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াং ডেন” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৫০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।